--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ ৰ অভিযান আজিও সুকলমে চলি আছে৷এইবাৰ  চন্দ্ৰপৃষ্ঠৰ এখন ত্ৰিমাত্ৰিক ছবি প্ৰকাশ কৰিছে ইছৰ’ই।  ৰভাৰ প্ৰজ্ঞানে তোলা চন্দ্ৰৰ  ত্ৰিমাত্ৰিক ছবি খন দেখি আচৰিত হৈছে বহুজন।

মঙলবাৰে সন্ধিয়া ইছৰোৱে এক্স হেণ্ডেলত এখন ফটো শ্বেয়াৰ কৰে।ছবি খনত  বিক্ৰমক  চন্দ্ৰপৃষ্ঠত থিয় হৈ থকা দেখা গৈছে। ছবিখন ত্ৰিমাত্ৰিক। আৰু সেইকাৰণে ই বিশেষ হিচাবে পৰিগণিত হৈছে।  প্ৰজ্ঞানে  'নেভকেম ষ্টিৰিঅ' ইমেজ'ৰ সহায়ত এই ছবিখন তুলিছে। 

 ছবিখন সঠিকভাৱে চাবলৈ, আপুনি ত্ৰিমাত্ৰিক চশমা পিন্ধিব লাগিব। এনে এখন ছবি দেখি সকলোৱে হতবাক হৈ পৰিছে। উল্লেখ্য  ভাৰতৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। অনাগত দিনবোৰত চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহ কৰিবলৈ ইছৰ’ই চেষ্টা চলাই আছে৷  সেই নমুনা  পৃথিৱীলৈ আনি পৰীক্ষা কৰিলে বহু ৰহস্য পোহৰলৈ আহিব৷ । অৱশ্যে এই মুহূৰ্তত, প্ৰজ্ঞান ৰোভাৰ আৰু বিক্ৰম পুনৰ চন্দ্ৰত 'শুই পৰিছে'। দুয়োটা ড়ন্ত্ৰই  ২২ ছেপ্টেম্বৰত পুনৰ সক্ৰিয় হোৱাৰ কথা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ