--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ২০২৫ চনৰ ভিতৰত ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতি হোৱাৰ লক্ষ্যপ্ৰাপ্ত কৰিবলৈ ভাৰতে অৰ্থনৈতিক বিকাশ ৮ শতাংশৰ ওপৰলৈ ত্বৰান্বিত কৰিব লাগিব৷ এই মন্তব্য ভাৰতীয় ষ্টেট বেংকৰ প্ৰাক্তন অধ্যক্ষ ৰজনীশ কুমাৰৰ৷ ৰজনীশ কুমাৰে লগতে কয়, যদি ভাৰতে ৫-ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতি হ’ব বিচাৰে তেন্তে নিশ্চিতভাৱে আমি ৫-৬ শতাংশ অৰ্থনৈতিক বিকাশত সুখী হ'ব নোৱাৰো। আমি আঠ শতাংশৰ ওপৰত বৃদ্ধি কৰিব লাগিব৷ আইএমচি চেম্বাৰ অব্ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল অনুষ্ঠানত অংশ লৈ ৰজনীশ কুমাৰে পুনৰ কয়, আঠ শতাংশ আৰু অধিক বৃদ্ধিৰ বাবে তেওঁ কয়, দেশৰ অৰ্থনীতিত কম কৰ হাৰৰ এক বৃহৎ বিনিয়োগৰ প্ৰয়োজন, যি জনসাধাৰণৰ লগতে কৰ্পোৰেটসকলৰ হাতত অতিৰিক্ত পৰিমাণ নিশ্চিত কৰিব পাৰে, নিম্ন স্তৰত ব্যৱসায় কৰাৰ সহজতা আৰু ভূমিৰ উপলব্ধতা নিশ্চিত কৰিব পাৰে।

ভাষণ প্ৰসংগত কুমাৰে বিনিয়োগ সম্পৰ্কে পৰামৰ্শাৱলী আগবঢ়ায়৷ তেওঁ কয় উৎপাদন, কৃষি আৰু আন্তঃগাঁথনি খণ্ডত আমাক বৃহৎ পৰিমাণে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজন। আমি সকলো মূলধন প্ৰদান কৰিবলৈ চৰকাৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হ’ব নোৱাৰো৷ দেশৰ কৰ্পোৰেট কৰ হাৰ চৰকাৰৰ দ্বাৰা যুক্তিসংগত কৰা হৈছে আৰু এজনে ইয়াৰ বিষয়ে অভিযোগ কৰা উচিত নহয়। তেওঁ কয় যে চৰকাৰে কেইবাটাও সংস্কাৰ হাতত লোৱা স্বত্বেও বিনিয়োগৰ পৰা জিডিপিৰ অনুপাত উন্নত হোৱা নাই।


তেওঁৰ মতে, কঠোৰ সিদ্ধান্ত লোৱাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত কঠোৰ সংস্কাৰ আৰম্ভ কৰাৰ ইচ্ছা আছে৷ কিন্তু, যেতিয়া কাৰ্যকৰী কৰাৰ কথা আহে তেতিয়া আমোলাতন্ত্ৰৰ বাবে সমস্যা আহি পৰে। কুমাৰে কয়, যদিও ব্যৱসায় কৰাৰ সহজতাত দেশৰ ৰেংকিং যথেষ্ট উন্নত হৈছে, কিন্তু জিলা পৰ্যায়ত, নতুন গোট এটা স্থাপনৰ বাবে অনুমতিপ্ৰাপ্ত কৰাত এতিয়াও প্ৰত্যাহ্বান আছে। যদি আজি আপুনি বা মই আমাৰ দেশৰ যিকোনো জিলাত এটা নতুন গোট স্থাপন কৰিব বিচাৰো, মই আপোনাক কৈছোঁ যে এইটো এক দুখজনক অভিজ্ঞতা হ’ব। কিয়নো, যেতিয়া আপুনি জিলা পৰ্যায়ৰ আমোলাতন্ত্ৰলৈ যায় আৰু এটা উদ্যোগ আৰম্ভ কৰিব বিচাৰে তেতিয়া ব্যৱসায় কৰাৰ এই সকলো সহজতা নাইকিয়া হ’ব বুলি তেওঁ মন্তব্য কৰে৷


কুমাৰে লগতে কয়, বেংকিং খণ্ডৰ ক্ষেত্ৰত বিপদাশংকা ব্যৱস্থাপনা আৰু বিপদাশংকাৰ মূল্য নিৰ্ধাৰণৰ বিষয়ে সমস্যা আছে। দেশৰ অপ্ৰত্যাশিত নীতিগত পৰিৱেশৰ বাবে, য’ত চৰকাৰ বা ৰাজ্য চৰকাৰ বা স্থানীয় বা ন্যায়িক কৰ্তৃপক্ষৰ দ্বাৰা ৰাতিটোৰ ভিতৰতে এটা নীতি সলনি কৰিব পাৰি, বেঙ্কবোৰে প্ৰকল্পবোৰৰ বিত্তীয় যোগানৰ বিপদাশংকাৰ মূল্য নিৰ্দিষ্ট কৰাত অসুবিধা পায় বুলিও কুমাৰে লগতে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত পেট্রল-ডিজেল, ৰন্ধন গেছৰ সংকট নাই: ভাৰতীয় তেল নিগমৰ ঘোষণা
IMFৰ প্ৰতিবেদন:বিশ্বৰ ষষ্ঠ স্থানলৈ অৱনমিত ভাৰতীয় অর্থনীতি
আজি নাঙল বিহু; এই বিহু কিয় পালন কৰা হয় জানেনে আপুনি?
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ; ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ’ব ইউৰোপত
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল
যুদ্ধত ৩৯ মার্কিন যুঁজাৰু বিমান ধ্বংস
উত্তৰ প্ৰদেশত চাঞ্চল্য: ৫ মাহ ধৰি কন্যাৰ মৃতদেহৰ সৈতে একেলগে বাস পিতৃৰ; দুৰ্গন্ধ লুকুৱাবলৈ ব্যৱহাৰ কৰিলে পাৰফিউম
কাৰ্বি আংলঙৰ হাওৰাঘাটত হৃদয়বিদাৰক ঘটনা ; ৮ দিনীয়া সন্তানক হত্যাৰ অপৰাধত মাতৃক গ্ৰেপ্তাৰ
মোদী-ৰাহুল গান্ধীৰ অন্তৰংগ বাৰ্তালাপ