--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতৰে লটাৰী জিকাৰ ‘নিচা’ থাকে। জন চিকছ নামৰ এজন ব্যক্তিয়ে লটাৰীত জয়ী হৈ ধনী হ’ব বিচাৰিছিল। কিন্তু তেওঁ হয়তো ভবা নাছিল যে তেওঁ এটা লটাৰীত দুহাজাৰ ৮০০ কোটি লাভ কৰিব। আমেৰিকাত এই কাণ্ড সংঘটিত হৈছে।

কিন্তু কাহিনী ইয়াতেই শেষ নহয়। এই কাণ্ড পোহৰলৈ অহাৰ লগে লগে লটাৰী কৰ্তৃপক্ষই স্পষ্টকৈ উল্লেখ কৰে যে "এইটো ছপাৰ ভুল"। গতিকে তেওঁলোকে গ্ৰাহকক ক’লে যে তেওঁলোকে সেই ধন নিদিয়ে। ইয়াৰ পিছত লটাৰী ‘বিজয়ী’জন আদালতৰ কাষ চাপিল।

আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ বাসিন্দা জন ২০২৩ চনৰ ৬ জানুৱাৰীত লটাৰীত জয়লাভ কৰে। ‘পাৱাৰবল এণ্ড দ্য ডিচি’ নামৰ লটাৰী কোম্পানী এটাৰ সেই টিকটত তেওঁ কোটিপতি হৈছিল। কিন্তু যিদিনা লটাৰী ড্ৰ’ হ’ব লাগিছিল, সেইদিনা জন নাছিল। পিছত যেতিয়া কোম্পানীটোৱে তেওঁলোকৰ ৱেবছাইটত বিজয়ীৰ তালিকা প্ৰকাশ কৰিলে, তেতিয়া তেওঁ তাত তেওঁৰ নাম দেখিলে।

আচৰিত কথাটো ইয়াতেই শেষ নহয়। জন তেওঁৰ জয়ৰ মুঠ মূল্য ৩৪ কোটি ডলাৰ হোৱা দেখিছে। ভাৰতীয় মুদ্ৰাত যাৰ পৰিমাণ প্ৰায় দুহাজাৰ ৮০০ কোটি। প্ৰথমে যি দেখিলে জনৰ বিশ্বাস নহ’ল। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে মই অলপ আচৰিত হৈছিলো। কিন্তু মই বিশেষ উত্তেজনা প্ৰকাশ কৰা নাছিলো।

ইয়াৰ পিছত জন ক'লে, "পিছদিনা মই পাৱাৰবল আৰু ডিচি কোম্পানীৰ লগত লটাৰীৰ বিষয়ে যোগাযোগ কৰিলোঁ। কিন্তু তেওঁলোকে মোক ক’লে, তুমি লটাৰীত জয়ী হোৱা নাছিলা। এইটো এটা ছপা ভুল। মোৰ লটাৰী নম্বৰটো টকাৰ পৰিমাণৰ সলনি ভুলকৈ লিখা হৈছিল।'’ তেওঁ আৰু দাবী কৰে যে কোম্পানীয়ে তেওঁক ধন দিবলৈ অস্বীকাৰ কৰিছিল।

ইয়াৰ পিছত জন দৌৰি আহি আদালতলৈ গ’ল। লটাৰী কোম্পানীটোৰ বিৰুদ্ধে মামলা কৰি তেওঁ কয় যে তেওঁ স্থানীয় এজেণ্টৰ সৈতে যোগাযোগ কৰি নিজৰ টিকটৰ ধন সংগ্ৰহ কৰে। জনৰ মতে, “এজেণ্টজনে মোক মোৰ টিকটটো পেলাই দিবলৈ কৈছিল। কিন্তু মই তেনেকুৱা কৰা নাছিলো। সাৱধানে টিকটটো থৈ দিলোঁ৷ উকীলৰ লগত আলোচনা কৰি আদালতত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছিলো।’’

জনৰ অধিবক্তাই দাবী কৰে যে তেওঁৰ ক্লায়েণ্টে লটাৰী কোম্পানীটোৰ বিৰুদ্ধে আদালতত ‘চুক্তি ভংগ’, ‘প্ৰৱঞ্চনা’, ‘মানসিক হাৰাশাস্তি’ৰ অভিযোগ উত্থাপন কৰিছে। ন্যায়াধীশে গোচৰটোৰ অনুমতি দিলে। শীঘ্ৰে শুনানি অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক