--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰায় ৩০০ গৰাকী আলহীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে ঘৰখন পোহৰেৰে সজাই তোলা হৈছিল। কইনাই বিয়াৰ সাজ পিন্ধি দৰা অহাৰ মুহূৰ্ত গণি আছিল।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মিৰাট জিলাত এক মৰ্মান্তিক আৰু আচৰিত কৰা ঘটনা পোহৰলৈ আহিছে। বিয়াৰ সাজ পিন্ধি হাতত জেতুকালৈ এগৰাকী কইনাই দৰা আৰু বৰযাত্ৰীৰ বাবে অপেক্ষা কৰি ৰ’ল, কিন্তু নাহিল দৰা। পৰৱৰ্তী সময়ত জানিব পৰা গৈছে যে দৰা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ঘৰত তলা লগাই উধাও হৈছে।



জানিব পৰা মতে, মিৰাটৰ শ্যাম নগৰৰ বাসিন্দা এগৰাকী যুৱতীৰ সৈতে আৰিফ নামৰ এজন যুৱকৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। দুই পৰিয়ালৰ মাজত হোৱা আলোচনাৰ অন্তত ২ এপ্ৰিলত তেওঁলোকৰ নিকাহ (বিবাহ) সম্পন্ন হোৱাৰ দিন স্থিৰ কৰা হৈছিল।


বিয়া উপলক্ষে কইনাৰ ঘৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছিল। প্ৰায় ৩০০ গৰাকী আলহীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে ঘৰখন পোহৰেৰে সজাই তোলা হৈছিল। কইনাই বিয়াৰ সাজ পিন্ধি দৰা অহাৰ মুহূৰ্ত গণি আছিল। কিন্তু নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পিছতো যেতিয়া বৰযাত্ৰী আহি নাপালে, তেতিয়া কইনা পক্ষৰ লোক চিন্তিত হৈ পৰে।


দৰা আৰিফৰ মোবাইল ফোন চুইচ অফ পোৱাত কইনা পক্ষৰ কেইজনমান লোক তেওঁৰ ঘৰলৈ ৰাওনা হয়। কিন্তু তাত গৈ যি দৃশ্য দেখিলে সেয়া আছিল কল্পনাৰো অগোচৰ। দৰাৰ ঘৰৰ মূল দুৱাৰত তলা ওলমি আছিল আৰু গোটেই পৰিয়ালটো ঘৰ এৰি পলায়ন কৰিছিল।


এই ঘটনাই কইনাৰ পৰিয়ালটোক মানসিকভাৱে ভাঙি পেলাইছে। নিজ কন্যাক এনেদৰে প্ৰতাৰণা কৰা দেখি কইনাৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দৰ পৰিৱেশ কান্দোনৰ ৰোলত পৰিণত হয়।


এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে স্থানীয় থানাত দৰা আৰিফ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সামাজিক আৰু মানসিক মৰ্যাদা হানি কৰাৰ অভিযোগত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে, দৰাৰ পৰিয়ালৰ একাংশই এই বিবাহৰ বিৰোধিতা কৰি আহিছিল, যিয়ে এই পলায়নৰ আঁৰত এক ডাঙৰ কাৰণ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।


বৰ্তমান আৰক্ষীয়ে পলাতক দৰা আৰু তেওঁৰ পৰিয়ালৰ সন্ধান চলাই আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু