--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰে আমাৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই কয়। হাতৰ পৰা ভৰিলৈকে আমাৰ শৰীৰৰ সকলো অংগই কিবা নহয় কিবা ইংগিত বহন কৰে। হাতৰ সৰু আঙুলিটোৱে আমাৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই কয়। সৰু আঙুলিটোক কনিষ্ঠ আঙুলি বুলি কোৱা হয়। এই লেখাটোত আমি তিনি প্ৰকাৰৰ সৰু আঙুলিৰ বিষয়ে ক’ম। যি আঙুলিৰ লগত আপোনাৰ আঙুলি মিলে, তাৰ লগত আপোনাৰ ব্যক্তিত্ব মিলাই চাওক।আহক আমাৰ আঙুলিটো পৰীক্ষা কৰি জানো আমাৰ ব্যক্তিত্ব কেনেকুৱা।

(১) ৰিংফিংগাৰ বা অনামিকা আঙুলিতকৈ দীঘলঃ যদি আপোনাৰ সৰু আঙুলিটো আপোনাৰ অনামিকা আঙুলিতকৈ দীঘল হয়, তেন্তে আপুনি এজন অতি উদাৰ ব্যক্তি। কাৰোবাক কিবা দিয়াৰ আগতে, নিজৰ কথা নাভাবে আৰু নিস্বাৰ্থভাৱে কাম কৰে। এনে ব্যক্তি কেৱল নিস্বাৰ্থ হোৱাই নহয়, বুদ্ধিমানো হয়। যদি আপোনাৰ সৰু আঙুলিটো ৰিং ফিংগাৰতকৈ দীঘল হয়, তেন্তে আপুনি সকলোৰে কথা শুনে কিন্তু ভালদৰে বিবেচনা কৰি নিজৰ সিদ্ধান্ত লয়। এনে আঙুলি থকা মানুহ আত্মবিশ্বাসেৰে ভৰি থাকে। এই মানুহবোৰে সদায় সঁচাটো ভাল পায়, এই মানুহবোৰে ছলনা ভাল নাপায়।

(২) ৰিংফিংগাৰ বা অনামিকা আঙুলিতকৈ বহুত সৰুঃ যদি সৰু আঙুলিটো ৰিং ফিংগাৰতকৈ সৰু হয়, তেন্তে আপুনি এজন অতি আৱেগিক ব্যক্তি। এনে লোকে আনৰ প্ৰতি দয়া দেখুৱাবলৈ, দুখীয়া আৰু নিপীড়িত মানুহক সহায় কৰিবলৈ খৰখেদা কৰে। নিজৰ ইচ্ছাৰ বাহিৰে আনৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰে। এনে লোকে আনৰ পৰা পায় অত্যন্ত শ্ৰদ্ধা আৰু মৰম। এওঁলোক নিস্বাৰ্থ। হৃদয় ভাঙি যোৱাৰ আগতে নিজক চম্ভালি লবও জানে। এনে মানুহে সোনকালে ক্ষমা কৰে কিন্তু প্ৰতাৰণা কৰা সকলক কেতিয়াও নাপাহৰে।

(৩) ৰিংফিংগাৰ বা অনামিকা আঙুলিৰ সমতুল্যঃ যদি কনিষ্ঠ আঙুলি আৰু অনামিকা আঙুলি সমান হয়, তেন্তে আপুনি এজন অতি ভাৰসাম্যপূৰ্ণ ব্যক্তি। এনে আঙুলিৰ মানুহে সকলোৰে লগত সমানে আগবাঢ়িব বিচাৰে। এইসকল লোক শান্ত আৰু কাজিয়াৰ পৰা আঁতৰি থাকি ভাল পায়। অসুবিধাবোৰ সহজে অতিক্ৰম কৰে, নিজৰ লক্ষ্যত মনোনিৱেশ কৰে আৰু নিজৰ লক্ষ্যৰ পৰা সহজে আঁতৰি নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু