--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ শক্তি আমদানি কৌশল নীতি হৈছে এটা সার্বভৌমত্ব সিদ্ধান্ত আৰু ইয়াৰ বাবে মার্কিন নিষেধাজ্ঞাই ভাৰতৰ আমদানি নীতিত প্রভাৱ নেপেলায়।

ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইৰানৰ পৰা তেল ক্ৰয়ৰ বাবে আমেৰিকাই সাময়িকভাৱে দিয়া ৰেহাইৰ সময় বৃদ্ধি নকৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছতেই ভাৰতে ঘোষণা কৰিছে যে ৰাছিয়াৰ পৰা তেল ক্রয় কৰাটো অব্যাহত ৰাখিব। 


উল্লেখযোগ্য যে মাৰ্চৰ আৰম্ভণিতেই আমেৰিকাই ঘোষণা কৰিছিল যে সাগৰত (জাহাজত) থকা ৰাছিয়া আৰু ইৰানৰ তেল বিক্ৰী কৰাত ৩০ দিনৰ বাবে সাময়িক ৰেহাই দিয়া হৈছিল। কিন্তু বুধবাৰে মার্কিন ট্রেজাৰী সচিব স্কট বেছান্তে কয় যে এইসাময়িক ৰেহাই আৰু সম্প্ৰসাৰণ কৰা নহ'ব।


ইফালে, ভাৰত চৰকাৰৰ সূত্রই প্রকাশ কৰা মতে, নিষেধাজ্ঞাত ৰেহাইৰ সময়সীমা বৃদ্ধি কৰা নকৰাটো মার্কিন প্রশাসনৰ এইটো নিজা ক্ষমতালব্ধ সিদ্ধান্ত আৰু এই সিদ্ধান্তই ভাৰতৰ আমদানি কৌশল নীতি নির্ধাৰণ কৰিব নোৱাৰে। 


ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব। ভাৰতৰ শক্তি আমদানি কৌশল নীতি হৈছে এটা সার্বভৌমত্ব সিদ্ধান্ত আৰু ইয়াৰ বাবে মার্কিন নিষেধাজ্ঞাই ভাৰতৰ আমদানি নীতিত প্রভাৱ নেপেলায়। আমেৰিকাই সাময়িক ৰেহাইৰ সময়সীমা বৃদ্ধি নকৰিবলৈ সিদ্ধান্ত লোৱাৰ সময়তে ভাৰতীয় শোধনাগাৰবোৰে ৰুছ খাৰুৱা তেল ক্ৰয়ৰ বাবে প্রস্তুতি চলাই আছে বুলি সূত্রসমূহে প্রকাশ কৰিছে।


সংবাদ প্রতিষ্ঠান মিল্টে প্রকাশ কৰা খবৰ অনুসৰি, ভাৰতীয় শোধনাগাৰবোৰে অষ্ট্ৰেলিয়া, ৰাছিয়া আৰু আমেৰিকাৰ পৰা ৮ লাখ টন এল পি জি লাভ কৰাৰ পাছত ভৱিষ্যৎ ক্ৰয়ৰ বাবে ইতিমধ্যে দৰ-দাম সম্পন্ন কৰিছে। গোলকীয় শক্তি আৰু সামুদ্রিক চোৰাংচোৱা প্রতিষ্ঠানৰ মতে, ২০২৬-ৰ মাৰ্চত ৰাছিয়াৰ পৰা প্রতিদিনে ১.৯৪-২.০৬ মিলিয়ন বেৰল খাৰুৱা তেল আমাদনি কৰে। ২০২৩-২৪ বৰ্ষত ভাৰত মুঠ খাৰুৱা তেল আমদানিৰ ভিতৰত ৩৫.৯%, ২০২৪-২৫ত ৩৫.৮% খাৰুৱাতেল ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল। 


উল্লেখযোগ্য যে যোৱা মাৰ্চত চীনৰ পাছতেই ভাৰতে দ্বিতীয় সর্ববৃহৎ আমদানিকাৰী দেশ হিচাপে ৰাছিয়াৰ পৰা জীৱাশ্ম ইন্ধন ক্রয় কৰিছিল। আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে বিভিন্ন উৎসৰ পৰা তেল ক্ৰয় কৰাটো অব্যাহত ৰাখিব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু