--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিমান পৰিচাৰিকা!পাকিস্তানৰ পৰা যাত্ৰা কৰা বিমান পৰিচাৰিকাগৰাকী হঠাৎ অন্তৰ্ধান হৈ পৰিল৷অনুসন্ধানৰ অন্তত টৰন্টোৰ এখন হোটেলৰ কোঠাত উদ্ধাৰ হয় এখন টোকা৷ টোকাটোত উল্লেখ আছিল "ধন্যবাদ,পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স।"

কিন্তু এনে এটা প্ৰশংসামূলক টোকা, এগৰাকী বিমান পৰিচাৰিকাই আৰামদায়ক বিমান যাত্ৰাৰ পাছত এজন যাত্ৰীৰ পৰা পাব বুলি আশা কৰিব পৰা যায়৷কিন্তু দৰাচলতে ‘ধন্যবাদ পি আই এ’ বুলি লিখা টোকাখন প্ৰকৃততে এগৰাকী এয়াৰ হোষ্টেছহে লিখি হোটেলৰ কোঠাত এৰি থৈ যায়।

এই টোকাটো পিআইএৰ সৈতে কৰ্মৰত বিমান পৰিচাৰিকা মৰিয়াম ৰাজাই লিখিছিল বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ সোমবাৰে (২৬ ফেব্ৰুৱাৰী) ইছলামাবাদৰ পৰা বিমানেৰে টৰন্টোত অৱতৰণ কৰা মৰিয়াম ৰাজাই এদিন পাছত কৰাচীলৈ উভতি আহিবলগীয়া বিমানখনত কৰ্তব্যৰ বাবে যথাসময়ত উপস্থিত হোৱা নাছিল।যেতিয়া মৰিয়ামক বিচাৰি থকা কৰ্তৃপক্ষই তেওঁৰ হোটেলৰ কোঠাটো খোলে, তেতিয়া কৰ্তৃপক্ষই মৰিয়ামক পিআইএৰ দ্বাৰা প্ৰদান কৰা ইউনিফৰ্মত ‘ধন্যবাদ, পিআইএ’ উল্লেখিত টোকাটো উদ্ধাৰ কৰে৷

পিছে কানাডাত অৱতৰণ কৰি পাতল অদৃশ্য হোৱা একমাত্ৰ উদাহৰণ মৰিয়াম ৰাজা নহয়।প্ৰকৃততে মৰিয়ামে মাত্ৰ এটা ট্ৰেণ্ড বা প্ৰথাহে অনুসৰণ কৰিছিল।২০২৪ চনৰ জানুৱাৰী মাহত কানাডাত পিআইএৰ বিমান পৰিচাৰিকা ফাইজা মুখটাৰ নিৰুদ্দেশ হোৱাৰ মাত্ৰ এমাহৰ পাছতে মৰিয়াম নিৰুদ্দেশ হৈছে।

ক্ৰু মেম্বাৰ মৰিয়াম আৰু ফাইজাৰ নিৰুদ্দেশে আচলতে পিআইএৰ বাবে এক চিন্তনীয় পৰিবেশৰ সূচনা কৰে৷আৰু পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইন্সৰ বাবে এনে ঘটনাই আৰ্থিক আৰু বিশ্বাসযোগ্যতাৰ লোকচানৰ অৱস্থা সৃষ্টি কৰে।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু আন্তঃৰাষ্ট্ৰীয় ড’লৰ পৰা ঋণ লৈ জীয়াই থকা পাকিস্তানে ২০২৩ চনত অভিলেখ সৃষ্টি কৰা মগজুৰ বহিৰ্গমন দেখিবলৈ পাইছে।পাকিস্তানত নিজৰ ভৱিষ্যতৰ বিষয়ে নিশ্চিত নহৈ দক্ষ পেছাদাৰীসকলে পাকিস্তান এৰি ইতিমধ্যে বেলেগ দেশমুখী হৈ পৰিছে ।

ইপিনে পাকিস্তানী বিমান পৰিচাৰকসকলৰ অন্তৰ্ধান হোৱাৰ ধাৰাটো ২০১৯ চনৰ পৰাই আৰম্ভ হৈছিল আৰু শেহতীয়াকৈ ই বৃদ্ধি পাইছে বুলি বিমান পৰিবহণৰ বাতৰি ৱেবছাইট ছিম্পল ফ্লাইঙে প্ৰকাশ কৰিছে।অৱশ্যে ‘মিডইষ্ট ’ ভিত্তিক বাতৰি ৱেবছাইট দ্য মিডিয়া লাইনে দাবী কৰিছে যে ২০১৮ চনৰ পৰাই কানাডা আৰু অন্যান্য দেশত আশ্ৰয় বিচৰা পিআইএৰ বিমান পৰিচাৰিকাসকলৰ বিষয়ে তথ্য লাভ কৰা হৈছিল।

যোৱা বছৰ ২০২৩ চনত কানাডাত অৱতৰণ কৰাৰ পাছত পিআইএৰ কমেও সাতগৰাকী বিমান পৰিচাৰক নিৰুদ্দিষ্ট হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।পিআইএৰ মুখপাত্ৰ আব্দুল্লা হাফিজ খানে জনোৱা মতে, ২০২৩ চনৰ ডিচেম্বৰ মাহত লাহোৰৰ আল্লামা ইকবাল ইণ্টাৰনেশ্যনেলৰ পৰা টৰন্টোত অৱতৰণ কৰা পিআইএৰ দুজন কেবিন ক্ৰুৱে পাকিস্তানলৈ উভতি অহা বিমানৰ বাবে কৰ্তব্যস্থলীত উপস্থিত হোৱা নাছিল।

পিআইএৰ ক্ৰু মেম্বাৰ আয়াজ কুৰেছি, খালিদ আফ্ৰিদী আৰু ফিদা হুছেইন শ্বাহে কানাডাত অৱতৰণ কৰাৰ পাছত ২০২৩ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত নিৰুদ্দিষ্ট হৈছিল বুলি জানিব পৰা গৈছে।

২০২৩ চনৰ নৱেম্বৰ মাহত পিআইএৰ মুখপাত্ৰ আব্দুল্লা হাফিজ খানে আৰব নিউজক জনাইছিল যে, “এই নিৰুদ্দিষ্ট হোৱা ঘটনাবোৰৰ কাৰণ কানাডা চৰকাৰৰ অত্যধিক উদাৰ আশ্ৰয় কাৰ্যসূচী।খানে কয় যে ২০২২ চনত পিআইএৰ চাৰিজন কেবিন ক্ৰু একেদৰেই নিৰুদ্দিষ্ট হোৱাৰ বিপৰীতে ২০২৩ চনত আৰু চাৰিজন  নিৰুদ্দিষ্ট হয়।

পিআইএৰ বিষয়াসকলে কানাডাৰ শিথিল আশ্ৰয়ৰ নিয়মৰ কথা আঙুলিয়াই দিলেও বিশেষজ্ঞসকলৰ মতে বিমান সংস্থাটোৰ ক্ৰুৰ কম দৰমহা আৰু বিমান সংস্থাটোৰ ভৱিষ্যতৰ প্ৰতি দীৰ্ঘদিনীয়া ভয়ে ক্ৰু সদস্যসকলক ঘৰলৈ উভতি অহাতকৈ কানাডাত অৱতৰণ কৰাৰ পাছত পলায়ন কৰিবলৈ প্ৰেৰণা দিছে।

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, লোকচান হোৱা বিমান সংস্থাটোক নতুন ৰূপ দিয়াৰ ব্যৱস্থা হিচাপে পাকিস্তানৰ নিৰ্বাচনৰ দুদিন পূৰ্বে ফেব্ৰুৱাৰী মাহত পাকিস্তানৰ কেয়াৰটেকাৰ কেবিনেটে অনুমোদন জনাইছিল।

সামা টিভিৰ বাতৰি অনুসৰি কানাডাত নিৰুদ্দিষ্ট হোৱা পাকিস্তানী বিমান পৰিচাৰকৰ সংখ্যা বাৰ্ষিক গড়ে পাঁচজন। পাঁচ বছৰত কানাডাত ৰাজনৈতিক আশ্ৰয় বিচৰা পিআইএৰ কৰ্মচাৰীসকলৰ নিয়োগৰ সময়সীমা ১৫ৰ পৰা ১৭ বছৰ, আনহাতে তেওঁলোকৰ বয়স ৩৫ৰ পৰা ৪০ বছৰ বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷

বহুলোকৰ মতে বিমান সংস্থাটোৰ মিড ছিনিয়ৰ সদস্যসকলে কানাডাত আশ্ৰয় বিচাৰিছে। সোমবাৰে (২৬ ফেব্ৰুৱাৰী) নিৰুদ্দিষ্ট হ’বলগীয়া পিআইএৰ পৰিচাৰিকা মৰিয়ামে ১৫ বছৰ ধৰি পিআইএৰ সৈতে কাম কৰিছিল।অৰ্থনীতিৰ দুৰাৱস্থা আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবেই পাকিস্তানত অভিলেখ ৰূপত সৃষ্টি হৈছে মুদ্ৰাস্ফীতি। পাকিস্তানৰ নাগৰিকে বিদেশত উন্নত সম্ভাৱনা বিচৰাটো অস্বাভাৱিক নহয়। যিয়ে পাৰে,এই পৰিস্থিতিৰ পৰা ওলাই যাবলৈ চেষ্টা কৰে। আৰু পিআইএৰ কেবিন ক্ৰু সদস্যসকলে বিনামূলীয়াকৈ উৰা মৰাটোক এক সুৱৰ্ণ সুযোগ হিচাপে গ্ৰহণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ