--°C
Loading...
Listen to Article
2 min read
80%

ডিব্ৰুগড় : ৰাজ্যত নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চপাৰ লগে লগে ৰাজ্যলৈ বিভিন্নজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ আগমন ঘন হৈছে। কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি চাবুৱাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী৷ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাহুলে কয় ‘মই নৰেন্দ্ৰ মোদীৰ দৰে ফাঁকিবাজ নহয়, যি কৈছোঁ, কথা দিছোঁ, সেয়া কৰি দেখুৱাম৷’ 'কা'ৰ প্ৰতিবাদ কৰি আহিছোঁ, কৰি যাম’ বুলিও ভাষণত ৰাহুলে মন্তব্য কৰে৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰত অভিনেতা যতীন বৰা!মহাজোঁটক সমালোচনা

চাবুৱাত ৰাহুল গান্ধীয়ে জনসভাৰ মাজতেই সভাত উপস্থিত থকা বাগানৰ একাংশ শ্ৰমিকৰ সৈতেও কথা পাতে৷ সভাৰ মাজতে শ্ৰমিকে ৰাহুল গান্ধীক উদ্দেশ্যি কয়, ‘যদি অসমত কংগ্ৰেছৰ চৰকাৰ হয়, তেনেহ’লে কিমান সময়ৰ ভিতৰত আপুনি শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকা কৰিব?’ শ্ৰমিকৰ প্ৰশ্নৰ উত্তৰ ৰাহুলে কয়, ‘অসমত কংগ্রেছ মহাজোঁটৰ চৰকাৰ হ’লে ৬ ঘণ্টাৰ ভিতৰত মজুৰি বৃদ্ধি কৰা হ’ব।’

আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

জনসভাত অংশ লোৱাৰ পাছতে ৰাহুল গান্ধীয়ে শ্ৰমিকৰ জীৱন যাত্ৰাৰ বুজ ল'বলৈ চাবুৱা বাগিচালৈ যাত্ৰা কৰে৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাহুল গান্ধীয়ে শিক্ষাৰ্থীৰ সৈতেও মত বিনিময় কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ