--°C
Loading...
Listen to Article
2 min read
80%

বান্দ্ৰা : মহাৰাষ্ট্ৰৰ বান্দ্ৰাৰ এখন হাস্পতালত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। হাস্পতালখনত পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত দহটিকৈ শিশুৰ মৃত্যু হৈছে। এই লোমহৰ্ষক ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক ‘হৃদয় বিদাৰক ট্ৰেজেডি’ আখ্যা দি শোক প্ৰকাশ কৰিছে। হাস্পতালখনৰ ‘স্পেচিয়েল নিউবৰ্ণ কেয়াৰ ইউনিট’ত ১৭টি নৱজাতক চিকিৎসাধীন গৈ আছিল।

আৰু পঢ়িব পাৰিব : কাৰাৰুদ্ধ অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি : ৯০ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন…

মুম্বাইৰ পৰা ৯০০ কিলোমিটাৰ আঁতৰত অৱস্থিত চাৰিমহলীয়া হাস্পতালখনত অগ্নিকাণ্ড সংঘটিত হয়। ১৭টি শিশুৰ ভিতৰত ৭টিক অগ্নিকাণ্ডৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আন শিশুকেইটিক উদ্ধাৰ কৰা সম্ভৱ নহ’ল। এই ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে, ‘মহাৰাষ্ট্ৰৰ বান্দ্ৰাৰ ঘটনা হৃদয়বিদাৰক। আমি কেইবাটিও শিশুৰ অমূল্য জীৱন হেৰুৱাবলগীয়া হ’ল। ভুক্তভুগী পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰো আশু আৰোগ্য কামনা কৰিছোঁ।’

আৰু পঢ়িব পাৰিব : দেশদ্ৰোহ! বান্দ্ৰা আৰক্ষীৰ সন্মুখত ভগ্নীসহ হাজিৰ কংগনা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভুক্তভুগীসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে। মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ইতিমধ্যে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ