--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰয়েই আপোনাৰ চকুৰ খজুৱতি বা চকু ৰঙা হোৱাৰ দৰে  সমস্যা হয় নেকি? এনে সমস্যাসমূহ নিৰ্মূল কৰাৰ লগতে চকুযুৰি ভালে ৰাখিবলৈ কি খোৱা উচিত? এই সকলোবোৰ উত্তৰৰ বাবে পঢ়ক এই লেখাটো৷ 
চকুটো এটা অতি সংবেদনশীল অংগ। সেয়েহে  প্ৰথমে চকুৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। চিকিৎসকসকলৰ মতে, চকু ভাল ৰখাৰ এটা উপায় হ'ল প্ৰতিদিনে কিছুমান স্বাস্থ্যকৰ খাদ্য ৰুটিনত ৰখা।
প্ৰথমে আপোনাৰ চকুৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ।
বয়স বাঢ়ি অহাৰ লগে লগে  দৃষ্টিশক্তি অলপ দুৰ্বল হৈ পৰে। কিন্তু ইয়াৰ বাবে  ভয় কৰাৰ কোনো কাৰণ নাই।  কম বয়সতে চকুৰ সমস্যা হোৱাটো সঠিক নহয়। লেপটপ, ম'বাইল ফোনৰ অত্যাধিক ব্যৱহাৰৰ ফলত কম বয়সতে বিভিন্ন চকুৰ ৰোগ হয়। চকুৰ চকুপানী, ৰঙা চকু, খজুৱতি চকু - এনে বহুতো সমস্যাত কেতিয়াবা ভুগিব লগা হয়। বহুলোকে এই লক্ষণবোৰৰ প্ৰতি বিশেষ মনোযোগ নিদিয়ে। ফলত সমস্যাটো অধিক বেয়াৰ ফালে ঢাল  খায়।সেয়ে অধিক কষ্ট অথবা খৰচ নকৰাকৈ চুকযুৰি ভালে ৰাখিবলৈ খাওঁক তলত দিয়া খাদ্যসমূহ৷ 

মাছ
সকলো মাছ  চকুৰ বাবে উপকাৰী নহয়৷ । অমেগা-৩ সমৃদ্ধ মাছহে  চকুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কেইবাটাও সামুদ্ৰিক মাছত অমেগা-৩ থাকে। আপুনি এনে মাছ  সপ্তাহত দুই বা তিনিদিন খাব পাৰে৷ ইয়াৰ জৰিয়তে  দৈনিক নাখালেও আপুনি লাভান্বিত হ'ব।

বাদাম
চকুৰ স্বাস্থ্য ভালে ৰখাত আঁহ, খনিজ সমৃদ্ধ বাদামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাদামে আপোনাক শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাৰ লগতে দৃষ্টিশক্তি শক্তিশালী কৰাত সহায় কৰিব পাৰে।

পালেং
পালেং শাক হৈছে চকুৰ যত্ন লোৱা পাচলিবোৰৰ ভিতৰত এটা। বিটা-কেৰোটিন, ভিটামিন এ-ৰ দৰে পুষ্টিগত গুণাগুণৰ বাবে, পালেং শাকে চকুৰ বহুতো সমস্যা আঁতৰাবলৈ সক্ষম হয়।

ব্ৰকলি
চকু স্বাস্থ্যৱান ৰাখিবলৈ ভিটামিন চি ৰ প্ৰয়োজন। ব্ৰকলিত ভিটামিন চিৰ পৰিমাণ বহুত বেছি। আপুনি এই পাচলি চালাডতো ব্যৱহাৰ কৰিব পাৰে। আপুনি মাছৰ আঞ্জাত ব্ৰকলিও দিব পাৰে। যিকোনো প্ৰকাৰে, খাদ্য  তালিকাত ব্ৰকলি ৰখাটো গুৰুত্বপূৰ্ণ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু