--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ ২০২৩ৰ দ্বাদশ খেলখন আহমেদাবাদত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব। এই মেচখনৰ বাবে দুয়োটা দল সাজু। প্ৰাৰম্ভিক দুয়োখন মেচতে ভাৰতে জয়লাভ কৰিছে। ইতিমধ্যে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানক পৰাস্ত কৰিছে। আনহাতে পাকিস্তানেও দুয়োখন মেচতে জয়লাভ কৰিছে। এতিয়া এই মেচখন আহমেদাবাদত অনুষ্ঠিত হ’ব। এক প্ৰতিবেদন অনুসৰি ইয়াৰ পিটচ স্পিনাৰসকলৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে পাকিস্তানী বেটছমেনসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

তথ্য অনুসৰি ২০২৩ চনৰ বিশ্বকাপত এতিয়ালৈকে যিবোৰ খেলপথাৰত খেল অনুষ্ঠিত হৈছে, তাৰ ভিতৰত সৰ্বাধিক টাৰ্ণ দেখা গৈছে আহমেদাবাদৰ খেলপথাৰত। মোটেৰাৰ খেলপথাৰত বেগী বলাৰসকলে ছুইং একেবাৰেই পোৱা নাই। ধর্মশালা, দিল্লী আৰু চেন্নাইৰ পিটচ দ্রুত বলাৰৰ বাবে সহায়ক হৈ পৰিছে৷ যদি আহমেদাবাদত স্পিন ফ্ৰেণ্ডলী পিটচ থাকে তেন্তে পাকিস্তানে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

তদুপৰি টীম ইণ্ডিয়াত আছে কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে মহান স্পিন বলাৰ। যোৱা মেচত কুলদীপ আৰু জাদেজাই সুন্দৰ বলিং কৰিছে। পাক দলে নতুন পৰিকল্পনাৰে খেলপথাৰত প্ৰৱেশ কৰিব। কিন্তু যদি পাকিস্তানে শ্বাহীন আফ্ৰিদী আৰু হাছান আলীৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেন্তে সমস্যাৰ সন্মুখীন হ’ব পাৰে। পাকিস্তানৰ বেটছমেনৰ কথা ক’বলৈ গ’লে হয়তো কুলদীপ আৰু জাদেজাৰ বিৰুদ্ধে সমস্যাৰ সন্মুখীন হ’ব লাগিব৷

উল্লেখযোগ্য যে ভাৰতৰ হৈ এতিয়ালৈকে সৰ্বাধিক উইকেট দখল কৰিছে যশপ্ৰীত বুমৰাহে। বেগী বলাৰ বুমৰাহে ২ খন মেচত ৬ টা উইকেট দখল কৰিছে। পাকিস্তানৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে হাছান আলীয়ে। ২ খন মেচত ৬ টা উইকেট দখল কৰিছে হাছানে।তদুপৰি ২ খন মেচত ৫ টা উইকেট দখল কৰিছে হেৰিছ ৰাউফে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ