--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত যিকোনো কাম কৰাৰ আগতে শুভ সময়, মুহূৰ্ত আৰু দিশৰ ওপৰত গুৰুত্ব দিয়া হয়। একেদৰে প্ৰতি বছৰৰ দৰে এই বছৰো ৩০ আৰু ৩১ আগষ্টত ৰাখীবন্ধন উৎসৱ পালন কৰা হ’ব। ৩০ আগষ্টৰ নিশা ৯ বজাৰ পাছৰ সময়খিনিহে শুভ বুলি গণ্য কৰা হৈছে। সাধাৰণতে পূৰ্ণিমাৰ দিনা ৰাখী বন্ধন উৎসৱ পালন কৰা হয় যদিও এইবাৰ দুদিনীয়াকৈ এই উৎসৱ পালন কৰা হ’ব। হিন্দু পঞ্জিকা অনুসৰি ৩০ আগষ্টৰ নিশা ৯.০২ বজাৰ পৰা আৰম্ভ কৰি ৩১ আগষ্টৰ পুৱা ৭.০৫ বজালৈকে শুভ সময় অব্যাহত থাকিব। এই সময়ছোৱাতহে পালন কৰিব পাৰিব পৱিত্ৰ ৰাখীবন্ধন অনুষ্ঠান।

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাখীবন্ধন সমগ্ৰ দেশজুৰি পালন কৰা হয়। এই দিনটোতে ভগ্নীসকলে মৰমৰ ভায়েক বা ককায়েকৰ হাতত এডাল সূতা বান্ধি দি ঈশ্বৰৰ ওচৰত ভাতৃৰ মংগল কামনা কৰে আৰু ভাতৃসকলেও আজীৱন ভগ্নীৰ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সেয়েহে ভাতৃ-ভগ্নীৰ সম্পৰ্কক এক মধুৰতা প্ৰদান কৰাৰ বাবেই এই অনুষ্ঠানটো অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। এই সকলোবোৰ কৰাৰ বাবে শুভ সময়, মুহূৰ্ত আৰু সঠিক দিশৰ ওপৰত গুৰুত্ব দিলে ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰিব পৰা যায়।

বাস্ত্ৰশাস্ত্ৰ অনুসৰি ৰাখী বন্ধাৰ সময়ত ভগ্নীসকলে পশ্চিম দিশলৈ আৰু ভাতৃসকলে পূব বা উত্তৰ দিশলৈ মুখ কৰি বহা উচিত। ইয়াৰ ফলত এই পৱিত্ৰ ক্ষণত ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ লগতে স্বাস্থ্যৰ ওপৰতো শুভ প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয়।














FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান