--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে হোৱাইট হাউচৰ চাউথ লনত মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনে আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰে। নৈশভোজলৈ  আমন্ত্ৰণ জনোৱা অতিথিসকলক  বাজৰা, কৰ্ণ কাৰ্ণেল চালাড আৰু কাঠফুলাৰে আপ্যায়ন কৰা হয়। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ সন্মানাৰ্থে নৈশ ভোজত পৰিবেশন কৰা হয় এবিধ বিশেষ সুৰা। 

পেটেল ৰেড ৱাইন নামেৰে পৰিচিত এই সুৰাৰ বেছ নাম আছে।   নৈষ ভোজৰ পূৰ্বে  বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী জিল বিডেনে কৈছিল যে তেওঁ হোৱাইট হাউচৰ ৰান্ধনী নীনা কাৰ্টিছক প্ৰধানমন্ত্ৰী মোদীৰ বাবে বিশেষ  নিৰামিষ মেনুতৈয়াৰ কৰিবলৈ কৈছিল। কাৰণ মোদী এগৰাকী  নিৰামিষভোজী ব্যক্তি।  মোদীৰ খাদ্য তালিকাত  অন্তৰ্ভুক্ত আছিল দৈৰ চছ, মচমচীয়া  বাজৰা কেক, গ্ৰীষ্মকালীন স্কোয়াছ, মেৰিনেট কৰা বাজৰা আৰু গ্ৰিল কৰা কৰ্ণ কাৰ্ণেল চালাড। ইয়াৰ উপৰি  তৰমুজ, টেঙা আভাকাডো চছ, পোৰ্টোবেলো কাঠফুলা, ক্ৰীমি কেশৰ-ইনফিউজড ৰিচটো, গোলাপ আৰু ইলাচী-ইনফিউজড ষ্ট্ৰবেৰীও আছিল খাদ্য তালিকাৰ অংশ। নৈশভোজত অতিথিসকলক পৰিবেশন কৰা হয় পেটেল ৰেড ৱাইন।


 পেটেল ৰেড ব্লেণ্ড ২০১৯  হৈছে গুজৰাটৰ পৰা আমেৰিকালৈ নিয়া  ৰাজ পেটেলৰ মালিকানাধীন নাপা ভেলী ৱাইনৰীৰ এবিধ উৎকৃষ্ট সুৰা। এই ৱাইন  হৈছে মেৰলট আৰু কেবাৰনেট চাউভিননৰ এক সুন্দৰ মিশ্ৰণ। পেটেল ৰেড ৱাইন প্ৰতি বটলত ৭৫  ডলাৰত বিক্ৰী হয়। ৰাজ পেটেলৰ পৰিয়ালে  ১৯৭০ ৰ দশকত ভাৰতৰ পৰা উত্তৰ কেলিফৰ্ণিয়ালৈ স্থানান্তৰিত হৈছিল। তাতেই ৰাজ পেটেলে ৰবাৰ্ট মণ্ডাভি ৱাইনৰীত ইণ্টাৰ্নশ্বিপ কৰাৰ  পিছত ৱাইন উৎপাদন কৰিবলৈ আৰম্ভ কৰে। 

তেওঁ ২০ ৰ দশকত সুৰা প্ৰস্তুত কৰা আৰম্ভ কৰিছিল। পেটেল ৱাইনৰ প্ৰথম সুৰা  আছিল ২০০৭ চনৰ কেবাৰনেট চাউভিননৰ ১০০ । বহু বছৰৰ গৱেষণাৰ পিছত  পেটেলে ৰেড ৱাইন মুকলি কৰি দিয়ে।  পেটেলে অতি সীমিত মাত্ৰাত এনে ৰেড ৱাইন বজাৰত মুকলি কৰি দি আহিছে। এই সুৰাই সমগ্ৰ আমেৰিকাতে বেছ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই