--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাগাৰ নহয় যেন নৰকহে! কোৱা হয় যে এই জীৱনত যদি কোনোবাই পাপ কৰে তেন্তে মৃত্যুৰ পিছত নৰকত পৰিব। নৰকৰ শাস্তিৰ প্ৰকাৰ অনুসাৰে দুখ সহ্য কৰিব লগা হয়। বাস্তৱত অপৰাধৰ শাস্তি হিচাপে কাৰাগাৰ আছে। এই পৃথিৱীতে এনে এখন কাৰাগাৰ আছে, য’ত বন্দীসকলৰ অৱস্থা নৰকৰ দৰে হৈ পৰে।

ইৰাণৰ ৰাজধানী তেহৰাণত এনে এখন কাৰাগাৰ আছে। য’ত বন্দীসকলক ক’ব নোৱাৰা নিৰ্যাতনৰ বলি কৰা হয়। মহিলা বন্দীকো ৰেহাই দিয়া নহয়। বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰ বুলি কোৱা হয় ইয়াক। কাৰাগাৰখনৰ নাম- এভিন প্ৰিজন। বন্দীক অত্যাচাৰৰ পৰা ফাঁচীলৈকে - এই কাৰাগাৰত সংঘটিত হয় অমানৱীয় নিৰ্যাতন। এই কাৰাগাৰক ‘টৰ্চাৰ হাউচ’ বুলিও কোৱা হয়। অৰ্থাৎ অত্যাচাৰৰ ঘৰ।

খ্ৰীষ্টান ধৰ্মৰ অনুৰাগী হোৱাৰ বাবে মাৰিজিয়া আমিৰিজাদাক সেই ইৰাণৰ কাৰাগাৰত ৭ মাহৰ কাৰাদণ্ড দিয়া হৈছিল। বন্দী অৱস্থাত জেলৰ ভয়ানক অভিজ্ঞতাৰ সাক্ষী আছিল মহিলাগৰাকী। পিছলৈ মাৰিজিয়াই সেই বৰ্বৰ নিৰ্যাতনৰ কাহিনী উত্থাপন কৰিলে।

২০০৯ চনত সেই কাৰাগাৰতে কাৰাবন্দী হৈছিল মাৰিজিয়া। সেই সময়ত তেওঁ চকুৰ সন্মুখত ইটোৰ পিছত সিটোকৈ নৃশংস অত্যাচাৰৰ সাক্ষী হৈছিল। 'ডেইলী ষ্টাৰ’ৰ এক প্ৰতিবেদনত মাৰিজিয়াৰ এই ভয়ংকৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰা হৈছে। মাৰিজিয়াই কয় যে কাৰাগাৰত মহিলা কয়দীসকলকো অত্যাচাৰ কৰা হৈছিল। মূলতঃ পুৰুষ কাৰাগাৰৰ প্ৰহৰীয়ে মহিলা কয়দীসকলক তীব্ৰভাৱে প্ৰহাৰ কৰিছিল।

প্ৰতিদিনে কাৰাগাৰখনত কাৰাবন্দীক নিৰ্বিচাৰে প্ৰহাৰ কৰা হয়। মাৰিজিয়াই কয়- “বন্দীসকলৰ কান্দোন আমি শুনিব পাৰিছিলো। নৃশংসভাৱে প্ৰহাৰ কৰা হৈছিল।”

সেই সময়ত ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিসকল সেই কাৰাগাৰলৈ গৈছিল। কাৰাগাৰৰ ভিতৰত এটা ভাল ৱাৰ্ড আছিল যাতে কাৰাগাৰৰ বৰ্বৰ ৰূপটো পশ্চিমীয়া দেশৰ প্ৰতিনিধিৰ সন্মুখত উন্মোচিত নহয়। তাত কেইজনমান বন্দীক ৰখা হৈছিল। প্ৰতিনিধিসকলৰ ভ্ৰমণৰ সময়ত কেৱল সেই ভাল ৱাৰ্ডটোহে দেখুওৱা হৈছিল।

বাকী ৱাৰ্ডবোৰ বাহিৰৰ পৰা তলা লগোৱা আছিল। বাকী কাৰাবন্দীসকলক সেই সময়ত সেই ৱাৰ্ডবোৰত আবদ্ধ কৰি ৰখা হৈছিল। মাৰিজিয়াই কয়, “সেই সময়ত আমাক কোৱা হৈছিল যে সমীক্ষাৰ বাবে পশ্চিমীয়া দেশৰ প্ৰতিনিধি আহি আছে। আমাক এটা কোঠাত ৰাখি বাহিৰৰ পৰা তলা লগোৱা হৈছিল। আমি চিঞৰিলোঁ। কিন্তু বাহিৰৰ কোনেও সেই শব্দ শুনা নাছিল।’’

কাৰাগাৰত মহিলা কয়দীসকলকো কেনেদৰে অত্যাচাৰ কৰা হৈছিল সেই কথাও মাৰিজিয়াই আলোকপাত কৰিছে। ক'লে, "এদিন দেখিলোঁ, মহিলা বন্দীৰ কোঠালৈ পুৰুষ কাৰাগাৰৰ চকীদাৰে আহি তালাচী আৰম্ভ কৰিলে। ইয়াৰ পিছত তেওঁ মহিলা বন্দীসকলক অকাৰণতে তীব্ৰ প্ৰহাৰ কৰে।’’

মাৰিজিয়াই দাবী কৰে যে মহিলা কয়দীক প্ৰহাৰ কৰিবলৈ পুৰুষ কাৰাগাৰৰ প্ৰহৰী ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ মতে ই শ্বৰীয়ত আইন বিৰোধী। কাৰাগাৰৰ চকীদাৰৰ অত্যাচাৰত সকলোৱে ভয় খায়।

কেৱল মাৰপিট নহয়! কাৰাবন্দীসকলক ফাঁচীও দিয়া হয়। আনকি, এজন কয়দীক ফাঁচী দিয়াৰ দৃশ্য বলপূৰ্বকভাৱে আন কয়দীক দেখুওৱা হয়। মাৰিজিয়াই কয়- ''মোৰ কোঠাত এজন মানুহ আছিল। তেওঁক ফাঁচী দিয়া হ’ল। আৰু সেই ভয়ংকৰ দৃশ্যটো জোৰকৈ মোকক দেখুওৱা হ’ল।’’

কেৱল মাৰপিট, ফাঁচীয়েই নহয়। মহিলা বন্দীসকলক যৌন দাস হিচাপেও ব্যৱহাৰ কৰা হয়। এগৰাকী মহিলা কয়দীক কামৰ প্ৰস্তাৱ দিয়া হৈছিল বুলি মাৰিজিয়াই কয়। কিন্তু পিছলৈ গম পোৱা যায় যে কামটো আচলতে যৌন দাস।

মাৰিজিয়াৰ ভাষাত, "যেতিয়া বন্দীয়ে উপলব্ধি কৰিলে যে কামটো যৌন দাস। তেতিয়া তেওঁ তেনে কৰিব বিচৰা নাছিল। কিন্তু প্ৰস্তাৱ অগ্ৰাহ্য কৰা কোনো সুযোগ নাই। মৃত্যুৰ ভাবুকি দিয়া হৈছিল।’’

মাৰিজিয়াই এজন বন্দীৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। কাৰাবন্দীজনক চকুত পটি বান্ধি এটা কোঠালৈ লৈ যোৱা হয়। ইয়াৰ পিছত বন্দীজন সেই কোঠাৰ পৰা উভতি আহোঁতে তেওঁৰ মুখত ভয়ৰ চাৱনি এটা দেখা গ’ল। মাৰিজিয়াই কয় যে বন্দীজনক সেই কোঠাটোত খোজ কাঢ়িবলৈ কোৱা হৈছিল। খোজ কাঢ়ি থাকোঁতে ভৰিখনত কিবা এটা অনুভৱ হয়। পিছলৈ জনা গ’ল সেইবোৰ মৃতদেহ আছিল।

উল্লেখ্য যে সেই কাৰাগাৰত প্ৰায় ১৫ হাজাৰ কয়দীক ৰখা হৈছে। সেই সময়ত বন্দীসকলক কৰা অবৰ্ণনীয় অত্যাচাৰ দেখি মাৰিজিয়া ভাঙি গৈছিল। পিছত এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমত মুখ মেলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য