--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে আত্মহত্যা কৰিলে এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীয়ে দ্বাদশ শ্ৰেণীত পঢ়ি আছিল। চিপ লৈ আত্মহত্যা কৰাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে ডিঙিত ফাঁচি লগাই চেলফি তুলি প্ৰেমিকলৈ প্ৰেৰণ কৰে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এতিয়া আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।

এই ঘটনা পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ কলনাৰ কুমাৰ পাৰা অঞ্চলৰ। মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে মুম্বাইৰ এজন যুৱকৰ সৈতে তেওঁলোকৰ কন্যাৰ প্ৰেমৰ সম্পৰ্ক আছিল। দুয়োজনে আগতে মোবাইল আৰু ছ’চিয়েল মিডিয়াত কথা পাতিছিল। মঙলবাৰে ছাত্ৰীগৰাকীৰ ফোনটো ব্যস্ত হৈ আছিল। এই কথাত তেওঁৰ প্ৰেমিকজনে তেওঁক খং কৰিছিল আৰু সম্পৰ্ক ভংগ কৰাৰ ভাবুকি দিছিল। এই বিষয়টোক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল। তাৰপিছতে ছাত্ৰীগৰাকীয়ে প্ৰেমিকজনে সম্পৰ্কটো ভাঙিব পাৰে বুলি ভয়ৰ অনুভৱ কৰিবলৈ ধৰিলে। 

এই কথাতে বিচলিত হৈ ছাত্ৰীগৰাকীয়ে ডিঙিত ফাঁচি লগাই চেলফি তুলি প্ৰেমিকলৈ ফটো পঠিয়াই আত্মহত্যা কৰে। পৰিয়ালটোৱে কয় যে এই প্ৰেম সম্পূৰ্ণ ডিজিটেল প্ৰেম আছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে দুয়োৰে চিনাকি হৈছিল। তাৰ পিছত দুয়ো ফোনত কথা পাতিবলৈ ধৰিলে। আৰক্ষীয়ে আত্মহত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ছাত্ৰীগাৰকীৰ প্ৰেমিকক জেৰা কৰিবলৈ মুম্বাইলৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ