--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত বিত্তীয় বর্ষ সমাপ্ত হ'বলৈ মাজত মাথোঁ এটা মাহ বাকী আছে। কিন্তু এতিয়াও কেন্দ্ৰীয় চৰকাৰে বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধার্য কৰা ধনৰ সিংহভাগেই ব্যয় কৰিব পৰা নাই। এনেদৰে নিৰ্দিষ্ট সময়ত ধন ব্যয় কৰিব নোৱৰাত এতিয়া উদ্বিগ্ন হৈ পৰিছে ড'নাৰ মন্ত্ৰ্যালয়। 

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৫৭টা মন্ত্ৰ্যালয়ে নিজা নিজা বাজেটৰ দহ শতাংশ ধন উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ব্যয় কৰিব লাগে। 

সেই অনুসৰি চলিত বিত্তীয় বৰ্ষৰ বাজেটত (সংশোধিত) উত্তৰ-পূবৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ আছিল ৮৭,৭৩৫.৯৬ কোটি টকা। কিন্তু এই বৃহৎ পৰিমাণৰ ধনৰ ভিতৰত যোৱা ২৭ জানুৱাৰীলৈকে মাত্র ৫৯.৬৮ শতাংশ ধনহে ব্যয় হৈছে। জানিব পৰা মতে, মন্ত্ৰ্যালয়সমূহে ধন ব্যয় কৰিব নোৱৰা বিষয়টোক লৈ যোৱা ২৭ জানুৱাৰীত ড'নাৰ মন্ত্ৰ্যালয়ে এখন বিশেষ বৈঠকৰো আয়োজন কৰিছিল। উক্ত বৈঠকত প্রতিটো মন্ত্ৰ্যালয়কে মাৰ্চৰ ভিতৰত বাকী থকা ধন যিকোনো প্ৰকাৰে ব্যয় কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত শেহতীয়াকৈ ড'নাৰ মন্ত্ৰ্যালয়ে প্রকাশ কৰা এক প্রতিবেদন অনুসৰি ধন ব্যয়ৰ ক্ষেত্ৰত সকলোতকৈ পিছপৰি আছে কৃষি মন্ত্ৰ্যালয়। কৃষি মন্ত্ৰ্যালয়ৰ অধীনত উত্তৰ-পূবৰ বাবে বাজেটত ১৩,৬৭৫.২ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও ব্যয় হৈছে মাত্র ২২১৩ কোটি টকাহে। অর্থাৎ, মাত্র ১৬.১৮ শতাংশ ধনহে ব্যয় হৈছে। একেদৰে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্র্যালয়েও এতিয়ালৈকে বাজেটত ধাৰ্য কৰা ধনৰ মাত্র ৪৭.৩৮ শতাংশ ধনহে ব্যয় কৰিছে। অথচ চলিত বিত্তীয় বর্ষৰ্ষত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে উত্তৰ-পূবৰ বাবে ধাৰ্য কৰিছিল ১৯,৪৪৫ কোটি টকা। এই ধনৰ ভিতৰত এতিয়ালৈকে ব্যয় কৰিব পাৰিছে ৯২১৩.৩১ কোটি টকাহে। 

একেদৰে স্বাস্থ্য, শিক্ষা আদি আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্র্যালয়ে এতিয়ালৈকে ৬০ শতাংশ ধনো ব্যয় কৰিব পৰা নাই। অথচ চলিত বিত্তীয় বর্ষ সমাপ্ত হ'বলৈ মাত্র কেইটামান দিনহে বাকী আছে। ইফালে পি এম ডিভাইন আঁচনিৰ ধনো অসম তথা উত্তৰ-পূবত সঠিকভাবে ব্যয় নোহোৱাৰ সন্দৰ্ভত বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়। তথ্য অনুসৰি উত্তৰ-পূবৰ বাবে গ্রহণ কৰা পি এম ডিভাইন আঁচনিৰ নামত যোৱা ৩১ ডিচেম্বৰলৈকে ৩৬টা প্ৰকল্পৰ নামত ৪৯২৭.২২ কোটি টকা অনুমোদন জনোৱা হৈছে। ইয়াৰে ভিতৰত এতিয়ালৈকে মাত্র ১২১.২১ কোটি টকা ব্যয়সাপেক্ষ দুটা প্রকল্পহে সম্পূর্ণ হৈছে। কাম সম্পূর্ণ হোৱা দুয়োটা প্রকল্পই হৈছে ছিকিমৰ। ইয়াৰ বিপৰীতে পি এম ডিভাইন আঁচনিৰ অধীনত অসমৰ বাবে অনুমোদিত প্ৰকল্পৰ সংখ্যা হৈছে পাঁচটা। কিন্তু উক্ত পাঁচটা প্ৰকল্পৰ ভিতৰত এটা প্রকল্পও এতিয়ালৈকে সম্পূর্ণ হোৱা নাই। তথ্য অনুসৰি অসমৰ প্ৰকল্পকেইটা হৈছে ক্রমে কামৰূপ জিলাৰ বিছখন বিদ্যালয়ক চেণ্টাৰ অব্ এক্সেলেন্সলৈ ৰূপান্তৰ, কামাখ্যাৰ মন্দিৰলৈ কৰিডৰ নিৰ্মাণ, শিৱসাগৰ জিলাত চিকিৎসা মহাবিদ্যালয় (এশখন আসন) স্থাপন, ধাৰাপুৰৰ পৰা বিমান বন্দৰ সংযোগী চাৰিলেনযুক্ত পথ নিৰ্মাণ আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত এটা দক্ষতা বিকাশ কেন্দ্র স্থাপন। কিন্তু উক্ত প্রকল্পসমূহৰ কামৰ অগ্রগতিক লৈও ড'নাৰ মন্ত্ৰ্যালয়ে উদ্বিগ্নতা ব্যক্ত কৰিছে।

উৎসঃ দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement