--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনৰ পূৰ্বে কাৰাগাৰ পৰা পুনৰ অসমবাসীলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুকলি চিঠি প্ৰেৰণ কৰিছে। আজি সংবাদমেলৰ জৰিয়তে ৰাইজৰ দলে চিঠিখন ৰাজহুৱা কৰে।

আৰু পঢ়িব পাৰিব : মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ, নিহত চাৰিজন

পত্ৰৰ জৰিয়তে বিজেপি বিৰোধী শক্তিশালী অথবা জয়লাভৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ সপক্ষে ভোট দিবলৈ আহ্বান অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ ৰেলীত যিখিনি মানুহ হৈছে, সেইখিনি মানুহে ভোট দি তেওঁক জিকাব নোৱাৰে বুলি পত্ৰখনত গগৈয়ে উল্লেখ কৰে।

লোক নিৰ্মাণ, স্বাস্থ্য, বিত্ত, শিক্ষা এই চাৰিটা বিয়াগোম বিভাগৰ দায়িত্বত থকাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ মনোননয়ন পত্ৰ দাখিল কাৰ্যসূচীত মানুহ কম হৈছে বুলি তেওঁ কটাক্ষ কৰে।

আৰু পঢ়িব পাৰিব : বিদেশীনীৰে বিয়া? চৰকাৰে নিৰ্ধাৰণ কৰিলে কঠোৰ নিয়ম

তদুপৰি মটৰ চাইকেল লৈ ৰেলীত অংশগ্ৰহণ কৰা সকলক ৫০০টকা কৈ দিয়া বুলিও তেওঁ অভিযোগ কৰে। অৱশ্যে জন সমৰ্থন দেখুওৱা বেলেগ কথা আৰু ভোট দিয়াৰ মাজত পাৰ্থক্য আছে বুলিও উল্লেখ কৰে গগৈয়ে। তদুপৰি এইবাৰ ৰাইজে বিবেকেৰে ভোট দিব বুলি দাবী কৰে কাৰাৰুদ্ধ কৃষক নেতাজনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ