--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত মহিলাৰ কল্যাণৰ ধাৰণাটো সৱলীকৰণলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে ভাৰতে মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিছে। এতিয়া  মহিলা নেতৃত্বাধীন উন্নয়ন বিশেষ লক্ষ্যণীয় বিষয় হৈ পৰিছে।  অৰ্থনৈতিক জৰীপ ২০২৩-২০২৪ৰ ওপৰত আলোকপাত কৰি মহিলাৰ ক্ষেত্ৰত হোৱা এনে উন্নয়নৰ ছবি খন পৰিস্ফুট হয় ।কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুতা ড. নিৰ্মলা সীতাৰমণ আজি সংসদত উত্থাপন কৰে , ২০২৩-২০২৪ চনৰ অৰ্থনৈতিক জৰীপ।  অই জৰীপে ভূ-ৰাজনৈতিক আৰু বিশ্বজনীন প্ৰত্যাহ্বানৰ মাজতে  সহমতৰ জৰিয়তে দেশখনক পৰিচালিত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। ই স্থিতিস্থাপকতা প্ৰদৰ্শন কৰা সম্প্ৰসাৰিত ভাৰতীয় অৰ্থনীতিৰ বিষয়ে আলোকপাত কৰিছে। অৰ্থনৈতিক জৰীপত এই কথা  লক্ষ্য কৰা হৈছে যে ভাৰতীয় অৰ্থনীতিয়ে ক’ভিডৰ পিছৰ উত্থানক  সুদৃঢ় কৰি তুলিব পাৰিছে  আৰু শক্তিশালী আৰু সুস্থিৰতাৰ ভিত্তিত অৰ্থনীতিক গঢ় দিব পাৰিছে।

সমীক্ষাটোৱে এই কথা উল্লেখ কৰিছে যে নাৰী শক্তিৰ বাবে আঁচনিসমূহ বাস্তৱায়িত কৰিবলৈ চৰকাৰে বিভিন্ন বৃত্তিত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিভিন্ন আইনগত হস্তক্ষেপ আৰু সক্ষমতা প্ৰদানৰ দিহা  কৰিছে।

অৰ্থনৈতিক সমীক্ষাই আঙুলিয়াই দিছে যে মহিলাসকলৰ কল্যাণ আৰু সৱলীকৰণৰ আঁচনিৰ বাবে  বাজেটত ২১৮.৮ শতাংশ বৃদ্ধি কৰা হৈছে। ১৪ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল  ৯৭,১৩৪ কোটি টকা । এই পৰিমাণ ২০২৫ বিত্তীয় বৰ্ষত ৩.১০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে ।
সমীক্ষাই কৈছে  যে মহিলাৰ নেতৃত্বত বিকাশৰ আৰম্ভণি হয় কন্যা শিশুৰ স্বাস্থ্য আৰু শিক্ষা নিশ্চিতকৰণৰ পৰা। ৰাষ্ট্ৰীয় পৰ্যায়ত জন্মৰ সময়ত লিংগ অনুপাত (SRB) ৯১৮ (২০১৪-১৫)ৰ পৰা ৯৩০ (২০২৩-২৪, অস্থায়ী), আৰু ২০১৪-১৬ চনত মাতৃৰ মৃত্যুৰ হাৰ ১৩০/লাখ জীৱিত জন্মৰ পৰা ৯৭লৈ হ্ৰাস পাইছে /লাখ জীৱিত শিশুৰ জন্ম ২০১৮-২০ চনত হোৱা। “বেটি বাচাও, বেটি পঢ়াও”ৰ লগতে সুকন্যা সমৃদ্ধি যোজনাই কন্যা সন্তানক লালন-পালন, শিক্ষা দিয়া, আৰু সঞ্চয় কৰাৰ দিশত সামূহিক চেতনাক সংবেদনশীল কৰি তোলাত সহায়ক হৈছে বুলি অৰ্থনৈতিক জৰীপে পৰ্যবেক্ষণ কৰিছে।

সমীক্ষাটোৱে আঙুলিয়াই দিয়ে যে যোৱা দশকত জননী শিশু সুৰক্ষা কৰ্মক্ৰমৰ জৰিয়তে আৰু পি এম মাত্ৰুৰ সহায়ত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ বাবে ২০১৫-১৬ চনত প্ৰতিষ্ঠানিক প্ৰসৱৰ মাত্ৰা  ২০১৫-১৬ চনত ৭৮.৯ শতাংশৰ হোৱাৰ পৰা ২০১৯-২১ চনত ৮৮.৬ শতাংশলৈ বৃদ্ধি পাইছে ।
মহিলাসকলক সবলীকৰণৰ বাবে চৰকাৰী পদক্ষেপসমূহে মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ লগতে তেওঁলোকৰ বিকাশত বাধা দিয়া লিংগ-নিৰ্দিষ্ট অসুবিধাসমূহ মোকাবিলা কৰাত সহায় কৰিছে।  লিংগ—নিৰ্দিষ্ট অসুবিধাসমূহ মোকাবিলা কৰি ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত শৌচাগাৰ নিৰ্মাণ, ‘উজ্জ্বলা যোজনা’ৰ অধীনত বিশুদ্ধ ৰন্ধন গেছৰ সংযোগৰ ব্যৱস্থা আৰু ‘জল জীৱন মিছন’ৰ অধীনত নলৰ জড়িয়তে  খোৱাপানীৰ সংযোগৰ ব্যৱস্থাই মহিলাসকলৰ  কষ্ট আৰু কামৰ  বোজা হ্ৰাস কৰিছে।  

মিছন সক্ষম অংগনবাদী আৰু পোছান ২.০ কাৰ্যসূচীয়ে  মহিলাৰ স্বাস্থ্যৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিছে।  এনে কাৰ্যসূচীয়ে কেলৰিযুক্ত পৰ্যাপ্ততাৰ পৰা মাইক্ৰ’নিউট্ৰিয়েণ্ট পৰ্যাপ্ততাৰ জৰিয়তে স্বাস্থ্য, সুস্থতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰিছে। অৰ্থনৈতিক সমীক্ষাই গুৰুত্ব আৰোপ কৰিছে যে মহিলাৰ শিক্ষা, মহিলা সবলীকৰণৰ কেন্দ্ৰবিন্দু হ’ব লাগিব। ‘সৰ্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ ৰূপায়ণৰ লগে লগে বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত সকলো স্তৰতে লিংগ সমতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।  উচ্চ শিক্ষাত একেৰাহে পাঁচ বছৰ ধৰি মহিলাৰ অংশগ্ৰগ্ৰহণ  পুৰুষৰ তুলনাত  বেছি হৈছে”। 
দক্ষতা আঁচনিসমূহে মহিলাসকলক সামৰি লোৱাৰ বিশয়ত গুৰুত্ব আৰোপ কৰা বুলি স্বীকাৰ কৰি সমীক্ষাটোৱে লক্ষ্য কৰিছে যে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ হিতাীধিকাৰী(পিএমকেভিৱাই) বিত্তীয় বৰ্ষ ১৬ত ৪২.৭ শতাংশৰ পৰা ২৪ বিত্তীয় বৰ্ষত ৫২.৩ শতাংশলৈ বৃদ্ধি পাইছে। জন শিক্ষা সংস্থা (জে এছ এছ) আঁচনিৰ অধীনত মুঠ হিতাধিকাৰীৰ প্ৰায় ৮২ শতাংশ মহিলা। দীৰ্ঘম্যাদী পৰিৱেশতন্ত্ৰত অৰ্থাৎ আই টি আই আৰু ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান (এন এছ টি আই)ত মহিলাৰ অংশগ্ৰহণ ১৬ বিত্তীয় বৰ্ষত ৯.৮ শতাংশৰ পৰা ২৪ বিত্তীয় বৰ্ষত ১৩.৩ শতাংশলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনিৰ অধীনত ১৭ বিত্তীয় বৰ্ষত মহিলাৰ অংশগ্ৰহণ ৭.৭ শতাংশৰ পৰা দ্বিতীয় বিত্তীয় বৰ্ষত ২০.৮ শতাংশলৈ বৃদ্ধি পাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘু উৎপীড়নৰ ঘটনা
ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' নির্বাচিত
বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী ; কোন হয় আটাইতকৈ ধনী ক্ৰিকেটাৰ ?
গেৰুকামুখ প্রকল্প বিপজ্জনক বুলি স্বীকাৰ কেন্দ্ৰৰ
‘অপাৰেচন সিন্দূৰ’ত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰিছিল পাকিস্তানৰ ৬খন যুঁজাৰু বিমান!  বায়ুসেনাৰ মুৰব্বীৰ দাবী
নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ
এচিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ ; ডুবাইত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ মেচ
অহা সপ্তাহত মুম্বাইত ভাৰতৰ প্ৰথমটো চাৰ্জিং ষ্টেচন মুকলি কৰিব টেছলাই
সুধাকণ্ঠ স্মাৰক মুদ্রাক লৈ সামাজিক মাধ্যমত বিতর্ক
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ