--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৯৭২ চনৰ ডিচেম্বৰত এপল' ১৭ অভিযানৰ পাছত এই প্ৰথমবাৰ মানুহ চন্দ্রলৈ যাব বাবেই এই অভিযান ঐতিহাসিক।

ডিজিটেল ডেস্ক: কালি ইন্টিগ্রিটি নামৰ কেপছুলত উঠি চাৰিজন মহাকাশচাৰীয়ে পৃথিৱীৰ কক্ষপথ এৰি আৰমেটিছ-২ চন্দ্র অভিযান আৰম্ভ কৰে। এই অভিযান হৈছে ৫৪ বছৰৰ পাছত প্রথম মানুহ যোৱা চন্দ্ৰ অভিযান। 


১৯৭২ চনৰ ডিচেম্বৰত এপল' ১৭ অভিযানৰ পাছত এই প্ৰথমবাৰ মানুহ চন্দ্রলৈ যাব বাবেই এই অভিযান ঐতিহাসিক। কিন্তু এই বিশেষ কথাটোৰ বাহিৰেও এই অভিযানৰ সৈতে আন কেইবাটাও বিশেষ কথা আছে। চন্দ্ৰৰ সিপাৰে ৬,৪০০ কিল'মিটাৰ আঁতৰলৈ উৰি আৰমেটিছ-২এ পৃথিৱীৰ পৰা সৰ্বাধিক আঁতৰলৈ উৰা এপল'-১৩ৰ অভিলেখ ভংগ কৰিব বুলি ভবা হৈছে। প্রতি ঘণ্টাত প্রায় ৪০ হাজাৰ কিল'মিটাৰ এটম'স্ফেৰিক ৰি-এন্ট্রি বেগেৰে এইখন হ'ব ইতিহাসত আটাইতকৈ দ্রুতবেগী মানুহ থকা মহাকাশ যান। 


উল্লেখযোগ্য যে এটম'স্ফেৰিক ৰি-এন্ট্রি বেগ হৈছে এখন যানে মহাকাশৰ পৰা কোনো গ্রহ-উপগ্ৰহৰ বায়ুমণ্ডল/পৰিৱেশত যি বেগেৰে প্ৰৱেশ কৰে। কিন্তু এই অভিযানত যি পৰীক্ষা কৰিবলৈ যোৱা হৈছে তালৈ চাই এই অভিলেখ নগণ্য। মহাকাশ যানত মানুহ থাকোঁতে লাইফ ছাপ'র্ট, দিশ নির্ণয় আৰু যোগাযোগ ব্যৱস্থাকে ধৰি মহাকাশৰ কিমান গভীৰলৈ যোৱাৰ ক্ষমতা নাছাৰ আছে সেয়া প্ৰথমবাৰৰ বাবে আৰমেটিছ-২এ পৰীক্ষা কৰিব। সফল পৰীক্ষাই অধিক সুৰক্ষিত আৰু অধিক দক্ষতাৰে মহাকাশৰ গভীৰলৈ কৰা ভ্ৰমণৰ নিশ্চয়তা দিব। ইয়াৰ ফলত কেৱল চন্দ্ৰ অভিযানৰেই উপকাৰ নহ'ব, মঙল গ্ৰহত মানুহক অৱতৰণ কৰোৱাৰ নাছাৰ উচ্চাকাংক্ষাক কাষলৈ চপাই ভৱিষ্যতৰ আন্তঃগ্ৰহ অন্বেষণত সহায় কৰিব।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু