--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজাত এতিয়া এক ভাবিব নোৱাৰা পৰিস্থিতিয়ে বিৰাজ কৰিছে।  ইজৰাইল আৰু হামাছৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধৰ বাবেই গাজাত গৃহহাৰা হৈ পৰিছে লাখ লাখ লোক। খাদ্য আৰু পানীয়ৰ বাবে এতিয়া হাহাকাৰ কৰিছে লাখ লাখ লোকে।   দিন বাগৰাৰ লগে লগে পৰিস্থিতি অধিক বেয়া হৈ আহিছে। তাত থকা সাধাৰণ মানুহে আটাইতকৈ বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। লাখ লাখ পেলেষ্টাইনীয়ে  অনাহাৰে দিনৰ পিছত দিন কটাইছে। 

জৰ্ডানৰ পৰা বিমানেৰে খাদ্যৰ টোপোলা গাজালৈ প্ৰেৰণ কৰা হৈছে যদিও সেয়া এপাচি শাকত এটা জালুকৰ দৰে হৈছে।  ইফালে, হামাছ  আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ কথা চলি আছিল যদিও সেয়া এতিয়া স্তিমিত হৈ পৰিছে। এক কথাত গাজাত এতিয়া আশাহীন জীৱন। অন্ত পৰা নাই ধোঁৱা আৰু বাৰুদৰ কাহিনী৷ এতিয়াও যুদ্ধ উন্মাদনাত বিধ্বস্ত-বিপৰ্যস্ত ইজৰাইল-পেলেষ্টাইন৷ যুদ্ধৰ বিভীষিকাই ৰেহাই দিয়া নাই কাকো৷ গাজাত এতিয়া মৃত্যুৰ কিৰীলি৷ বতাহত উফৰি আহে  মৰণকাতৰ আৰ্তনাদ৷ কেতিয়া ক’ত বোমা ফুটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে। 

শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱাৰ পিছতো এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামিছে ইজৰাইলত। মানৱতাৰ বধ্যভূমি গাজাত এতিয়া মৃতদেহৰ লানি দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত হোৱা আক্ৰমণে আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো।

 যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰা ইজৰাইলত এতিয়া চাইৰেণ বাজিলেই আতংকিত হৈ পৰে সৰ্ব সাধাৰণ৷ সৃষ্টি হৈছে হাহাকাৰ পৰিবেশ৷ এফালে, বোমাবৰ্ষণৰ শব্দ, আনফালে হাস্পতালত ৰোগী আৰু আহতসকলৰ মৰণকাতৰ আৰ্তনাদ৷ ক্ষুদ্ৰ চহৰখনৰ চৌদিশে এতিয়া মাথো মৃত্যুৰ কিৰীলি৷ হাস্পতালে হাস্পতালে আহত লোকৰ ভিৰ৷ 

যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে ইজৰাইল-পেলেষ্টাইনৰ আকাশ-বতাহ। হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলে ঘোষণা কৰা গাজাক মৃত্যু উপত্যকাত পৰিণত কৰিছে। ইতিমধ্যেই সহস্ৰাধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত। ইজৰাইল-হামাছৰ এই যুদ্ধই বিশ্বজুৰি সৃষ্টি কৰিছে উদ্বেগ-উৎকণ্ঠাৰ৷ যুদ্ধভূমিত শিশুহত্যা, নাৰী নিৰ্যাতনৰ ঘটনাই লজ্জিত কৰিছে আধুনিক সভ্যতাক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক