--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : ইতিবাচক, জনহিতকৰ পদক্ষেপেৰে পুনৰ চৰ্চালৈ আহিছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰ। আম আদমী পাৰ্টীৰ চৰকাৰখনে বিভিন্ন জনহিতকৰ পদক্ষেপ গ্ৰহণ কৰা তথা সৰ্বসাধাৰণৰ মৌলিক প্ৰয়োজন পূৰণ কৰাৰ দিশত বিশেষ সফলতা লাভ কৰিছে। যিসময়ত অসম চৰকাৰৰ শক্তি বিভাগে ৩০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগানৰ কথা ঘোষণা কৰিছে, সেই সময়ত দিল্লীৰ জনতাই পূৰ্বৰে পৰা লাভ কৰি আহিছে ২০০ ইউনিটপৰ্যন্ত বিনামূলীয়া বিজুলী।

আৰু পঢ়িব পাৰিব : ক’ভিডমুক্ত হোৱাৰ দিশে দেশ, স্বাস্থ্য মন্ত্ৰণালয়ে দিছে সুখবৰ

বিগত ৬ বছৰত দিল্লীত এক পইচাও বৃদ্ধি পোৱা নাই বিদ্যুৎ মাচুল। বিগত ৬ বছৰত বিদ্যুতৰ মাচুল বৃদ্ধি নোপোৱা একমাত্র ৰাজ্য হিচাপে পৰিগণিত হৈছে দিল্লী। বিগত ডিচেম্বৰ আৰু জানুৱাৰী মাহত দিল্লীৰ ৩৮,২৩,২৩২গৰাকী উপভোক্তাই ২০০ ইউনিটতকৈ কম বিদ্যুৎ খৰচ কৰি লাভ কৰিলে সম্পূৰ্ণ বিনামূলীয়া বিজুলী। দিল্লীৰ মুঠ শক্তি খণ্ডৰ উপভোক্তাৰ সংখ্যা হৈছে ৫১,৯৮,৫৩৩গৰাকী। এই হিচাপত বিগত দুমাহত দিল্লীৰ মুঠ উপভোক্তাৰ ৭৩.৫৪ শতাংশই লাভ কৰিলে বিনামূলীয়া বিজুলী।

আৰু পঢ়িব পাৰিব : ২৬ জানুৱাৰীৰ হিংসা : আন এজন অভিযুক্ত আৰক্ষীৰ জালত

এই বিনামূলীয়া বিজুলীৰ লাভ অৰ্জনৰ বাবে বিজুলী ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হৈছে জনতা। ফলত পূৰ্বৰ তুলনাত সামগ্ৰিকভাৱে ৰাজধানী চহৰখনত কম বিজুলীৰ প্ৰয়োজন হৈছে। তদুপৰি ২০১-৪০০ ইউনিট খৰচ কৰা উপভোক্তাই লাভ কৰে ৮০০ টকাৰ ৰাজসাহায্য। ইমানেই নহয়, দিল্লীৰ বিদ্যালয়সমূহত স্থাপন কৰা হৈছে সৌৰশক্তি পেনেল, ফলত বছৰি ৫ কোটি টকাৰ বিদ্যুৎ ব্যয় ৰাহি হোৱাৰ উপৰি অতিৰিক্ত বিদ্যুৎ বিক্রী কৰি চৰকাৰে লাভ কৰিছে ৬ কোটি টকা। দিল্লী চৰকাৰৰ এনে দূৰদৰ্শী তথা ফলপ্ৰসু, জনহিতকৰ পদক্ষেপ সমগ্ৰ দেশৰ বাবেই অনুকৰণীয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?