--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰয়েই আপোনাৰ চকুৰ খজুৱতি বা চকু ৰঙা হোৱাৰ দৰে  সমস্যা হয় নেকি? এনে সমস্যাসমূহ নিৰ্মূল কৰাৰ লগতে চকুযুৰি ভালে ৰাখিবলৈ কি খোৱা উচিত? এই সকলোবোৰ উত্তৰৰ বাবে পঢ়ক এই লেখাটো৷ 
চকুটো এটা অতি সংবেদনশীল অংগ। সেয়েহে  প্ৰথমে চকুৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। চিকিৎসকসকলৰ মতে, চকু ভাল ৰখাৰ এটা উপায় হ'ল প্ৰতিদিনে কিছুমান স্বাস্থ্যকৰ খাদ্য ৰুটিনত ৰখা।
প্ৰথমে আপোনাৰ চকুৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ।
বয়স বাঢ়ি অহাৰ লগে লগে  দৃষ্টিশক্তি অলপ দুৰ্বল হৈ পৰে। কিন্তু ইয়াৰ বাবে  ভয় কৰাৰ কোনো কাৰণ নাই।  কম বয়সতে চকুৰ সমস্যা হোৱাটো সঠিক নহয়। লেপটপ, ম'বাইল ফোনৰ অত্যাধিক ব্যৱহাৰৰ ফলত কম বয়সতে বিভিন্ন চকুৰ ৰোগ হয়। চকুৰ চকুপানী, ৰঙা চকু, খজুৱতি চকু - এনে বহুতো সমস্যাত কেতিয়াবা ভুগিব লগা হয়। বহুলোকে এই লক্ষণবোৰৰ প্ৰতি বিশেষ মনোযোগ নিদিয়ে। ফলত সমস্যাটো অধিক বেয়াৰ ফালে ঢাল  খায়।সেয়ে অধিক কষ্ট অথবা খৰচ নকৰাকৈ চুকযুৰি ভালে ৰাখিবলৈ খাওঁক তলত দিয়া খাদ্যসমূহ৷ 

মাছ
সকলো মাছ  চকুৰ বাবে উপকাৰী নহয়৷ । অমেগা-৩ সমৃদ্ধ মাছহে  চকুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কেইবাটাও সামুদ্ৰিক মাছত অমেগা-৩ থাকে। আপুনি এনে মাছ  সপ্তাহত দুই বা তিনিদিন খাব পাৰে৷ ইয়াৰ জৰিয়তে  দৈনিক নাখালেও আপুনি লাভান্বিত হ'ব।

বাদাম
চকুৰ স্বাস্থ্য ভালে ৰখাত আঁহ, খনিজ সমৃদ্ধ বাদামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাদামে আপোনাক শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাৰ লগতে দৃষ্টিশক্তি শক্তিশালী কৰাত সহায় কৰিব পাৰে।

পালেং
পালেং শাক হৈছে চকুৰ যত্ন লোৱা পাচলিবোৰৰ ভিতৰত এটা। বিটা-কেৰোটিন, ভিটামিন এ-ৰ দৰে পুষ্টিগত গুণাগুণৰ বাবে, পালেং শাকে চকুৰ বহুতো সমস্যা আঁতৰাবলৈ সক্ষম হয়।

ব্ৰকলি
চকু স্বাস্থ্যৱান ৰাখিবলৈ ভিটামিন চি ৰ প্ৰয়োজন। ব্ৰকলিত ভিটামিন চিৰ পৰিমাণ বহুত বেছি। আপুনি এই পাচলি চালাডতো ব্যৱহাৰ কৰিব পাৰে। আপুনি মাছৰ আঞ্জাত ব্ৰকলিও দিব পাৰে। যিকোনো প্ৰকাৰে, খাদ্য  তালিকাত ব্ৰকলি ৰখাটো গুৰুত্বপূৰ্ণ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ