--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত চিনহাটৰ ইণ্ডিয়ান অভাৰচিজ বেংকৰ লকাৰ কাটি কোটি টকাৰ চুৰি কাণ্ডত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। আৰক্ষীয়ে চুৰিৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাৰ লগত জড়িত আন ৪ জন দুষ্কৃতিকাৰীৰ সন্ধান অব্যাহত আছে। আৰক্ষীয়ে অভিযুক্তৰ পৰা উদ্ধাৰ কৰিছে সোণ-ৰূপৰ গহনা।

এই ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিবলৈ দিয়ে যে এই ডকাইতি কাণ্ড সাতটা দুস্কৃতিকাৰীয়ে একেলগে সংঘটিত কৰিছিল। অভিযুক্তই বেংকৰ পিছফালৰ দেৱাল ভাঙি বেংকৰ ৪০টাতকৈও অধিক লকাৰ কাটি বৃহৎ ডকাইতি সংঘটিত কৰে। এই গোচৰত এতিয়ালৈকে আৰক্ষীয়ে তিনিজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ পৰা ১ কেজি ৮৮৯ গ্ৰাম সোণ আৰু ১ কেজি ২৪০ গ্ৰাম ৰূপ উদ্ধাৰ কৰা হৈছে।

এই ঘটনাৰ লগত জড়িত চাৰি অভিযুক্ত বিহাৰৰ লক্ষীচৰাইৰ মিথুন কুমাৰ, সোবিন্দ কুমাৰ, ছানি দয়াল আৰু বিপিন কুমাৰ ভাৰ্মা পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ অভিযুক্তক জেৰা অব্যাহত ৰখাৰ বিপৰীতে বাকী অভিযুক্তক বিচাৰি আৰক্ষীৰ কেইবাটাও দল মোতায়েন কৰা হৈছে। যিয়ে অহৰহ সম্ভাৱ্য স্থানত অভিযান চলাই অভিযুক্তক গ্ৰেপ্তাৰ কৰি আছে।

চুৰিৰ গোচৰত ইণ্ডিয়ান অভাৰচিজ বেংকে এক বিবৃতি জাৰি কৰিছে। চুৰি কাণ্ডক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি বেংকে ক্ষিপ্ৰ আৰু কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰি ২৪ ঘণ্টাৰ ভিতৰত সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষী আৰু স্থানীয় প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ পিছতো এই ঘটনা সংঘটিত হৈছে যদিও আমি আমাৰ স্বাৰ্থৰ কথা মনত ৰাখিছো গ্ৰাহকসকলক প্ৰতিৰক্ষাৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ। তদন্ত প্ৰক্ৰিয়াত বেংকটোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। এই ঘটনাত আমি ক্ষতিগ্ৰস্ত গ্ৰাহকৰ সৈতে কথা পাতিছো তেওঁলোকক সহায় কৰিবলৈ।

বেংকে সকলো একাউণ্টধাৰীক আশ্বাস দিয়ে যে এনে ঘটনাৰ বীমা কভাৰেজ আছে আৰু আমাৰ গ্ৰাহক আৰু তেওঁলোকৰ সম্পত্তি সুৰক্ষিত কৰাটো বেংকৰ শীৰ্ষ প্রাধান্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ