--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৯৭২ চনৰ ডিচেম্বৰত এপল' ১৭ অভিযানৰ পাছত এই প্ৰথমবাৰ মানুহ চন্দ্রলৈ যাব বাবেই এই অভিযান ঐতিহাসিক।

ডিজিটেল ডেস্ক: কালি ইন্টিগ্রিটি নামৰ কেপছুলত উঠি চাৰিজন মহাকাশচাৰীয়ে পৃথিৱীৰ কক্ষপথ এৰি আৰমেটিছ-২ চন্দ্র অভিযান আৰম্ভ কৰে। এই অভিযান হৈছে ৫৪ বছৰৰ পাছত প্রথম মানুহ যোৱা চন্দ্ৰ অভিযান। 


১৯৭২ চনৰ ডিচেম্বৰত এপল' ১৭ অভিযানৰ পাছত এই প্ৰথমবাৰ মানুহ চন্দ্রলৈ যাব বাবেই এই অভিযান ঐতিহাসিক। কিন্তু এই বিশেষ কথাটোৰ বাহিৰেও এই অভিযানৰ সৈতে আন কেইবাটাও বিশেষ কথা আছে। চন্দ্ৰৰ সিপাৰে ৬,৪০০ কিল'মিটাৰ আঁতৰলৈ উৰি আৰমেটিছ-২এ পৃথিৱীৰ পৰা সৰ্বাধিক আঁতৰলৈ উৰা এপল'-১৩ৰ অভিলেখ ভংগ কৰিব বুলি ভবা হৈছে। প্রতি ঘণ্টাত প্রায় ৪০ হাজাৰ কিল'মিটাৰ এটম'স্ফেৰিক ৰি-এন্ট্রি বেগেৰে এইখন হ'ব ইতিহাসত আটাইতকৈ দ্রুতবেগী মানুহ থকা মহাকাশ যান। 


উল্লেখযোগ্য যে এটম'স্ফেৰিক ৰি-এন্ট্রি বেগ হৈছে এখন যানে মহাকাশৰ পৰা কোনো গ্রহ-উপগ্ৰহৰ বায়ুমণ্ডল/পৰিৱেশত যি বেগেৰে প্ৰৱেশ কৰে। কিন্তু এই অভিযানত যি পৰীক্ষা কৰিবলৈ যোৱা হৈছে তালৈ চাই এই অভিলেখ নগণ্য। মহাকাশ যানত মানুহ থাকোঁতে লাইফ ছাপ'র্ট, দিশ নির্ণয় আৰু যোগাযোগ ব্যৱস্থাকে ধৰি মহাকাশৰ কিমান গভীৰলৈ যোৱাৰ ক্ষমতা নাছাৰ আছে সেয়া প্ৰথমবাৰৰ বাবে আৰমেটিছ-২এ পৰীক্ষা কৰিব। সফল পৰীক্ষাই অধিক সুৰক্ষিত আৰু অধিক দক্ষতাৰে মহাকাশৰ গভীৰলৈ কৰা ভ্ৰমণৰ নিশ্চয়তা দিব। ইয়াৰ ফলত কেৱল চন্দ্ৰ অভিযানৰেই উপকাৰ নহ'ব, মঙল গ্ৰহত মানুহক অৱতৰণ কৰোৱাৰ নাছাৰ উচ্চাকাংক্ষাক কাষলৈ চপাই ভৱিষ্যতৰ আন্তঃগ্ৰহ অন্বেষণত সহায় কৰিব।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ