--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজাত এতিয়া এক ভাবিব নোৱাৰা পৰিস্থিতিয়ে বিৰাজ কৰিছে।  ইজৰাইল আৰু হামাছৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধৰ বাবেই গাজাত গৃহহাৰা হৈ পৰিছে লাখ লাখ লোক। খাদ্য আৰু পানীয়ৰ বাবে এতিয়া হাহাকাৰ কৰিছে লাখ লাখ লোকে।   দিন বাগৰাৰ লগে লগে পৰিস্থিতি অধিক বেয়া হৈ আহিছে। তাত থকা সাধাৰণ মানুহে আটাইতকৈ বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। লাখ লাখ পেলেষ্টাইনীয়ে  অনাহাৰে দিনৰ পিছত দিন কটাইছে। 

জৰ্ডানৰ পৰা বিমানেৰে খাদ্যৰ টোপোলা গাজালৈ প্ৰেৰণ কৰা হৈছে যদিও সেয়া এপাচি শাকত এটা জালুকৰ দৰে হৈছে।  ইফালে, হামাছ  আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ কথা চলি আছিল যদিও সেয়া এতিয়া স্তিমিত হৈ পৰিছে। এক কথাত গাজাত এতিয়া আশাহীন জীৱন। অন্ত পৰা নাই ধোঁৱা আৰু বাৰুদৰ কাহিনী৷ এতিয়াও যুদ্ধ উন্মাদনাত বিধ্বস্ত-বিপৰ্যস্ত ইজৰাইল-পেলেষ্টাইন৷ যুদ্ধৰ বিভীষিকাই ৰেহাই দিয়া নাই কাকো৷ গাজাত এতিয়া মৃত্যুৰ কিৰীলি৷ বতাহত উফৰি আহে  মৰণকাতৰ আৰ্তনাদ৷ কেতিয়া ক’ত বোমা ফুটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে। 

শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱাৰ পিছতো এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামিছে ইজৰাইলত। মানৱতাৰ বধ্যভূমি গাজাত এতিয়া মৃতদেহৰ লানি দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত হোৱা আক্ৰমণে আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো।

 যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰা ইজৰাইলত এতিয়া চাইৰেণ বাজিলেই আতংকিত হৈ পৰে সৰ্ব সাধাৰণ৷ সৃষ্টি হৈছে হাহাকাৰ পৰিবেশ৷ এফালে, বোমাবৰ্ষণৰ শব্দ, আনফালে হাস্পতালত ৰোগী আৰু আহতসকলৰ মৰণকাতৰ আৰ্তনাদ৷ ক্ষুদ্ৰ চহৰখনৰ চৌদিশে এতিয়া মাথো মৃত্যুৰ কিৰীলি৷ হাস্পতালে হাস্পতালে আহত লোকৰ ভিৰ৷ 

যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে ইজৰাইল-পেলেষ্টাইনৰ আকাশ-বতাহ। হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলে ঘোষণা কৰা গাজাক মৃত্যু উপত্যকাত পৰিণত কৰিছে। ইতিমধ্যেই সহস্ৰাধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত। ইজৰাইল-হামাছৰ এই যুদ্ধই বিশ্বজুৰি সৃষ্টি কৰিছে উদ্বেগ-উৎকণ্ঠাৰ৷ যুদ্ধভূমিত শিশুহত্যা, নাৰী নিৰ্যাতনৰ ঘটনাই লজ্জিত কৰিছে আধুনিক সভ্যতাক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন