--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাইলৈ পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৩১,৪৯০ টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। ১২৬ টা সমষ্টিৰ বাবে ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব।

ডিজিটেল ডেস্ক: কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ‘অসম বিধানসভা নিৰ্বাচন-২০২৬’৷ আঢ়ৈ কোটিৰো অধিক ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। EVMত বন্দী হ’ব ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৰাজ্যবাসীয়ে সাব্যস্ত কৰিবলৈ সাজু হৈছে ভোটদানৰ অধিকাৰ। 


কাইলৈ পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৩১,৪৯০ টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। ১২৬ টা সমষ্টিৰ বাবে ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব, যাৰ বাবে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল ইতিমধ্যে ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে।


ভোটদান কৰিবলৈ যাওতে প্ৰতিগৰাকী ভোটাৰে লগত নিজৰ ভোটাৰ কাৰ্ডখন লগত লৈ যাব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ (EPIC) থকা প্ৰতিজন ভোটাৰে ভোটদানৰ সময়ত উক্ত পৰিচয় পত্ৰ প্ৰদৰ্শন কৰাতো বাধ্যতামূলক।


কিন্তু যিসকল ভোটাৰৰ ভোটাৰ পৰিচয় পত্ৰ উপলব্ধ নহয়, তেওঁলোকে আয়োগে অনুমোদন কৰা তলত উল্লেখ কৰা ১২ বিধ বিকল্প নথিৰ যিকোনো এখন দেখুৱাই ভোটদান কৰিব পাৰিব—


১) আধাৰ কাৰ্ড

২) এমজিএনৰেগাৰ জব কাৰ্ড

৩) বেংক/ডাকঘৰৰ পাছবুক ( ফটোসহ )

৪) আয়ুষ্মান ভাৰত/স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড

৫) ড্ৰাইভিং লাইচেন্স

৬) পেন কাৰ্ড

৭) ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ স্মাৰ্ট কাৰ্ড

৮) ভাৰতীয় পাছপ’ৰ্ট

৯) পেঞ্চনৰ নথি ( ফটোসহ )

১০) চৰকাৰ/পিএছইউ/পাব্লিক লিমিটেড কোম্পানীৰ দ্বাৰা প্ৰদত্ত সেৱা পৰিচয় পত্ৰ

১১) সংসদ/বিধানসভা/বিধান পৰিষদৰ সদস্যসকলৰ বাবে প্ৰদত্ত চৰকাৰী পৰিচয় পত্ৰ

১২) ইউনিক ডিজেবিলিটি আইডি (ইউডিআইডি) কাৰ্ড


উল্লেখ্য যে, ভোটাৰৰ পৰিচয় স্পষ্টভাৱে নিশ্চিত কৰিব পাৰিলে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা নামৰ বানানৰ সামান্য ভুল উপেক্ষা কৰা হ’ব।আনহাতে,যদি EPIC-ত থকা ফটোৰ সৈতে ভোটাৰৰ সাদৃশ্য নাথাকে, তেন্তে তেওঁলোকে ওপৰত উল্লেখ কৰা বিকল্প নথিৰ যিকোনো এখন দাখিল কৰিব লাগিব।


সকলো ভোটাৰে সঠিক নথিপত্ৰসহ অহা ৯ এপ্ৰিল,২০২৬ তাৰিখ বৃহস্পতিবাৰে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ