--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ শক্তি আমদানি কৌশল নীতি হৈছে এটা সার্বভৌমত্ব সিদ্ধান্ত আৰু ইয়াৰ বাবে মার্কিন নিষেধাজ্ঞাই ভাৰতৰ আমদানি নীতিত প্রভাৱ নেপেলায়।

ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইৰানৰ পৰা তেল ক্ৰয়ৰ বাবে আমেৰিকাই সাময়িকভাৱে দিয়া ৰেহাইৰ সময় বৃদ্ধি নকৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছতেই ভাৰতে ঘোষণা কৰিছে যে ৰাছিয়াৰ পৰা তেল ক্রয় কৰাটো অব্যাহত ৰাখিব। 


উল্লেখযোগ্য যে মাৰ্চৰ আৰম্ভণিতেই আমেৰিকাই ঘোষণা কৰিছিল যে সাগৰত (জাহাজত) থকা ৰাছিয়া আৰু ইৰানৰ তেল বিক্ৰী কৰাত ৩০ দিনৰ বাবে সাময়িক ৰেহাই দিয়া হৈছিল। কিন্তু বুধবাৰে মার্কিন ট্রেজাৰী সচিব স্কট বেছান্তে কয় যে এইসাময়িক ৰেহাই আৰু সম্প্ৰসাৰণ কৰা নহ'ব।


ইফালে, ভাৰত চৰকাৰৰ সূত্রই প্রকাশ কৰা মতে, নিষেধাজ্ঞাত ৰেহাইৰ সময়সীমা বৃদ্ধি কৰা নকৰাটো মার্কিন প্রশাসনৰ এইটো নিজা ক্ষমতালব্ধ সিদ্ধান্ত আৰু এই সিদ্ধান্তই ভাৰতৰ আমদানি কৌশল নীতি নির্ধাৰণ কৰিব নোৱাৰে। 


ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব। ভাৰতৰ শক্তি আমদানি কৌশল নীতি হৈছে এটা সার্বভৌমত্ব সিদ্ধান্ত আৰু ইয়াৰ বাবে মার্কিন নিষেধাজ্ঞাই ভাৰতৰ আমদানি নীতিত প্রভাৱ নেপেলায়। আমেৰিকাই সাময়িক ৰেহাইৰ সময়সীমা বৃদ্ধি নকৰিবলৈ সিদ্ধান্ত লোৱাৰ সময়তে ভাৰতীয় শোধনাগাৰবোৰে ৰুছ খাৰুৱা তেল ক্ৰয়ৰ বাবে প্রস্তুতি চলাই আছে বুলি সূত্রসমূহে প্রকাশ কৰিছে।


সংবাদ প্রতিষ্ঠান মিল্টে প্রকাশ কৰা খবৰ অনুসৰি, ভাৰতীয় শোধনাগাৰবোৰে অষ্ট্ৰেলিয়া, ৰাছিয়া আৰু আমেৰিকাৰ পৰা ৮ লাখ টন এল পি জি লাভ কৰাৰ পাছত ভৱিষ্যৎ ক্ৰয়ৰ বাবে ইতিমধ্যে দৰ-দাম সম্পন্ন কৰিছে। গোলকীয় শক্তি আৰু সামুদ্রিক চোৰাংচোৱা প্রতিষ্ঠানৰ মতে, ২০২৬-ৰ মাৰ্চত ৰাছিয়াৰ পৰা প্রতিদিনে ১.৯৪-২.০৬ মিলিয়ন বেৰল খাৰুৱা তেল আমাদনি কৰে। ২০২৩-২৪ বৰ্ষত ভাৰত মুঠ খাৰুৱা তেল আমদানিৰ ভিতৰত ৩৫.৯%, ২০২৪-২৫ত ৩৫.৮% খাৰুৱাতেল ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল। 


উল্লেখযোগ্য যে যোৱা মাৰ্চত চীনৰ পাছতেই ভাৰতে দ্বিতীয় সর্ববৃহৎ আমদানিকাৰী দেশ হিচাপে ৰাছিয়াৰ পৰা জীৱাশ্ম ইন্ধন ক্রয় কৰিছিল। আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে বিভিন্ন উৎসৰ পৰা তেল ক্ৰয় কৰাটো অব্যাহত ৰাখিব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ