--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাইলৈ পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৩১,৪৯০ টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। ১২৬ টা সমষ্টিৰ বাবে ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব।

ডিজিটেল ডেস্ক: কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ‘অসম বিধানসভা নিৰ্বাচন-২০২৬’৷ আঢ়ৈ কোটিৰো অধিক ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। EVMত বন্দী হ’ব ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৰাজ্যবাসীয়ে সাব্যস্ত কৰিবলৈ সাজু হৈছে ভোটদানৰ অধিকাৰ। 


কাইলৈ পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৩১,৪৯০ টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। ১২৬ টা সমষ্টিৰ বাবে ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব, যাৰ বাবে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল ইতিমধ্যে ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে।


ভোটদান কৰিবলৈ যাওতে প্ৰতিগৰাকী ভোটাৰে লগত নিজৰ ভোটাৰ কাৰ্ডখন লগত লৈ যাব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ (EPIC) থকা প্ৰতিজন ভোটাৰে ভোটদানৰ সময়ত উক্ত পৰিচয় পত্ৰ প্ৰদৰ্শন কৰাতো বাধ্যতামূলক।


কিন্তু যিসকল ভোটাৰৰ ভোটাৰ পৰিচয় পত্ৰ উপলব্ধ নহয়, তেওঁলোকে আয়োগে অনুমোদন কৰা তলত উল্লেখ কৰা ১২ বিধ বিকল্প নথিৰ যিকোনো এখন দেখুৱাই ভোটদান কৰিব পাৰিব—


১) আধাৰ কাৰ্ড

২) এমজিএনৰেগাৰ জব কাৰ্ড

৩) বেংক/ডাকঘৰৰ পাছবুক ( ফটোসহ )

৪) আয়ুষ্মান ভাৰত/স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড

৫) ড্ৰাইভিং লাইচেন্স

৬) পেন কাৰ্ড

৭) ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ স্মাৰ্ট কাৰ্ড

৮) ভাৰতীয় পাছপ’ৰ্ট

৯) পেঞ্চনৰ নথি ( ফটোসহ )

১০) চৰকাৰ/পিএছইউ/পাব্লিক লিমিটেড কোম্পানীৰ দ্বাৰা প্ৰদত্ত সেৱা পৰিচয় পত্ৰ

১১) সংসদ/বিধানসভা/বিধান পৰিষদৰ সদস্যসকলৰ বাবে প্ৰদত্ত চৰকাৰী পৰিচয় পত্ৰ

১২) ইউনিক ডিজেবিলিটি আইডি (ইউডিআইডি) কাৰ্ড


উল্লেখ্য যে, ভোটাৰৰ পৰিচয় স্পষ্টভাৱে নিশ্চিত কৰিব পাৰিলে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা নামৰ বানানৰ সামান্য ভুল উপেক্ষা কৰা হ’ব।আনহাতে,যদি EPIC-ত থকা ফটোৰ সৈতে ভোটাৰৰ সাদৃশ্য নাথাকে, তেন্তে তেওঁলোকে ওপৰত উল্লেখ কৰা বিকল্প নথিৰ যিকোনো এখন দাখিল কৰিব লাগিব।


সকলো ভোটাৰে সঠিক নথিপত্ৰসহ অহা ৯ এপ্ৰিল,২০২৬ তাৰিখ বৃহস্পতিবাৰে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু