--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৭৫বাৰকৈ বিয়া কৰাইছিল মুণিৰুলে। প্ৰতিমাহে ৫৫গৰাকীকৈ যুৱতীৰ সৈতে তেওঁ গঢ়িছিল সম্পৰ্ক। প্ৰেমৰ এই মহঙা দিনত মুণিৰুলৰ এই পাৰাপাৰহীন বিশাল এই প্ৰেম একপ্ৰকাৰ চমতকাৰিত্বই বুলিব পাৰি। পিছে নহয়, মুণিৰুল আৰক্ষীৰ জালত পৰাৰ পাছতহে পোহৰলৈ আহিল প্ৰকৃত সত্য।

মধ্যপ্ৰদেশৰ ইন্দোৰ আৰক্ষীৰ জালত পৰিল 'মোষ্ট ৱাণ্টেড' মুনীৰ ওৰফে মুণিৰুল৷ মুণিৰুলক ছুৰাটত গ্ৰেপ্তাৰ কৰে ইন্দোৰ আৰক্ষীয়ে৷ কাৰণ প্ৰেম কৰা, বিয়া পতাটো আছিল এই দুৰ্ধৰ্ষ অপৰাধীজনৰ পেচাহে। প্ৰকৃততে তেওঁ গৈছে এজন দেহ ব্যৱসায়ৰ দালাল তথা নাৰী সৰবৰাহকাৰী। মুণিৰুলক আৰক্ষীয়ে জোৰা কৰাৰ পাছত বহু তথ্য পোহৰলৈ আহিছে। যি তথ্যই হায়ৰাণ কৰিছে আৰক্ষীকো৷ আৰক্ষীৰ জেৰাত মুণিৰুলে প্ৰথমে স্বীকাৰ কৰে যে বাংলাদেশী যুৱতী-মহিলাক তেওঁ টাৰ্গেট হিচাপে লয়৷ ৫ বছৰ ধৰি দেহ ব্যৱসায় দালালিৰ সৈতে জড়িত হৈ আছে মুণিৰুল৷

প্ৰতি মাহত ৫৫তকৈ অধিক যুৱতী-মহিলাক নিজৰ জালত পেলায় মুণিৰুলে৷ সদ্যহতে তেওঁ ২০০তকৈও অধিক যুৱতীক বাংলাদেশৰ পৰা আনি ভাৰতত দেশ ব্যৱসায়ত লিপ্ত কৰাইছে৷ অভিযুক্তই যুৱতীসকলক বিভিন্ন প্ৰলোভন দি বাংলাদেশ আৰু ভাৰতৰ সীমান্তত থকা নৰ্দমাৰ পথেৰে লৈ আনে আৰু সীমান্তৰ ওচৰত থকা এজেণ্টৰ জৰিয়তে অন্য ঠাইলৈ পঠিয়ায়।

বৰ্তমানলৈকে মুণিৰুলে ৭৫জনীতকৈ অধিক যুৱতীৰ লগত বিবাহপাশত আৱদ্ধ হৈছে আৰু পাছত তেওঁলোককো বিক্ৰী কৰিছে৷ জানিব পৰা মতে ১১ মাহ পূৰ্বে ২১ গৰাকী বাংলাদেশী যুৱতীক আৰক্ষীয়ে উদ্ধাৰ কৰিছিল আৰু প্ৰায় ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছিল কিন্তু মুণিৰুল পলাই গৈছিল আৰু তেতিয়াৰে পৰা আৰক্ষীয়ে সন্ধান কৰি আছিল মুণিৰুলৰ৷ এই দেহ ব্যৱসায়ীজনৰ পৰা দেহ ব্যৱসায় নেটৱৰ্কৰ বহু তথ্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে ইন্দোৰ আৰক্ষীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক