--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত শাওণৰ এক বিশেষ তাৎপৰ্য্য আছে। এই উপলক্ষে বহু মহিলাই শাওণৰ সোমবাৰে ব্ৰত পালন কৰে। আনকি কিছু লোকে গোটেই মাহটোতে ব্ৰত পালন কৰা দেখা যায়। সেয়েহে একাংশ লোকে কেৱল ফল-মূলহে খায়। একে সময়তে বহুতে শাওণ মাহত কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকে। আজি এই লেখাটোত আমি আপোনালোকক শাওণৰ ব্ৰতত কি কি খাব লাগে আৰু কি কি খাব নালাগে সেই বিষয়ে বিতংভাৱে জানো আহক?

 শাওণ মাহত কি খাব?

 ১. পানীয়ঃ-শাওণ মাহৰ ব্ৰতত বহু ধৰণৰ পানীয় সেৱন কৰিব পাৰি। ইয়াত লেমনেড, স্মুদি, নাৰিকলৰ পানী আদি অন্তৰ্ভুক্ত কৰিব পাৰি।

 ২. শুকান ফলঃ-শাওণত শুকান ফল সেৱন কৰিব পাৰে। ই আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শাৰীৰিক দুৰ্বলতা দূৰ কৰাত অতি ফলপ্ৰসূ। বিশেষকৈ যদি ভোক অনুভৱ হয়, এনে সময়ত এমুঠি শুকান ফল খাব লাগে।

 ৩. শাক-পাচলিঃ-শাওণত আপুনি বহু ধৰণৰ শাক-পাচলি যেনে-পানীলাও, কচু আৰু ৰঙলাউক আদি সেৱন কৰিব পাৰে। ইয়াক বিশুদ্ধ আৰু সাত্ত্বিক খাদ্য বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও বহু ধৰণৰ সতেজ ফলমূল সেৱন কৰিব পাৰে।

 শাওণ মাহত কি নাখাব?

* পুৱা সাৰ পোৱাৰ পিছত চাহ নাখাব, পুৱা খালী পেটত চাহ খালে গোটেই দিনটো গেছ সমস্যা থাকে। বৰঞ্চ দিনত কিছু পৰিমাণে লঘু আহাৰ খাব পাৰে।

* শাওণত বহু সময় খালী পেটে থাকিব নালাগে। ইয়াৰ ফলত ইমিউন পাৱাৰ উইক হয়, যাৰ ফলত গুৰুতৰ সমস্যাৰ আশংকা থাকে।

* শাওণত বেছিকৈ ভজা-পুৰা খাব নালাগে। ইয়াৰ ফলত গেছ, বদহজম আৰু কোষ্ঠকাঠিন্য হব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ