ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ শামলী জিলাৰ বাবৰী থানা এলেকাৰ খেৰী গাঁৱৰ নিৱাসী ছাজিদৰ ঘৰত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ঘৰত থকা গেছ চিলিণ্ডাৰত জুই লগাৰ পাছত হোৱা প্ৰচণ্ড বিস্ফোৰণৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো ঘটে। সেই সময়ত কোঠাত শুই থকা ছাজিদৰ পত্নী ছাজিদা (৩১) আৰু তেওঁলোকৰ দুগৰাকী কন্যা আদন (১৩) তথা মাহিৰা (১১) জুইৰ লেলিহান শিখাত দগ্ধ হৈ গুৰুতৰভাৱে আহত হয়।
জিলা চিকিৎসালয়লৈ নিয়াৰ পাছত চিকিৎসকে তিনিওকে মৃত ঘোষণা কৰে, এই অগ্নিকাণ্ডৰ ফলত ঘৰৰ আটাইখিনি সা-সামগ্ৰী পুৰি ছাঁই হৈ যায়। জানিব পৰা মতে, জুই ইমানেই ভয়াৱহ আছিল যে ছাজিদে কোনো সহায় কৰিব নোৱাৰিলে আৰু ওচৰ-চুবুৰীয়াৰ কোনো লোকো আগবাঢ়ি আহি উদ্ধাৰ কৰিব পৰা নাছিল।
বুধবাৰে মাজনিশা প্ৰায় ১২:৩০ বজাত ছাজিদ নিজৰ পৰিয়ালৰ সৈতে ঘৰত গভীৰ নিদ্ৰাত আছিল। তেনেতে হঠাতে ঘৰৰ ভিতৰত থকা গেছ চিলিণ্ডাৰটো বিস্ফোৰণ হয়। পৰিয়ালৰ লোকসকলে কিবা এটা বুজি উঠাৰ বা বাহিৰলৈ ওলাই অহাৰ পূৰ্বেই চিলিণ্ডাৰটো প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হয়। বিস্ফোৰণৰ লগে লগে জুইৰ শিখাই সমগ্ৰ ঘৰটোকে আগুৰি ধৰে।
চিলিণ্ডাৰ বিস্ফোৰণৰ প্ৰচণ্ড শব্দ শুনি আশে-পাশে থকা গাঁওবাসী তৎক্ষণাত ঘটনাস্থলীলৈ দৌৰি আহে। গাঁওবাসীয়ে লগে লগে বাবৰী থানা আৰক্ষীক এই ঘটনাৰ খবৰ দিয়ে। খবৰ লাভ কৰাৰ পাছতে আৰক্ষী বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে গাঁওবাসীৰ সহযোগত যথেষ্ট কষ্টৰ অন্তত ঘৰটোত লগা ভয়ংকৰ জুই নিয়ন্ত্ৰণলৈ আনে।
জুই নুমুৱাৰ পাছত গুৰুতৰভাৱে দগ্ধ ছাজিদা আৰু তেওঁৰ দুগৰাকী কন্যা আদন আৰু মাহিৰাক এম্বুলেন্সৰ জৰিয়তে শামলীৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত চিকিৎসকসকলে পৰীক্ষা-নিৰীক্ষাৰ অন্তত তিনিওকে মৃত ঘোষণা কৰে। আনফালে, ঘৰত থকা সকলো ঘৰুৱা সা-সামগ্ৰী, কাপোৰ-কানি আৰু অন্যান্য প্ৰয়োজনীয় বস্তু সম্পূৰ্ণৰূপে পুৰি ভস্মীভূত হয়।
এটা পৰিয়ালৰ তিনিটাকৈ প্ৰাণ নিমিষতে শেষ হৈ যোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ খেৰী গাঁৱতে শোকৰ ছাঁ পৰে। বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰাই ছাজিদৰ ঘৰত গাঁৱবাসী আৰু আত্মীয়-স্বজনৰ বৃহৎ সমাগম হ’বলৈ ধৰে। মাক আৰু দুগৰাকী কন্যাৰ মৃত্যুত পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰিছে আৰু সমগ্ৰ গাঁৱতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।