--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ শত্ৰু ইউক্ৰইনক সামান্য সহায় কৰি এতিয়া বিপদত পৰিছে এগৰাকী আমেৰিকাৰ নৃত্যশিল্পী৷ নৃত্যশিল্পীগৰাকীক ৰাছিয়াই গ্ৰেপ্তাৰ কৰিছে৷  ৩৩ বছৰীয়া নৃত্যশিল্পী কেচনিয়া কাৰেলিনাৰ বিৰুদ্ধে পুটিনৰ চৰকাৰে ইউক্ৰেইনৰ সেনাক ৫১ ডলাৰ দান কৰাৰ অভিযোগ উত্থাপন কৰিছে।নৃত্যশিল্পীগৰাকীয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰ লগতে  ৰাছিয়াৰ নাগৰিকত্ব কৰিছে৷ ৰাছিয়াৰ চৰকাৰে নৃত্যশিল্পী কাৰেলিনাৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰিছে।  কাৰেনিনাক আদালতলৈ নিয়াৰ সময়ত  চকুত  পটি বান্ধি নিয়াৰ লগতে হাতত  লোৰ শিকলি লগোৱা হৈছিল৷

ৰাছিয়াৰ ফেডাৰেল চিকিউৰিটি চাৰ্ভিচৰ বিবৃতিত কোৱা হৈছে, "ফেব্ৰুৱাৰী ২০২২ ৰ পৰা ইউক্ৰেইনৰ এটা সংগঠনে সংগঠনটোৰ বাবে পুঁজি সংগ্ৰহ কৰিছিল। সেই  ধন ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ বাবে ঔষধ, সঁজুলি, অস্ত্ৰ আৰু গোলাবাৰুদ ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল’’। ৰাছিয়াৰ গুপ্তচৰ সংস্থাই এই বুলিও  কৈছে  যে নৃত্যশিল্পীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত থাকোতে কিয়েভৰ সমৰ্থনত ৰাজহুৱা ৰেলীত উপস্থিত আছিল। কাৰেলিনাৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা হৈছে।


লছ এঞ্জেলছৰ বেভাৰ্লি হিলছত কেচনিয়া কাৰেলিনাৰ এখন  স্পা আছে। তেওঁক ২৭ জানুৱাৰীত পুটিনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নৃত্যশিল্পীগৰাকীৰ বিৰুদ্ধে "গুণ্ডামি" আৰু ৰাজহুৱাভাৱে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰো অভিযোগ আৰোপ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে আদালতত অশালীন আচৰণৰ অভিযোগো আৰোপ কৰা হৈছে। গোচৰটোত অপৰাধমূলক অভিযোগৰ ধাৰাও যোগ কৰা হৈছে। যদি দোষী সাব্যস্ত হয় তেন্তে কাৰেলিনাই ১২  বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ'ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক