--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাইলৈ মহালয়া। হিন্দু ধৰ্মাৱলম্বী লোকসকলে অতি পৱিত্ৰ জ্ঞান কৰি আহিছে মহালয়াক৷ বিশ্বাস অনুসৰি এই দিনটোৰ পৰাই দুৰ্গাপূজাৰ প্ৰতিটো ক্ষণৰ গণনা আৰম্ভ হয়। মহালয়াত দুৰ্গা দেৱী পূজাৰ বাবে জাগ্ৰত হয়। শৰতৰ আগমনৰ লগে লগেই ভাৰতবৰ্ষৰ হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় উৎসৱ দুৰ্গা পূজাৰ আগমন হয়। আহিন মাহৰ শুক্লা পক্ষটোক দেৱী পক্ষ বোলা হয়।

দেৱী পক্ষৰ পূৰ্বৱৰ্তী অমাৱস্যাক মহালয়া বোলে। এই মহালয়াৰ পিছদিনাৰ পৰাই মহানৱমী লৈ এই 'ন' টা ৰাতিক নৱৰাত্ৰি হিচাপে পালন কৰা হয়। এই নৱৰাত্ৰি পূজাত দূৰ্গা দেৱীৰ নটা ৰূপৰ উপাসনা কৰা হয়৷ মা দূৰ্গাৰ এই নটা ৰূপ হ'ল- ১) শৈলপুত্ৰী ২) ব্ৰহ্মচাৰিনী ৩) চন্দ্ৰ ঘন্টা ৪) কুষ্মাণ্ডা ৫) স্কন্ধমাতা ৬) কাত্যায়ণী ৭) কালৰাত্ৰি ৮) মহাগৌৰী ৯)সিদ্ধিদাত্ৰী৷

মহালয়াৰ অৰ্থ অনুসৰি 'মহা' মানে 'পৰম' আৰু 'লয়' মানে বিলীন হোৱা। আন এটা দাৰ্শনিক মত অনুসৰি 'লয়' মানে তৰংগ(wave) অৰ্থাৎ য'ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়। তাৎপৰ্যটো হ'ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য'ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম গতি পায়। সেই মৃত ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল ভাগী হয়।

মহালয়াৰ সময়ত পিতৃকূলৰ শান্তিৰ অৰ্থে নদীৰ তীৰত শ্ৰদ্ধাসহকাৰে পিতৃ তৰ্পণ কৰাটো হিতকাৰক বুলি মনা হয়। এই দিনটোত স্বৰ্গগামী আত্মা কুশলে থকাৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷ লোক বিশ্বাস অনুসৰি মহালয়াত সূৰ্য্য উদয়ৰ কিছু আগত অৰ্থাৎ ব্ৰহ্ম মুহুৰ্তত অশৰীৰী আত্মা পৃথিৱীলৈ বিচৰণৰ বাবে নামি আহে আৰু আপোনজনক দেখা কৰিবলৈ আহে৷ ভ‌ক্তি সহকা‌ৰে এই দিনটোত শ্ৰাদ্ধ তথা অঞ্জলি তৰ্পণ কৰিলে পিতৃগণেও পুত্ৰসকলক আশীৰ্বাদ প্ৰদান কৰে আৰু অনাগতো দিনতো ভিন্ন ভা‌বে সহায় কৰি থাকে বুলি ভবা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক