--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ শত্ৰু ইউক্ৰইনক সামান্য সহায় কৰি এতিয়া বিপদত পৰিছে এগৰাকী আমেৰিকাৰ নৃত্যশিল্পী৷ নৃত্যশিল্পীগৰাকীক ৰাছিয়াই গ্ৰেপ্তাৰ কৰিছে৷  ৩৩ বছৰীয়া নৃত্যশিল্পী কেচনিয়া কাৰেলিনাৰ বিৰুদ্ধে পুটিনৰ চৰকাৰে ইউক্ৰেইনৰ সেনাক ৫১ ডলাৰ দান কৰাৰ অভিযোগ উত্থাপন কৰিছে।নৃত্যশিল্পীগৰাকীয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰ লগতে  ৰাছিয়াৰ নাগৰিকত্ব কৰিছে৷ ৰাছিয়াৰ চৰকাৰে নৃত্যশিল্পী কাৰেলিনাৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰিছে।  কাৰেনিনাক আদালতলৈ নিয়াৰ সময়ত  চকুত  পটি বান্ধি নিয়াৰ লগতে হাতত  লোৰ শিকলি লগোৱা হৈছিল৷

ৰাছিয়াৰ ফেডাৰেল চিকিউৰিটি চাৰ্ভিচৰ বিবৃতিত কোৱা হৈছে, "ফেব্ৰুৱাৰী ২০২২ ৰ পৰা ইউক্ৰেইনৰ এটা সংগঠনে সংগঠনটোৰ বাবে পুঁজি সংগ্ৰহ কৰিছিল। সেই  ধন ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ বাবে ঔষধ, সঁজুলি, অস্ত্ৰ আৰু গোলাবাৰুদ ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল’’। ৰাছিয়াৰ গুপ্তচৰ সংস্থাই এই বুলিও  কৈছে  যে নৃত্যশিল্পীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত থাকোতে কিয়েভৰ সমৰ্থনত ৰাজহুৱা ৰেলীত উপস্থিত আছিল। কাৰেলিনাৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা হৈছে।


লছ এঞ্জেলছৰ বেভাৰ্লি হিলছত কেচনিয়া কাৰেলিনাৰ এখন  স্পা আছে। তেওঁক ২৭ জানুৱাৰীত পুটিনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নৃত্যশিল্পীগৰাকীৰ বিৰুদ্ধে "গুণ্ডামি" আৰু ৰাজহুৱাভাৱে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰো অভিযোগ আৰোপ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে আদালতত অশালীন আচৰণৰ অভিযোগো আৰোপ কৰা হৈছে। গোচৰটোত অপৰাধমূলক অভিযোগৰ ধাৰাও যোগ কৰা হৈছে। যদি দোষী সাব্যস্ত হয় তেন্তে কাৰেলিনাই ১২  বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ'ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন