--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে হোৱাইট হাউচৰ চাউথ লনত মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনে আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰে। নৈশভোজলৈ  আমন্ত্ৰণ জনোৱা অতিথিসকলক  বাজৰা, কৰ্ণ কাৰ্ণেল চালাড আৰু কাঠফুলাৰে আপ্যায়ন কৰা হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ সন্মানাৰ্থে নৈশ ভোজত পৰিবেশন কৰা হয় এবিধ বিশেষ সুৰা। 

পেটেল ৰেড ৱাইন নামেৰে পৰিচিত এই সুৰাৰ বেছ নাম আছে।   নৈষ ভোজৰ পূৰ্বে  বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী জিল বিডেনে কৈছিল যে তেওঁ হোৱাইট হাউচৰ ৰান্ধনী নীনা কাৰ্টিছক প্ৰধানমন্ত্ৰী মোদীৰ বাবে বিশেষ  নিৰামিষ মেনুতৈয়াৰ কৰিবলৈ কৈছিল। কাৰণ মোদী এগৰাকী  নিৰামিষভোজী ব্যক্তি।  মোদীৰ খাদ্য তালিকাত  অন্তৰ্ভুক্ত আছিল দৈৰ চছ, মচমচীয়া  বাজৰা কেক, গ্ৰীষ্মকালীন স্কোয়াছ, মেৰিনেট কৰা বাজৰা আৰু গ্ৰিল কৰা কৰ্ণ কাৰ্ণেল চালাড। ইয়াৰ উপৰি  তৰমুজ, টেঙা আভাকাডো চছ, পোৰ্টোবেলো কাঠফুলা, ক্ৰীমি কেশৰ-ইনফিউজড ৰিচটো, গোলাপ আৰু ইলাচী-ইনফিউজড ষ্ট্ৰবেৰীও আছিল খাদ্য তালিকাৰ অংশ। নৈশভোজত অতিথিসকলক পৰিবেশন কৰা হয় পেটেল ৰেড ৱাইন।


 পেটেল ৰেড ব্লেণ্ড ২০১৯  হৈছে গুজৰাটৰ পৰা আমেৰিকালৈ নিয়া  ৰাজ পেটেলৰ মালিকানাধীন নাপা ভেলী ৱাইনৰীৰ এবিধ উৎকৃষ্ট সুৰা। এই ৱাইন  হৈছে মেৰলট আৰু কেবাৰনেট চাউভিননৰ এক সুন্দৰ মিশ্ৰণ। পেটেল ৰেড ৱাইন প্ৰতি বটলত ৭৫  ডলাৰত বিক্ৰী হয়। ৰাজ পেটেলৰ পৰিয়ালে  ১৯৭০ ৰ দশকত ভাৰতৰ পৰা উত্তৰ কেলিফৰ্ণিয়ালৈ স্থানান্তৰিত হৈছিল। তাতেই ৰাজ পেটেলে ৰবাৰ্ট মণ্ডাভি ৱাইনৰীত ইণ্টাৰ্নশ্বিপ কৰাৰ  পিছত ৱাইন উৎপাদন কৰিবলৈ আৰম্ভ কৰে। 

তেওঁ ২০ ৰ দশকত সুৰা প্ৰস্তুত কৰা আৰম্ভ কৰিছিল। পেটেল ৱাইনৰ প্ৰথম সুৰা  আছিল ২০০৭ চনৰ কেবাৰনেট চাউভিননৰ ১০০ । বহু বছৰৰ গৱেষণাৰ পিছত  পেটেলে ৰেড ৱাইন মুকলি কৰি দিয়ে।  পেটেলে অতি সীমিত মাত্ৰাত এনে ৰেড ৱাইন বজাৰত মুকলি কৰি দি আহিছে। এই সুৰাই সমগ্ৰ আমেৰিকাতে বেছ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস