ডিজিটেল ডেস্ক: উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত জগতৰ বাবে পুনৰ আহিছে এক গৌৰৱৰ খবৰ। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ প্ৰতিভাৱান কণ্ঠশিল্পী ৰিতো ৰিবাই নিজৰ শেহতীয়া গীত ‘দিলৰুবা দিলনশী’-ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। দেশজুৰি খলকনি তুলিবলৈ সক্ষম হৈছে গীতটিয়ে। ৰিতো ৰিবাৰ এই জনপ্ৰিয় গীতটিয়ে শেহতীয়াকৈ Shazam India Chart-ৰ শীৰ্ষস্থান অৰ্থাৎ প্ৰথম স্থান দখল কৰি সংগীতপ্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।
এসময়ত জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘Indian Idol Season 13’-ৰ Top 15-ত স্থান লাভ কৰিবলৈ সক্ষম নোহোৱা ৰিতো ৰিবাই অৱশ্যে সেই বিফলতাক নিজৰ সংগীত যাত্ৰাৰ অন্ত বুলি মানি লোৱা নাছিল। নিজৰ প্ৰতিভা আৰু একাগ্ৰতাক সম্বল কৰি তেওঁ স্বাধীন সংগীতৰ জগতখনত আগবাঢ়ি গৈছিল। সময়ৰ লগে লগে নিজৰ কণ্ঠ আৰু সৃষ্টিশীল প্ৰতিভাৰে সংগীতপ্ৰেমীৰ হৃদয়ত এক সুকীয়া স্থান গঢ়ি তুলিবলৈ সক্ষম হয় শিল্পীগৰাকীয়ে।
ইয়াৰ পূৰ্বে তেওঁৰ জনপ্ৰিয় গীত ‘হীৰ ৰানঝা’-ই ইউটিউবত ৪৪ মিলিয়নৰো অধিক ভিউ লাভ কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই সফলতাই ৰিতো ৰিবাক এগৰাকী উদীয়মান কণ্ঠশিল্পী হিচাপে বিশেষ পৰিচিতি প্ৰদান কৰাৰ লগতে তেওঁৰ সংগীত যাত্ৰাকো নতুন গতি প্ৰদান কৰিছিল।
উল্লেখযোগ্য যে, ১৬ নৱেম্বৰ, ২০২৬ তাৰিখৰ তথ্য অনুসৰি, ‘Dilruba Dilnasheen’ গীতটোৱে Shazam India Chart-ত প্ৰথম স্থান লাভ কৰাৰ লগতে Spotify India-ৰ Daily Chart-তো চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। দুয়োটা জনপ্ৰিয় সংগীত প্লেটফৰ্মত গীতটোৱে লাভ কৰা এই সাফল্যই ৰিতো ৰিবাৰ জনপ্ৰিয়তাৰ পৰিসৰ কিমান দ্ৰুতগতিত বৃদ্ধি পাইছে, তাৰেই ইংগিত বহন কৰিছে।
বিশেষকৈ, এটা ৰিয়েলিটী শ্ব’ত আকাংক্ষিত স্থান লাভ কৰিব নোৱাৰাৰ পিছতো হাৰ নমনা ৰিতো ৰিবাৰ এই যাত্ৰা বহু নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁৰ সফলতাই পুনৰ প্ৰমাণ কৰিছে যে প্ৰতিভা, অধ্যৱসায় আৰু নিজৰ সপোনৰ প্ৰতি থকা দৃঢ় বিশ্বাসেৰে আগবাঢ়ি গ'লে বিফলতাকো সফলতাৰ জখলা হিচাপে ব্যৱহাৰ কৰিব পাৰি।
ৰিতো ৰিবাৰ এই সাফল্য কেৱল অৰুণাচল প্ৰদেশৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও গৌৰৱৰ বিষয়। অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ সংগীতপ্ৰেমীৰ বাবেও তেওঁৰ এই উত্থান নিশ্চয়কৈ আনন্দ আৰু উৎসাহৰ খবৰ।
স্থানীয় পৰিসৰৰ পৰা ৰাষ্ট্ৰীয় সংগীতৰ মঞ্চলৈ ৰিতো ৰিবাৰ এই যাত্ৰাই আকৌ এবাৰ প্ৰতিফলিত কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীসকলৰ মাজত লুকাই থকা অপাৰ প্ৰতিভা আৰু সম্ভাৱনাৰ কথা।