--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতৰ মহিলা বৈমানিকে ৰচিলে ইতিহাস। এয়াৰ ইণ্ডিয়াৰ এটা মহিলা বৈমানিকৰ দলে দীৰ্ঘকালীন বিৰতিবিহীন ব্যৱসায়িক বিমান চালনাৰ জৰিয়তে শনিবাৰে ইতিহাস ৰচনা কৰে। আমেৰিকাৰ ছান ফ্ৰান্সিছকোৰ পৰা বেংগালুৰুলৈ বিৰতিবিহীনভাৱে ভাৰতীয় মহিলা বৈমানিকৰ দলটোৱে বিমান চালনা কৰে। দেশৰ বাবে এয়া এক গৰ্বৰ বিষয় বুলি অভিহিত কৰিছে এয়াৰ ইণ্ডিয়াই।

আৰু পঢ়িব পাৰিব : চীনত আবদ্ধ ভাৰতৰ ৩৯ নাৱিক উভতিব দেশলৈ

এয়াৰ ইণ্ডিয়াৰ কেপ্টেইন জয়া আগৰৱালে সংবাদ মাধ্যমৰ আগত কয় যে, ‘আমি ইতিহাস ৰচনাৰ বাবে উন্মুখ হৈ আছোঁ।’ ‘এয়া ১৬০০ কিলোমিটাৰৰ দূৰত্ব। আমি বিশ্বৰ দীৰ্ঘ সময়ৰ বিমান যাত্ৰালৈ বাট চাই আছোঁ। আমি মেৰু পথেৰে যাত্ৰা কৰাৰ চেষ্টা কৰি আছোঁ।’ এআই ১৭৬ নম্বৰৰ বিমানখনে আমেৰিকাৰ ছান ফ্ৰান্সিছকোৰ পৰা সন্ধিয়া ৮.৩০বজাত যাত্ৰা আৰম্ভ কৰিছে।

আৰু পঢ়িব পাৰিব : দেশৰ গণতন্ত্ৰ, সংবিধানৰ প্ৰতি সৃষ্টি হৈছে প্ৰচণ্ড ভাবুকি : পি চিদাম্বৰম

বিমানখনে বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোমবাৰে পুৱা ৩.৪৫ মিনিটত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। বিমানখনে যাত্ৰা আৰম্ভ কৰা বিমানখনৰ যাত্ৰা কালৰ সময় ১৭ ঘণ্টাৰো অধিক হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বিমানখনৰ সকলো বৈমানিক তথা কৰ্মীয়েই মহিলা। ইতিহাস সৃষ্টিকাৰী এয়াৰ ইণ্ডিয়াৰ দলটোৰ এই কৃতিত্বক অভিনন্দন জ্ঞাপন কৰিছে দেশৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদ্বীপ পুৰীয়ে। টুইটাৰত তেওঁ লিখিছে, ‘এয়াৰ ইণ্ডিয়াৰ নাৰী শক্তিয়ে বিশ্বত নতুন উচ্চতাত উৰণ সম্পন্ন কৰিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ