--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ছাউথ কোৰিয়ান অভিনেত্ৰী কিম ছাই ৰনৰ ৰহস্যজনক মৃত্যু। ১৬ ফেব্ৰুৱাৰীত ঘৰত মৃত অৱস্থাত উদ্ধাৰ হয় কিম। তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কে সম্পূৰ্ণ তথ্য এতিয়াও জানিব পৰা হোৱা নাই। মৃত্যুৰ সময়ত কিম ছাই ৰনৰ বয়স হৈছিল মাথোঁ ২৪ বছৰ।

অভিনেত্ৰী কিম ছাই ৰনক তেওঁৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। কিমৰ এগৰাকী বন্ধুৱে বাৰে বাৰে ফোন কৰি নোপোৱাত এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। শেহতীয়া তথ্য অনুসৰি অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ জানিবলৈ এই সমগ্ৰ গোচৰৰ সঠিক তদন্ত কৰিব আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, অভিনেত্ৰীগৰাকীৰ সৈতে কোনো ধৰণৰ জোৰ-জবৰদস্তিৰ ঘটনা ঘটাৰ লক্ষণ দেখা পোৱা নাই। প্ৰথম অৱস্থাত এয়া আত্মহত্যাৰ ঘটনা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ পাইছে।

কিম ছাই ৰন কোন আছিল?

কোৰিয়াৰ ছবি জগতৰ এটা সুপৰিচিত নাম আছিল কিম ছাই ৰন। তেওঁ ‘লিষ্টেন টু মাই হাৰ্ট’, ‘দ্য কুইনছ ক্লাছৰুম’, ‘হাই’ আদিৰ বাবে পৰিচিত। তেওঁ ‘স্কুল-লাভ অন’ৰ দৰে কোৰিয়ান নাট্য ছবিত কাম কৰিছে য’ত তেওঁৰ অভিনয় মানুহে বহুত ভাল পাইছিল। ২০০৯ চনত শিশু শিল্পী হিচাপে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল কিম ছাই ৰনে। কিন্তু ২০২৩ চনত মুক্তি পোৱা নেটফ্লিক্সৰ ধাৰাবাহিক ব্লাডহাউণ্ডছৰ লগে লগে কিমৰ জনপ্ৰিয়তা বৃদ্ধি পায়। তেওঁ এই ধাৰাবাহিকখনত চা হিয়েন জুৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০২২ চনত কিম বিতৰ্কৰো বলি হৈছিল। ছিউলত হাই প্ৰফাইল ড্ৰিংক এণ্ড ড্ৰাইভ কেছৰ সৈতে জড়িত হৈছিল তেওঁৰ নাম। যাৰ বাবে তেওঁৰ সম্পত্তিৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিছিল আৰু তেওঁ আইনী সমস্যাতো পৰিবলগীয়া হৈছিল। এই সমগ্ৰ ঘটনাৰ পিছত কিমে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু লগতে অভিনয় জীৱনৰ পৰাও বিৰতি লৈছিল। এই গোটেই বিষয়টোৰ বাবেই তেওঁ আৰ্থিক সমস্যাৰ মাজেৰেও পাৰ হ’বলগীয়া হৈছিল। এতিয়া অভিনেত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত তেওঁৰ অনুৰাগী আৰু সহযোগী অভিনেতাসকল অতিশয় দুখী হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু