--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ বাবে আহিছে এটা দুঃখবৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিক প্ৰিয়া ৰামানীৰ বিৰুদ্ধে দিয়া এটা মানহানি গোচৰ প্ৰমাণসিদ্ধ নহয় বুলি মন্তব্য কৰিছে দিল্লীৰ এখন আদালতে। ৰামানীয়ে ২০১৮চনত ‘মি টু’ আন্দোলনৰ সময়ত আকবৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল। আকবৰে তেওঁৰ বিৰুদ্ধে আদালতত কাষ চাপে যদিও আজি তেওঁৰ গোচৰ খাৰিজ কৰি ৰায়দান কৰে ন্যায়াধীশে।

আৰু পঢ়িব পাৰিব : এতিয়াও সকলো শেষ হোৱা নাই : কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী

ন্যায়ালয়ে কয়, ‘যৌন নিৰ্যাতনৰ ঘটনাৰ বিষয়ে প্ৰকাশ কৰা বাবে মহিলাক শাস্তি বিহিব নোৱাৰি।’ ন্যায়ালয়ে আৰু কয় যে, ‘ভাৰতীয় সংবিধানে মহিলাক তেওঁলোকৰ অভিযোগ যিকোনো সময়তে যিকোনো ফ’ৰামতে উপস্থাপনৰ অনুমতি দিছে।’ যৌন নিৰ্যাতনৰ ঘটনা বেছিভাগ সময়তে বন্ধ কোঠাতে সংঘটিত হোৱাৰ কথাটো উলাই কৰিব নোৱাৰি বুলি প্ৰকাশ কৰি আদালতে কয় যে, বহু সময়ত নিৰ্যাতিতাই বদনাম বা চৰিত্ৰত চেকা লগাৰ ভয়ত বা শংকাৰ বাবে নিৰ্যাতনৰ কথা প্ৰকাশ নকৰে।

আৰু পঢ়িব পাৰিব : জনহিতকৰ পদক্ষেপেৰে পুনৰ চৰ্চাত দিল্লীৰ কেজৰিৱাল চৰকাৰ

উল্লেখ্য যে, ‘এছিয়ান এজ’ৰ সম্পাদক হৈ থকা সময়ত এম জে আকবৰে হোটেলৰ কোঠাত চাকৰিৰ সাক্ষাৎকাৰ লোৱাৰ নামত তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছিল। ২০ বছৰ আগতে এই ঘটনা সংঘটিত হোৱা বুলি বাতৰি কাকতত লিখা এটা প্ৰবন্ধত অভিযোগ তুলিছিল প্ৰিয়া ৰামানীয়ে। তাৰ পাছতে আন ভালেমান মহিলাই আকবৰৰ বিৰুদ্ধে অনুৰূপ অভিযোগ আনিছিল। সেই সময়ত নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰী আছিল এম জে আকবৰ। অক্টোবৰ মাহত তেওঁ এই অভিযোগৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপে আৰু ২০১৮ চনৰ ১৭ অক্টোবৰত মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ