--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাইলৈ মহালয়া। হিন্দু ধৰ্মাৱলম্বী লোকসকলে অতি পৱিত্ৰ জ্ঞান কৰি আহিছে মহালয়াক৷ বিশ্বাস অনুসৰি এই দিনটোৰ পৰাই দুৰ্গাপূজাৰ প্ৰতিটো ক্ষণৰ গণনা আৰম্ভ হয়। মহালয়াত দুৰ্গা দেৱী পূজাৰ বাবে জাগ্ৰত হয়। শৰতৰ আগমনৰ লগে লগেই ভাৰতবৰ্ষৰ হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় উৎসৱ দুৰ্গা পূজাৰ আগমন হয়। আহিন মাহৰ শুক্লা পক্ষটোক দেৱী পক্ষ বোলা হয়।

দেৱী পক্ষৰ পূৰ্বৱৰ্তী অমাৱস্যাক মহালয়া বোলে। এই মহালয়াৰ পিছদিনাৰ পৰাই মহানৱমী লৈ এই 'ন' টা ৰাতিক নৱৰাত্ৰি হিচাপে পালন কৰা হয়। এই নৱৰাত্ৰি পূজাত দূৰ্গা দেৱীৰ নটা ৰূপৰ উপাসনা কৰা হয়৷ মা দূৰ্গাৰ এই নটা ৰূপ হ'ল- ১) শৈলপুত্ৰী ২) ব্ৰহ্মচাৰিনী ৩) চন্দ্ৰ ঘন্টা ৪) কুষ্মাণ্ডা ৫) স্কন্ধমাতা ৬) কাত্যায়ণী ৭) কালৰাত্ৰি ৮) মহাগৌৰী ৯)সিদ্ধিদাত্ৰী৷

মহালয়াৰ অৰ্থ অনুসৰি 'মহা' মানে 'পৰম' আৰু 'লয়' মানে বিলীন হোৱা। আন এটা দাৰ্শনিক মত অনুসৰি 'লয়' মানে তৰংগ(wave) অৰ্থাৎ য'ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়। তাৎপৰ্যটো হ'ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য'ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম গতি পায়। সেই মৃত ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল ভাগী হয়।

মহালয়াৰ সময়ত পিতৃকূলৰ শান্তিৰ অৰ্থে নদীৰ তীৰত শ্ৰদ্ধাসহকাৰে পিতৃ তৰ্পণ কৰাটো হিতকাৰক বুলি মনা হয়। এই দিনটোত স্বৰ্গগামী আত্মা কুশলে থকাৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷ লোক বিশ্বাস অনুসৰি মহালয়াত সূৰ্য্য উদয়ৰ কিছু আগত অৰ্থাৎ ব্ৰহ্ম মুহুৰ্তত অশৰীৰী আত্মা পৃথিৱীলৈ বিচৰণৰ বাবে নামি আহে আৰু আপোনজনক দেখা কৰিবলৈ আহে৷ ভ‌ক্তি সহকা‌ৰে এই দিনটোত শ্ৰাদ্ধ তথা অঞ্জলি তৰ্পণ কৰিলে পিতৃগণেও পুত্ৰসকলক আশীৰ্বাদ প্ৰদান কৰে আৰু অনাগতো দিনতো ভিন্ন ভা‌বে সহায় কৰি থাকে বুলি ভবা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হ'ব কাজিৰঙা, উত্তৰ-পূবৰ ৮ স্থানক লৈ ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘোষণা
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি