ডিজিটেল ডেস্ক: মথুৰাৰ যমুনা এক্সপ্ৰেছৱেত শুকুৰবাৰে মাজনিশা এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়। দিল্লীৰ পৰা ছত্ৰপুৰ অভিমুখে গৈ থকা এখন নৈশ শ্লিপাৰ বাচত হঠাতে নিশা ১.৩০ বজাত জুই লাগি যায়। কিছু সময়ৰ ভিতৰতে জুইয়ে সমগ্ৰ বাচখন আগুৰি ধৰে আৰু জুইৰ শিখা প্ৰায় ২০ ফুট উচ্চতালৈকে উঠে। বাছত জুই লগা দেখি যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় আৰু সকলোৱে প্ৰাণৰক্ষাৰ বাবে বাছখনৰ পৰা ওলাই আহিবলৈ ধৰে।
তথ্য অনুসৰি, খাজুৰাহো ট্ৰেভেলছৰ বাছখন দিল্লীৰ কাশ্মীৰী গেটৰ পৰা মধ্য প্ৰদেশৰ ছত্ৰপুৰলৈ গৈ আছিল। বাছখনত ৪০ গৰাকী যাত্ৰী আছিল। পথত হঠাতে জুই লগা দেখা পাই চালক জিতেন্দ্ৰই লগে লগে বাছখন পথৰ কাষত ৰখাই দিয়ে। ইয়াৰ পিছত যাত্ৰীসকলক পলম নকৰাকৈ বাছৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনে। চালকজনৰ বুজন শক্তি আৰু সময়োপযোগী সিদ্ধান্তৰ বাবে বাছখনত থকা ৪০ গৰাকী যাত্ৰীৰে প্ৰাণ ৰক্ষা পৰে।
বাচখনত জুই ইমানেই দ্ৰুতগতিত বিয়পি পৰিছিল যে যাত্ৰীসকলে নিজৰ বেগ বা সামগ্ৰী উলিয়াবলৈ সুযোগ নাপালে। বাচখনত থকা সৰহভাগ সামগ্ৰী জুইত জাহ গৈ ছাই হৈ পৰে। দুৰ্ঘটনাৰ খবৰ পাই যমুনা এক্সপ্ৰেছৱেৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নুমুওৱাৰ কাম আৰম্ভ কৰে। প্ৰায় এঘণ্টাৰ চেষ্টাৰ অন্তত বাচখনত লগা জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহে।
আৰক্ষীয়ে জনায় যে বাছত জুই লগাৰ এই ঘটনাই কোনো প্ৰাণহানি ঘটোৱা নাই। সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে। দুৰ্ঘটনাটোৰ পিছত যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ পঠিওৱাৰ বাবে আন এখন বাছৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পিছতে সকলো যাত্ৰীকে আন এখন বাছযোগে পঠিওৱা হয়। চালক জিতেন্দ্ৰৰ সতৰ্কতাৰ বাবে ৰক্ষা পৰিল ৪০ গৰাকী যাত্ৰীৰ প্ৰাণ। প্ৰাৰম্ভিক তদন্তত শ্বৰ্ট চাৰ্কিট হৈয়ে বাচখনত জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।