--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ছাউথ কোৰিয়ান অভিনেত্ৰী কিম ছাই ৰনৰ ৰহস্যজনক মৃত্যু। ১৬ ফেব্ৰুৱাৰীত ঘৰত মৃত অৱস্থাত উদ্ধাৰ হয় কিম। তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কে সম্পূৰ্ণ তথ্য এতিয়াও জানিব পৰা হোৱা নাই। মৃত্যুৰ সময়ত কিম ছাই ৰনৰ বয়স হৈছিল মাথোঁ ২৪ বছৰ।

অভিনেত্ৰী কিম ছাই ৰনক তেওঁৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। কিমৰ এগৰাকী বন্ধুৱে বাৰে বাৰে ফোন কৰি নোপোৱাত এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। শেহতীয়া তথ্য অনুসৰি অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ জানিবলৈ এই সমগ্ৰ গোচৰৰ সঠিক তদন্ত কৰিব আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, অভিনেত্ৰীগৰাকীৰ সৈতে কোনো ধৰণৰ জোৰ-জবৰদস্তিৰ ঘটনা ঘটাৰ লক্ষণ দেখা পোৱা নাই। প্ৰথম অৱস্থাত এয়া আত্মহত্যাৰ ঘটনা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ পাইছে।

কিম ছাই ৰন কোন আছিল?

কোৰিয়াৰ ছবি জগতৰ এটা সুপৰিচিত নাম আছিল কিম ছাই ৰন। তেওঁ ‘লিষ্টেন টু মাই হাৰ্ট’, ‘দ্য কুইনছ ক্লাছৰুম’, ‘হাই’ আদিৰ বাবে পৰিচিত। তেওঁ ‘স্কুল-লাভ অন’ৰ দৰে কোৰিয়ান নাট্য ছবিত কাম কৰিছে য’ত তেওঁৰ অভিনয় মানুহে বহুত ভাল পাইছিল। ২০০৯ চনত শিশু শিল্পী হিচাপে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল কিম ছাই ৰনে। কিন্তু ২০২৩ চনত মুক্তি পোৱা নেটফ্লিক্সৰ ধাৰাবাহিক ব্লাডহাউণ্ডছৰ লগে লগে কিমৰ জনপ্ৰিয়তা বৃদ্ধি পায়। তেওঁ এই ধাৰাবাহিকখনত চা হিয়েন জুৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০২২ চনত কিম বিতৰ্কৰো বলি হৈছিল। ছিউলত হাই প্ৰফাইল ড্ৰিংক এণ্ড ড্ৰাইভ কেছৰ সৈতে জড়িত হৈছিল তেওঁৰ নাম। যাৰ বাবে তেওঁৰ সম্পত্তিৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিছিল আৰু তেওঁ আইনী সমস্যাতো পৰিবলগীয়া হৈছিল। এই সমগ্ৰ ঘটনাৰ পিছত কিমে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু লগতে অভিনয় জীৱনৰ পৰাও বিৰতি লৈছিল। এই গোটেই বিষয়টোৰ বাবেই তেওঁ আৰ্থিক সমস্যাৰ মাজেৰেও পাৰ হ’বলগীয়া হৈছিল। এতিয়া অভিনেত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত তেওঁৰ অনুৰাগী আৰু সহযোগী অভিনেতাসকল অতিশয় দুখী হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ