--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই 'ভব্য' আঁচনিৰ অধীনত দেশত বিশ্বস্তৰীয় ঔদ্যোগিক আন্তঃগাঁথনিৰ পৰিকল্পনা কৰা হৈছে।

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যত আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ বাবে দেশত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ মাজতে দেশৰ ঘৰুৱা উদ্যোগসমূহলৈ কেন্দ্ৰীয় চৰকাৰে সুখবৰ দিছে। কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ভাৰত ঔদ্যোগিক বিকাশ যোজনা (ভব্য) ক অনুমোদন দিয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে এই সিদ্ধান্ত লয়।


২০২৬ চনৰ কেন্দ্রীয় বাজেটত লোৱা প্রস্তাব অনুসৰি এই 'ভব্য' আঁচনিৰ অধীনত সমগ্র দেশজুৰি ১০০খন ঔদ্যোগিক পার্ক বিকশিত কৰা হ'ব আৰু ইয়াৰ বাবে কেন্দ্রীয় কেবিনেটে ৩৩,৬৬০ কোটি টকা আবণ্টন দিয়ে। 


এই 'ভব্য' আঁচনিৰ অধীনত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আৰু ব্যক্তিগত প্রতিষ্ঠানৰ সৈতে একেলগে প্রকল্পসমূহ বিকশিত কৰা হ'ব। কেন্দ্রীয় কেবিনেটৰ এই সিদ্ধান্তক সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে কয় যে দেশত উৎপাদন আৰু ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে সমগ্র দেশত ১০০খন 'প্লাগ এন্ড প্লে' ইন্ডাষ্ট্রিয়েল পার্ক বিকশিত কৰা হ'ব। এই 'ভব্য' আঁচনিৰ জৰিয়তে সমগ্র উদ্যোগ খণ্ডত ১৫ লাখ প্রত্যক্ষ চাকৰিৰ সৃষ্টি হোৱাৰ লগতে ঔদ্যোগিক সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যাপক পৰিসৰত সমর্থন যোগাব। এই 'ভব্য' আঁচনিৰ অধীনত দেশত বিশ্বস্তৰীয় ঔদ্যোগিক আন্তঃগাঁথনিৰ পৰিকল্পনা কৰা হৈছে। 


এই আঁচনিৰ অধীনত ১০০ৰ পৰা ১০০০ একৰ ভূমিৰ ব্যাসার্ধত ঔদ্যোগিক পার্ক বিকশিত কৰা হ'ব আৰু প্রতি একৰত ১ কোটি টকাকৈ বিত্তীয় সাহায্য দিয়া হ'ব। এই ঔদ্যোগিক পার্কসমূহত অভ্যন্তৰীণ পথ, আণ্ডাৰগ্ৰাউণ্ড সুবিধা, নলা-নিষ্কাষণ পদ্ধতি, সামূহিক চিকিৎসা কেন্দ্র, আই চি টি নেটৱৰ্ক আৰু প্রশাসনিক ব্যৱস্থা আদি থাকিব। এই পার্কত মূল্য সংযোজিত আন্তঃগাঁথনি, যেনে- কাৰখানা, নিৰ্মাণ শাখা, পৰীক্ষণ লেবৰেটৰী, ৱেৰহাউছ আৰু সামাজিক সা-সুবিধা, যেনে- শ্রমিকৰ বাবে গৃহ আদি থাকিব। 


কেন্দ্রীয় মন্ত্রী বৈষ্ণরে কয় যে এই ঔদ্যোগিক পাৰ্কৰ বাহ্যিক আন্তঃগাঁথনিৰ বাবে প্রকল্প ব্যয়ৰ ২৫% সমর্থন দিব কেন্দ্ৰীয় চৰকাৰে যাতে বর্তিত নেটৱৰ্কৰ সৈতে এটা অবিৰত যোগাযোগ ৰক্ষা কৰিব পাৰে। ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ বিকাশ কাৰ্যসূচীৰ অধীনত বিকশিত কৰা ঔদ্যোগিক স্মার্ট চিটিসমূহৰ দৰে এই 'ভব্য' আঁচনি ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগীৰ অংশীদাৰিত্বত ৰূপায়ণ কৰা হ'ব। মন্ত্রী বৈষ্ণৱে কয় যে এই পদক্ষেপৰ জৰিয়তে ঘৰুৱা উদ্যোগীৰ বাবে সহজে ব্যৱসায় কৰা, বিনিয়োগ অনুকূল ব্যৱস্থাৰ দিশত ৰাজ্য চৰকাৰসমূহৰ দ্বাৰা কাৰ্যপন্থা ৰূপায়ণ কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ