--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বীটত থকা আইৰণে তেজত হিম'গ্ল'বিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে আৰু লিভাৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি তেজ পৰিষ্কাৰ ৰাখে।

ডিজিটেল ডেস্ক: বীট বা বীটৰুট (Beetroot) হ’ল পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এক শক্তিশালী পাচলি৷ বীটৰ পৰা বিভিন্ন ধৰণৰ ব্যঞ্জন সহজে ইয়াৰে তৈয়াৰ কৰিব পাৰি। বীটৰ তৰকাৰী, বীটৰ চালাড আদি বিচৰা মতে সকলো ধৰণৰ খাদ্য তৈয়াৰ কৰিব পাৰি ইয়াৰ দ্বাৰা। বীট এক সুস্বাদু স্বাস্থ্যকৰ পাচলি। বীটৰুটত অতি ভাল পৰিমাণত ফছফৰাছ, পটাছিয়াম আৰু আইৰণ থাকে। 


এই পুষ্টিবোৰে তেজ বৃদ্ধি কৰাৰ লগতে যকৃতক শক্তিশালী কৰি ৰখাত সহায় কৰে। সঠিক পৰিমাণৰ বীটৰ ৰস বা চালাড খালে নিয়মীয়াকৈ যকৃত পৰিষ্কাৰ হয়। বিশেষকৈ যদি আপোনাৰ চৰ্বিযুক্ত যকৃতৰ সমস্যা আছে, তেনেহ'লে আপুনি বীটৰুট খাব পাৰে। বীট দাইলত দি আৰু ভাজিও খাব পাৰি। এনেকৈ খালেও ইয়াৰ পুষ্টিকৰ উপাদান পোৱা যায় যিটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।


বীটৰ উপকাৰিতা


১) তেজ চাফা কৰা, উচ্চ ৰক্তচাপ হ্ৰাস কৰা, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা, আৰু শৰীৰত শক্তি যোগোৱাত সহায় কৰে বীটে। 


২) ইয়াত থকা নাইট্ৰেট আৰু পটাছিয়ামে তেজৰ সঞ্চালন বৃদ্ধি কৰে, আনহাতে ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণাগুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ইয়াক চালাড বা ৰস হিচাপে গ্ৰহণ কৰা উত্তম।


৩)বীটত থকা নাইট্ৰেটে তেজৰ চাপ (Blood pressure) হ্ৰাস কৰি হৃদৰোগৰ সম্ভাৱনা কমায়৷


৪) বীটত থকা আইৰণে তেজত হিম'গ্ল'বিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে আৰু লিভাৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি তেজ পৰিষ্কাৰ ৰাখে।


৫) শাৰীৰিক শক্তি বৃদ্ধিকাৰক: এথলেট বা খেলুৱৈসকলৰ বাবে বীটৰ ৰস উপকাৰী, কাৰণ ই পেশীৰ অক্সিজেন ব্যৱহাৰৰ ক্ষমতা বঢ়ায় 


৬) হজম শক্তি উন্নত কৰা: ইয়াত থকা আঁহে (Fiber) কোষ্ঠকাঠিন্য দূৰ কৰে আৰু হজম প্ৰক্ৰিয়া সুস্থ কৰি ৰাখে৷


৭) বীটত থকা ভিটামিন C আৰু এণ্টি-অক্সিডেন্টে ছাল উজ্জ্বল কৰে আৰু অকাল বাৰ্ধক্য ৰোধ কৰে।


৮) কম কেলৰি আৰু কম গ্লাইচেমিক ইণ্ডেক্স থকাৰ বাবে ই ডায়েবেটিচ ৰোগীৰ বাবেও উপকাৰী৷


৯) বীটৰ ৰসে শৰীৰত বেয়া কলেষ্টেৰল ধমনীত জমা হ’বলৈ নিদিয়ে। ইয়াক সেৱন কৰিলে হৃদ আক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হয়। 


১০) বীটৰুটত বিটিন নামৰ পুষ্টি থাকে যিয়ে শৰীৰত কৰ্কট ৰোগ আৰু টিউমাৰ সৃষ্টি হ'বলৈ নিদিয়ে। ইয়াৰ উপৰিও, ই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র