--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰায় ৩০০ গৰাকী আলহীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে ঘৰখন পোহৰেৰে সজাই তোলা হৈছিল। কইনাই বিয়াৰ সাজ পিন্ধি দৰা অহাৰ মুহূৰ্ত গণি আছিল।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মিৰাট জিলাত এক মৰ্মান্তিক আৰু আচৰিত কৰা ঘটনা পোহৰলৈ আহিছে। বিয়াৰ সাজ পিন্ধি হাতত জেতুকালৈ এগৰাকী কইনাই দৰা আৰু বৰযাত্ৰীৰ বাবে অপেক্ষা কৰি ৰ’ল, কিন্তু নাহিল দৰা। পৰৱৰ্তী সময়ত জানিব পৰা গৈছে যে দৰা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ঘৰত তলা লগাই উধাও হৈছে।



জানিব পৰা মতে, মিৰাটৰ শ্যাম নগৰৰ বাসিন্দা এগৰাকী যুৱতীৰ সৈতে আৰিফ নামৰ এজন যুৱকৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। দুই পৰিয়ালৰ মাজত হোৱা আলোচনাৰ অন্তত ২ এপ্ৰিলত তেওঁলোকৰ নিকাহ (বিবাহ) সম্পন্ন হোৱাৰ দিন স্থিৰ কৰা হৈছিল।


বিয়া উপলক্ষে কইনাৰ ঘৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছিল। প্ৰায় ৩০০ গৰাকী আলহীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে ঘৰখন পোহৰেৰে সজাই তোলা হৈছিল। কইনাই বিয়াৰ সাজ পিন্ধি দৰা অহাৰ মুহূৰ্ত গণি আছিল। কিন্তু নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পিছতো যেতিয়া বৰযাত্ৰী আহি নাপালে, তেতিয়া কইনা পক্ষৰ লোক চিন্তিত হৈ পৰে।


দৰা আৰিফৰ মোবাইল ফোন চুইচ অফ পোৱাত কইনা পক্ষৰ কেইজনমান লোক তেওঁৰ ঘৰলৈ ৰাওনা হয়। কিন্তু তাত গৈ যি দৃশ্য দেখিলে সেয়া আছিল কল্পনাৰো অগোচৰ। দৰাৰ ঘৰৰ মূল দুৱাৰত তলা ওলমি আছিল আৰু গোটেই পৰিয়ালটো ঘৰ এৰি পলায়ন কৰিছিল।


এই ঘটনাই কইনাৰ পৰিয়ালটোক মানসিকভাৱে ভাঙি পেলাইছে। নিজ কন্যাক এনেদৰে প্ৰতাৰণা কৰা দেখি কইনাৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দৰ পৰিৱেশ কান্দোনৰ ৰোলত পৰিণত হয়।


এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে স্থানীয় থানাত দৰা আৰিফ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সামাজিক আৰু মানসিক মৰ্যাদা হানি কৰাৰ অভিযোগত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে, দৰাৰ পৰিয়ালৰ একাংশই এই বিবাহৰ বিৰোধিতা কৰি আহিছিল, যিয়ে এই পলায়নৰ আঁৰত এক ডাঙৰ কাৰণ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।


বৰ্তমান আৰক্ষীয়ে পলাতক দৰা আৰু তেওঁৰ পৰিয়ালৰ সন্ধান চলাই আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ