--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তন্নু সিং স্বামী ৰাহুল সিঙৰ সৈতে ইন্দিৰানগৰত বাস কৰিছিল। তন্নু মডেলিঙৰ প্ৰতি আকৰ্ষিত আছিল আৰু নিজৰ চেহেৰাৰ প্ৰতি অতি সচেতন আছিল।

ডিজিটেল ডেস্ক: স্বামীয়ে ধেমালি কৰাই কাল হ’ল এগৰাকী পত্নীৰ। স্বামীয়ে ধেমালিতে পত্নীক জোকাইছিল বান্দৰী বুলি। সেই কথাতে মানসিক আঘাত পাই পত্নীগৰাকীয়ে আত্মহত্যা কৰে। লক্ষ্ণৌৰ ইন্দিৰানগৰত সংঘটিত হৈছে এই ঘটনা। পৰিয়ালটোৰ মাজত আন কোনো বিবাদ নাছিল, সকলোৱে সুখেৰে আছিল। স্বামীয়ে কৰা ধেমালি সহিব নোৱাৰি তন্নু সিং(২৮) নামৰ মহিলাগৰাকীয়ে নিজৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত লয়।


তন্নু সিং স্বামী ৰাহুল সিঙৰ সৈতে ইন্দিৰানগৰত বাস কৰিছিল। তন্নু মডেলিঙৰ প্ৰতি আকৰ্ষিত আছিল আৰু নিজৰ চেহেৰাৰ প্ৰতি অতি সচেতন আছিল। তন্নুৰ নিজ ভগ্নী অঞ্জলিয়ে জনোৱা মতে, বুধবাৰে সন্ধিয়া সীতাপুৰৰ এজন আত্মীয়ৰ ঘৰৰ পৰা পৰিয়ালটো আনন্দৰে ঘৰলৈ উভতি আহিছিল। আহি পোৱাৰ পিছত সকলোৱে ঘৰতে বহি ধেমালি কৰি আছিল। 


অঞ্জলিয়ে কয় যে ভিনদেউৱে ধেমালি কৰি আছিল মোৰ বাইদেউৰ সৈতে। ভিনদেউৱে বাইদেউক বান্দৰী বুলি জোকাইছিল। কিন্তু এই ধেমালি যে তেওঁ সহিব নোৱাৰি আত্মহত্যা কৰিব সেয়া আমি সপোনতো ভাবিব নোৱাৰা কথা। 


উল্লেখ্য যে স্বামীয়ে তন্নু সিঙক জোকোৱাৰ পাছত তন্নুৱে খং কৰি নিজৰ কোঠালৈ সোমাই যায়। ঘৰৰ মানুহে ভাবিছিল তেওঁ অলপ পিছতে বুজিব, গতিকে কোনেও তেওঁক কোঠালৈ গৈ আমনি নকৰিলে। প্ৰায় এঘণ্টাৰ পিছত যেতিয়া তন্নুক ৰাতিৰ আহাৰ খাবলৈ মাতিলে আৰু কোনো সঁহাৰি নাপালে তেতিয়া পৰিয়ালৰ লোক চিন্তিত হৈ পৰিল। দুৱাৰখন ভাঙি পৰিয়ালৰ লোক সোমাই যোৱাৰ লগে লগে তন্নুক চিলিং ফেনত ওলমি থকা অৱস্থাত দেখা পায়।


লগে লগে আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে। ইন্দিৰানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষা কৰি পিছত পৰিয়ালক গতাই দিয়ে।


আৰক্ষীৰ তদন্ত চলি আছে, এতিয়ালৈকে কোনো অভিযোগ দাখিল কৰা হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, যদি পৰিয়ালৰ কোনোৱে অভিযোগ দাখিল কৰে তেন্তে সেই তথ্যৰ ভিত্তিত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰতিটো দিশৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু