--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : ইতিবাচক, জনহিতকৰ পদক্ষেপেৰে পুনৰ চৰ্চালৈ আহিছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰ। আম আদমী পাৰ্টীৰ চৰকাৰখনে বিভিন্ন জনহিতকৰ পদক্ষেপ গ্ৰহণ কৰা তথা সৰ্বসাধাৰণৰ মৌলিক প্ৰয়োজন পূৰণ কৰাৰ দিশত বিশেষ সফলতা লাভ কৰিছে। যিসময়ত অসম চৰকাৰৰ শক্তি বিভাগে ৩০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগানৰ কথা ঘোষণা কৰিছে, সেই সময়ত দিল্লীৰ জনতাই পূৰ্বৰে পৰা লাভ কৰি আহিছে ২০০ ইউনিটপৰ্যন্ত বিনামূলীয়া বিজুলী।

আৰু পঢ়িব পাৰিব : ক’ভিডমুক্ত হোৱাৰ দিশে দেশ, স্বাস্থ্য মন্ত্ৰণালয়ে দিছে সুখবৰ

বিগত ৬ বছৰত দিল্লীত এক পইচাও বৃদ্ধি পোৱা নাই বিদ্যুৎ মাচুল। বিগত ৬ বছৰত বিদ্যুতৰ মাচুল বৃদ্ধি নোপোৱা একমাত্র ৰাজ্য হিচাপে পৰিগণিত হৈছে দিল্লী। বিগত ডিচেম্বৰ আৰু জানুৱাৰী মাহত দিল্লীৰ ৩৮,২৩,২৩২গৰাকী উপভোক্তাই ২০০ ইউনিটতকৈ কম বিদ্যুৎ খৰচ কৰি লাভ কৰিলে সম্পূৰ্ণ বিনামূলীয়া বিজুলী। দিল্লীৰ মুঠ শক্তি খণ্ডৰ উপভোক্তাৰ সংখ্যা হৈছে ৫১,৯৮,৫৩৩গৰাকী। এই হিচাপত বিগত দুমাহত দিল্লীৰ মুঠ উপভোক্তাৰ ৭৩.৫৪ শতাংশই লাভ কৰিলে বিনামূলীয়া বিজুলী।

আৰু পঢ়িব পাৰিব : ২৬ জানুৱাৰীৰ হিংসা : আন এজন অভিযুক্ত আৰক্ষীৰ জালত

এই বিনামূলীয়া বিজুলীৰ লাভ অৰ্জনৰ বাবে বিজুলী ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হৈছে জনতা। ফলত পূৰ্বৰ তুলনাত সামগ্ৰিকভাৱে ৰাজধানী চহৰখনত কম বিজুলীৰ প্ৰয়োজন হৈছে। তদুপৰি ২০১-৪০০ ইউনিট খৰচ কৰা উপভোক্তাই লাভ কৰে ৮০০ টকাৰ ৰাজসাহায্য। ইমানেই নহয়, দিল্লীৰ বিদ্যালয়সমূহত স্থাপন কৰা হৈছে সৌৰশক্তি পেনেল, ফলত বছৰি ৫ কোটি টকাৰ বিদ্যুৎ ব্যয় ৰাহি হোৱাৰ উপৰি অতিৰিক্ত বিদ্যুৎ বিক্রী কৰি চৰকাৰে লাভ কৰিছে ৬ কোটি টকা। দিল্লী চৰকাৰৰ এনে দূৰদৰ্শী তথা ফলপ্ৰসু, জনহিতকৰ পদক্ষেপ সমগ্ৰ দেশৰ বাবেই অনুকৰণীয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement