--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লণ্ডন ভ্ৰমণৰ সময়ত দুমহলীয়া পর্যটক বাছত ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ পৰাই সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ মনত মাজুলীৰ বাবেও এনে এখন বাছৰ পৰিকল্পনাই পোখা মেলিছিল।

ডিজিটেল ডেস্ক : অৱশেষত জলন্ধৰৰ পৰা মাজুলী অভিমুখে যাত্রা আৰম্ভ কৰিলে আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ সপোন আৰু পৰিকল্পনাৰ ফচল দুমহলীয়া পর্যটক বাছ 'পুষ্পক'য়ে। মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা এই বিশেষ উদ্যোগে দ্বীপ জিলাখনৰ পৰ্যটন ক্ষেত্ৰখনত এক নতুন সম্ভাৱনাৰ বাট মুকলি কৰাৰ আশা কৰা হৈছে। 


উল্লেখযোগ্য যে লণ্ডন ভ্ৰমণৰ সময়ত দুমহলীয়া পর্যটক বাছত ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ পৰাই সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ মনত মাজুলীৰ বাবেও এনে এখন বাছৰ পৰিকল্পনাই পোখা মেলিছিল। মাজুলীৰ প্রাকৃতিক সৌন্দর্য, ঐতিহ্য-পৰম্পৰা আৰু পৰ্যটনস্থলীসমূহ দেশ-বিদেশৰ পৰ্যটকৰ সন্মুখত অধিক আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ উদ্দেশ্যে এই পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। 


জলন্ধৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা বাছখনৰ যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে সত্ৰাধিকাৰৰ এই দীৰ্ঘদিনীয়া পৰিকল্পনা বাস্তৱ ৰূপ লাভৰ দিশে আগবাঢ়িছে। অহা ২৫ নৱেম্বৰত আউনীআটী সত্ৰৰ পৰা বাছখনৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। 


মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এই বিশেষ সংযোজনক লৈ ইতিমধ্যে উৎসুকতাৰ সৃষ্টি হৈছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী