--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • নগাঁও জিলাৰ কামপুৰৰ এটা পৰিয়ালে বনৰীয়া মেকুৰী পোৱালি এটা কেনেকৈ ডাঙৰ-দীঘল কৰিছিল, তাৰ এক হৃদয়স্পৰ্শী কাহিনী এতিয়া CBSE দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত অন্তৰ্ভুক্ত হৈছে। এই খবৰে স্থানীয় অঞ্চলত ব্যাপক আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে।

অসমৰ নগাঁও জিলাৰ এটা পৰিয়ালৰ অনন্য মানৱতা আৰু বন জীৱনৰ প্ৰতি থকা দায়বদ্ধতাৰ এক কাহিনীয়ে এতিয়া কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) ৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত স্থান লাভ কৰিছে। কামপুৰৰ এটা পৰিয়ালে বনৰীয়া মেকুৰীৰ পোৱালি এটা তুলি লৈ ডাঙৰ-দীঘল কৰাৰ এই বিৰল কাহিনীটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাত স্থানীয় অঞ্চলত ব্যাপক আনন্দ আৰু গৌৰৱৰ সৃষ্টি হৈছে।

এই অসাধাৰণ কাহিনীৰ মূল সূত্ৰধাৰ হ'ল কামপুৰ চহৰৰ বৃন্দাবন নগৰ, কৈলাস পথৰ ২ নং ৱাৰ্ডৰ বাসিন্দা ধৰণী শইকীয়া। বন্যপ্ৰাণী উদ্ধাৰৰ কামৰ বাবে স্থানীয়ভাৱে 'বন মানুহ' হিচাপে পৰিচিত ধৰণী শইকীয়াৰ ঘৰতে এই ঘটনা সংঘটিত হৈছিল। ২০০৯ চনত টেটেলিচোৰা গাঁৱত এটা বনৰীয়া মেকুৰীৰ পোৱালি, যিটোক স্থানীয়ভাৱে 'জাহামাল' বুলি জনা যায়, গছৰ পৰা সৰি পৰিছিল। স্থানীয় লোকে এই বিষয়ে অৱগত কৰাৰ পাছত ধৰণীয়ে তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ সহায়ত অসহায় পোৱালিটোক ঘৰলৈ লৈ আহে, যিয়ে তেওঁলোকৰ জীৱনত এক নতুন অধ্যায়ৰ সূচনা কৰে।

নৱজাতক পোৱালিটোক কেনেকৈ জীয়াই ৰখা হ'ব, তাক লৈ পৰিয়ালটো চিন্তাত পৰিছিল। সেই সময়তে ধৰণীৰ পত্নী অঞ্জলি শইকীয়াই এক অভাৱনীয় আৰু ত্যাগৰ সিদ্ধান্ত লয়। তেওঁ নিজৰ ছমহীয়া পুত্ৰ গিবন শইকীয়াৰ সৈতে সেই পোৱালিটোকো নিজৰ মাতৃ দুগ্ধ পান কৰাই লালন-পালন কৰাৰ দায়িত্ব লয়। পোৱালিটোৰ নাম ৰখা হৈছিল 'ভকত'।

'ভকত' নামৰ এই বনৰীয়া মেকুৰী পোৱালিটো পৰিয়ালটোৰ অবিচ্ছেদ্য অংগ হৈ পৰে। চাহৰ পৰা ভাত, মাছ, মাংসলৈকে সকলো খাদ্যই সি পৰিয়ালৰ আন সদস্যৰ সৈতে ভাগ বতৰা কৰিছিল। আনকি সি শিশুসকলৰ সৈতে একেখন বিছনাতে শুইছিল। সেই একেটা বৰ্ষতে সংৰক্ষণ ফটোগ্ৰাফাৰ ৰোমেল শানমুগানে এই ঘটনাৰ বিষয়ে জানিব পাৰিছিল আৰু এই ঘটনাটো লিপিবদ্ধ কৰিবলৈ দহ দিন কামপুৰত কটাইছিল। এই কাহিনীয়ে এতিয়া দেশৰ আগশাৰীৰ শিক্ষা ব’ৰ্ডৰ পাঠ্যপুথিত স্থান লাভ কৰাটোৱে স্থানীয় অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

এই কাহিনীয়ে কেৱল অসমৰেই নহয়, সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলক জীৱ-জন্তুৰ প্ৰতি মৰম আৰু সহানুভূতিৰ এক অমূল্য বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ