--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত যিকোনো কাম কৰাৰ আগতে শুভ সময়, মুহূৰ্ত আৰু দিশৰ ওপৰত গুৰুত্ব দিয়া হয়। একেদৰে প্ৰতি বছৰৰ দৰে এই বছৰো ৩০ আৰু ৩১ আগষ্টত ৰাখীবন্ধন উৎসৱ পালন কৰা হ’ব। ৩০ আগষ্টৰ নিশা ৯ বজাৰ পাছৰ সময়খিনিহে শুভ বুলি গণ্য কৰা হৈছে। সাধাৰণতে পূৰ্ণিমাৰ দিনা ৰাখী বন্ধন উৎসৱ পালন কৰা হয় যদিও এইবাৰ দুদিনীয়াকৈ এই উৎসৱ পালন কৰা হ’ব। হিন্দু পঞ্জিকা অনুসৰি ৩০ আগষ্টৰ নিশা ৯.০২ বজাৰ পৰা আৰম্ভ কৰি ৩১ আগষ্টৰ পুৱা ৭.০৫ বজালৈকে শুভ সময় অব্যাহত থাকিব। এই সময়ছোৱাতহে পালন কৰিব পাৰিব পৱিত্ৰ ৰাখীবন্ধন অনুষ্ঠান।

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাখীবন্ধন সমগ্ৰ দেশজুৰি পালন কৰা হয়। এই দিনটোতে ভগ্নীসকলে মৰমৰ ভায়েক বা ককায়েকৰ হাতত এডাল সূতা বান্ধি দি ঈশ্বৰৰ ওচৰত ভাতৃৰ মংগল কামনা কৰে আৰু ভাতৃসকলেও আজীৱন ভগ্নীৰ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সেয়েহে ভাতৃ-ভগ্নীৰ সম্পৰ্কক এক মধুৰতা প্ৰদান কৰাৰ বাবেই এই অনুষ্ঠানটো অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। এই সকলোবোৰ কৰাৰ বাবে শুভ সময়, মুহূৰ্ত আৰু সঠিক দিশৰ ওপৰত গুৰুত্ব দিলে ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰিব পৰা যায়।

বাস্ত্ৰশাস্ত্ৰ অনুসৰি ৰাখী বন্ধাৰ সময়ত ভগ্নীসকলে পশ্চিম দিশলৈ আৰু ভাতৃসকলে পূব বা উত্তৰ দিশলৈ মুখ কৰি বহা উচিত। ইয়াৰ ফলত এই পৱিত্ৰ ক্ষণত ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ লগতে স্বাস্থ্যৰ ওপৰতো শুভ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়।














FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ