--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গীতটোৰ কথা আৰু সুৰ প্ৰয়াত প্ৰেম চমুৱাৰ। ভাস্বতী ভাৰতীৰ সুমধুৰ কণ্ঠই গীতটোক এক বিশেষ আৱেগিক মাত্ৰা প্ৰদান কৰিছে।

ডিজিটেল ডেস্ক: প্ৰেম, বিচ্ছেদ আৰু অপেক্ষাৰ কোমল অনুভূতিক সুন্দৰভাৱে প্ৰতিফলিত কৰা নতুন অসমীয়া বিষাদধৰ্মী সংগীতৰ ভিডিঅ’ ‘লাহে লাহে’ শেহতীয়াকৈ মুকলি কৰা হৈছে। আত্মিক সুৰ আৰু হৃদয়স্পৰ্শী উপস্থাপনেৰে গীতটোৱে ইতিমধ্যে সংগীতপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।


গীতটোৰ কথা আৰু সুৰ প্ৰয়াত প্ৰেম চমুৱাৰ। ভাস্বতী ভাৰতীৰ সুমধুৰ কণ্ঠই গীতটোক এক বিশেষ আৱেগিক মাত্ৰা প্ৰদান কৰিছে। আনহাতে, ভিডিঅ’টোত অভিনয় কৰিছে বি. পাল্কী, অংকুৰ আৰু ভাস্বতী ভাৰতীয়ে। তেওঁলোকৰ অভিনয়ে গীতটোৰ প্ৰেম, বিচ্ছেদ আৰু হেঁপাহৰ অনুভূতিসমূহ সুন্দৰভাৱে জীৱন্ত কৰি তুলিছে।


ভিডিঅ’টোৰ পৰিচালনা আৰু চিনেমাট’গ্ৰাফীৰ দায়িত্বত আছে বিকাশ বৰা। সম্পাদনা কৰিছে ঋতুৰঞ্জন হাতিমুৰীয়াই। মে'কআপৰ দায়িত্বত হীৰক। সংগীত প্ৰযোজনা কৰিছে ডেনিছ চহৰীয়াই। গীটাৰত ধ্ৰুৱ আৰু চিতাৰত শুভংকৰ হাজৰিকাই সংগীতৰ সংযোজন ঘটাইছে। গীতটোৰ মিক্সিং আৰু মাষ্টাৰিং কৰিছে পিংকু দাসে। ইয়াৰ ৰেকৰ্ডিং সম্পন্ন হৈছে ষ্টুডিঅ’ ৰেড এ.ভি.-ত।


‘লাহে লাহে’ শীৰ্ষক সংগীতৰ ভিডিঅ’টো বৰ্তমান ইউটিউব আৰু অন্যান্য আগশাৰীৰ সংগীত ষ্ট্ৰীমিং প্লেটফৰ্মত উপলব্ধ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী