--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতৰ মহিলা বৈমানিকে ৰচিলে ইতিহাস। এয়াৰ ইণ্ডিয়াৰ এটা মহিলা বৈমানিকৰ দলে দীৰ্ঘকালীন বিৰতিবিহীন ব্যৱসায়িক বিমান চালনাৰ জৰিয়তে শনিবাৰে ইতিহাস ৰচনা কৰে। আমেৰিকাৰ ছান ফ্ৰান্সিছকোৰ পৰা বেংগালুৰুলৈ বিৰতিবিহীনভাৱে ভাৰতীয় মহিলা বৈমানিকৰ দলটোৱে বিমান চালনা কৰে। দেশৰ বাবে এয়া এক গৰ্বৰ বিষয় বুলি অভিহিত কৰিছে এয়াৰ ইণ্ডিয়াই।

আৰু পঢ়িব পাৰিব : চীনত আবদ্ধ ভাৰতৰ ৩৯ নাৱিক উভতিব দেশলৈ

এয়াৰ ইণ্ডিয়াৰ কেপ্টেইন জয়া আগৰৱালে সংবাদ মাধ্যমৰ আগত কয় যে, ‘আমি ইতিহাস ৰচনাৰ বাবে উন্মুখ হৈ আছোঁ।’ ‘এয়া ১৬০০ কিলোমিটাৰৰ দূৰত্ব। আমি বিশ্বৰ দীৰ্ঘ সময়ৰ বিমান যাত্ৰালৈ বাট চাই আছোঁ। আমি মেৰু পথেৰে যাত্ৰা কৰাৰ চেষ্টা কৰি আছোঁ।’ এআই ১৭৬ নম্বৰৰ বিমানখনে আমেৰিকাৰ ছান ফ্ৰান্সিছকোৰ পৰা সন্ধিয়া ৮.৩০বজাত যাত্ৰা আৰম্ভ কৰিছে।

আৰু পঢ়িব পাৰিব : দেশৰ গণতন্ত্ৰ, সংবিধানৰ প্ৰতি সৃষ্টি হৈছে প্ৰচণ্ড ভাবুকি : পি চিদাম্বৰম

বিমানখনে বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোমবাৰে পুৱা ৩.৪৫ মিনিটত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। বিমানখনে যাত্ৰা আৰম্ভ কৰা বিমানখনৰ যাত্ৰা কালৰ সময় ১৭ ঘণ্টাৰো অধিক হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বিমানখনৰ সকলো বৈমানিক তথা কৰ্মীয়েই মহিলা। ইতিহাস সৃষ্টিকাৰী এয়াৰ ইণ্ডিয়াৰ দলটোৰ এই কৃতিত্বক অভিনন্দন জ্ঞাপন কৰিছে দেশৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদ্বীপ পুৰীয়ে। টুইটাৰত তেওঁ লিখিছে, ‘এয়াৰ ইণ্ডিয়াৰ নাৰী শক্তিয়ে বিশ্বত নতুন উচ্চতাত উৰণ সম্পন্ন কৰিছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ