--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত শাওণৰ এক বিশেষ তাৎপৰ্য্য আছে। এই উপলক্ষে বহু মহিলাই শাওণৰ সোমবাৰে ব্ৰত পালন কৰে। আনকি কিছু লোকে গোটেই মাহটোতে ব্ৰত পালন কৰা দেখা যায়। সেয়েহে একাংশ লোকে কেৱল ফল-মূলহে খায়। একে সময়তে বহুতে শাওণ মাহত কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকে। আজি এই লেখাটোত আমি আপোনালোকক শাওণৰ ব্ৰতত কি কি খাব লাগে আৰু কি কি খাব নালাগে সেই বিষয়ে বিতংভাৱে জানো আহক?

 শাওণ মাহত কি খাব?

 ১. পানীয়ঃ-শাওণ মাহৰ ব্ৰতত বহু ধৰণৰ পানীয় সেৱন কৰিব পাৰি। ইয়াত লেমনেড, স্মুদি, নাৰিকলৰ পানী আদি অন্তৰ্ভুক্ত কৰিব পাৰি।

 ২. শুকান ফলঃ-শাওণত শুকান ফল সেৱন কৰিব পাৰে। ই আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শাৰীৰিক দুৰ্বলতা দূৰ কৰাত অতি ফলপ্ৰসূ। বিশেষকৈ যদি ভোক অনুভৱ হয়, এনে সময়ত এমুঠি শুকান ফল খাব লাগে।

 ৩. শাক-পাচলিঃ-শাওণত আপুনি বহু ধৰণৰ শাক-পাচলি যেনে-পানীলাও, কচু আৰু ৰঙলাউক আদি সেৱন কৰিব পাৰে। ইয়াক বিশুদ্ধ আৰু সাত্ত্বিক খাদ্য বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও বহু ধৰণৰ সতেজ ফলমূল সেৱন কৰিব পাৰে।

 শাওণ মাহত কি নাখাব?

* পুৱা সাৰ পোৱাৰ পিছত চাহ নাখাব, পুৱা খালী পেটত চাহ খালে গোটেই দিনটো গেছ সমস্যা থাকে। বৰঞ্চ দিনত কিছু পৰিমাণে লঘু আহাৰ খাব পাৰে।

* শাওণত বহু সময় খালী পেটে থাকিব নালাগে। ইয়াৰ ফলত ইমিউন পাৱাৰ উইক হয়, যাৰ ফলত গুৰুতৰ সমস্যাৰ আশংকা থাকে।

* শাওণত বেছিকৈ ভজা-পুৰা খাব নালাগে। ইয়াৰ ফলত গেছ, বদহজম আৰু কোষ্ঠকাঠিন্য হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু