--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তন্নু সিং স্বামী ৰাহুল সিঙৰ সৈতে ইন্দিৰানগৰত বাস কৰিছিল। তন্নু মডেলিঙৰ প্ৰতি আকৰ্ষিত আছিল আৰু নিজৰ চেহেৰাৰ প্ৰতি অতি সচেতন আছিল।

ডিজিটেল ডেস্ক: স্বামীয়ে ধেমালি কৰাই কাল হ’ল এগৰাকী পত্নীৰ। স্বামীয়ে ধেমালিতে পত্নীক জোকাইছিল বান্দৰী বুলি। সেই কথাতে মানসিক আঘাত পাই পত্নীগৰাকীয়ে আত্মহত্যা কৰে। লক্ষ্ণৌৰ ইন্দিৰানগৰত সংঘটিত হৈছে এই ঘটনা। পৰিয়ালটোৰ মাজত আন কোনো বিবাদ নাছিল, সকলোৱে সুখেৰে আছিল। স্বামীয়ে কৰা ধেমালি সহিব নোৱাৰি তন্নু সিং(২৮) নামৰ মহিলাগৰাকীয়ে নিজৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত লয়।


তন্নু সিং স্বামী ৰাহুল সিঙৰ সৈতে ইন্দিৰানগৰত বাস কৰিছিল। তন্নু মডেলিঙৰ প্ৰতি আকৰ্ষিত আছিল আৰু নিজৰ চেহেৰাৰ প্ৰতি অতি সচেতন আছিল। তন্নুৰ নিজ ভগ্নী অঞ্জলিয়ে জনোৱা মতে, বুধবাৰে সন্ধিয়া সীতাপুৰৰ এজন আত্মীয়ৰ ঘৰৰ পৰা পৰিয়ালটো আনন্দৰে ঘৰলৈ উভতি আহিছিল। আহি পোৱাৰ পিছত সকলোৱে ঘৰতে বহি ধেমালি কৰি আছিল। 


অঞ্জলিয়ে কয় যে ভিনদেউৱে ধেমালি কৰি আছিল মোৰ বাইদেউৰ সৈতে। ভিনদেউৱে বাইদেউক বান্দৰী বুলি জোকাইছিল। কিন্তু এই ধেমালি যে তেওঁ সহিব নোৱাৰি আত্মহত্যা কৰিব সেয়া আমি সপোনতো ভাবিব নোৱাৰা কথা। 


উল্লেখ্য যে স্বামীয়ে তন্নু সিঙক জোকোৱাৰ পাছত তন্নুৱে খং কৰি নিজৰ কোঠালৈ সোমাই যায়। ঘৰৰ মানুহে ভাবিছিল তেওঁ অলপ পিছতে বুজিব, গতিকে কোনেও তেওঁক কোঠালৈ গৈ আমনি নকৰিলে। প্ৰায় এঘণ্টাৰ পিছত যেতিয়া তন্নুক ৰাতিৰ আহাৰ খাবলৈ মাতিলে আৰু কোনো সঁহাৰি নাপালে তেতিয়া পৰিয়ালৰ লোক চিন্তিত হৈ পৰিল। দুৱাৰখন ভাঙি পৰিয়ালৰ লোক সোমাই যোৱাৰ লগে লগে তন্নুক চিলিং ফেনত ওলমি থকা অৱস্থাত দেখা পায়।


লগে লগে আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে। ইন্দিৰানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষা কৰি পিছত পৰিয়ালক গতাই দিয়ে।


আৰক্ষীৰ তদন্ত চলি আছে, এতিয়ালৈকে কোনো অভিযোগ দাখিল কৰা হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, যদি পৰিয়ালৰ কোনোৱে অভিযোগ দাখিল কৰে তেন্তে সেই তথ্যৰ ভিত্তিত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰতিটো দিশৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ