--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰৰ বাবে আহিছে এটা দুঃখবৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিক প্ৰিয়া ৰামানীৰ বিৰুদ্ধে দিয়া এটা মানহানি গোচৰ প্ৰমাণসিদ্ধ নহয় বুলি মন্তব্য কৰিছে দিল্লীৰ এখন আদালতে। ৰামানীয়ে ২০১৮চনত ‘মি টু’ আন্দোলনৰ সময়ত আকবৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল। আকবৰে তেওঁৰ বিৰুদ্ধে আদালতত কাষ চাপে যদিও আজি তেওঁৰ গোচৰ খাৰিজ কৰি ৰায়দান কৰে ন্যায়াধীশে।

আৰু পঢ়িব পাৰিব : এতিয়াও সকলো শেষ হোৱা নাই : কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী

ন্যায়ালয়ে কয়, ‘যৌন নিৰ্যাতনৰ ঘটনাৰ বিষয়ে প্ৰকাশ কৰা বাবে মহিলাক শাস্তি বিহিব নোৱাৰি।’ ন্যায়ালয়ে আৰু কয় যে, ‘ভাৰতীয় সংবিধানে মহিলাক তেওঁলোকৰ অভিযোগ যিকোনো সময়তে যিকোনো ফ’ৰামতে উপস্থাপনৰ অনুমতি দিছে।’ যৌন নিৰ্যাতনৰ ঘটনা বেছিভাগ সময়তে বন্ধ কোঠাতে সংঘটিত হোৱাৰ কথাটো উলাই কৰিব নোৱাৰি বুলি প্ৰকাশ কৰি আদালতে কয় যে, বহু সময়ত নিৰ্যাতিতাই বদনাম বা চৰিত্ৰত চেকা লগাৰ ভয়ত বা শংকাৰ বাবে নিৰ্যাতনৰ কথা প্ৰকাশ নকৰে।

আৰু পঢ়িব পাৰিব : জনহিতকৰ পদক্ষেপেৰে পুনৰ চৰ্চাত দিল্লীৰ কেজৰিৱাল চৰকাৰ

উল্লেখ্য যে, ‘এছিয়ান এজ’ৰ সম্পাদক হৈ থকা সময়ত এম জে আকবৰে হোটেলৰ কোঠাত চাকৰিৰ সাক্ষাৎকাৰ লোৱাৰ নামত তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছিল। ২০ বছৰ আগতে এই ঘটনা সংঘটিত হোৱা বুলি বাতৰি কাকতত লিখা এটা প্ৰবন্ধত অভিযোগ তুলিছিল প্ৰিয়া ৰামানীয়ে। তাৰ পাছতে আন ভালেমান মহিলাই আকবৰৰ বিৰুদ্ধে অনুৰূপ অভিযোগ আনিছিল। সেই সময়ত নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰী আছিল এম জে আকবৰ। অক্টোবৰ মাহত তেওঁ এই অভিযোগৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপে আৰু ২০১৮ চনৰ ১৭ অক্টোবৰত মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ