--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে আত্মহত্যা কৰিলে এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীয়ে দ্বাদশ শ্ৰেণীত পঢ়ি আছিল। চিপ লৈ আত্মহত্যা কৰাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে ডিঙিত ফাঁচি লগাই চেলফি তুলি প্ৰেমিকলৈ প্ৰেৰণ কৰে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এতিয়া আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।

এই ঘটনা পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ কলনাৰ কুমাৰ পাৰা অঞ্চলৰ। মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে মুম্বাইৰ এজন যুৱকৰ সৈতে তেওঁলোকৰ কন্যাৰ প্ৰেমৰ সম্পৰ্ক আছিল। দুয়োজনে আগতে মোবাইল আৰু ছ’চিয়েল মিডিয়াত কথা পাতিছিল। মঙলবাৰে ছাত্ৰীগৰাকীৰ ফোনটো ব্যস্ত হৈ আছিল। এই কথাত তেওঁৰ প্ৰেমিকজনে তেওঁক খং কৰিছিল আৰু সম্পৰ্ক ভংগ কৰাৰ ভাবুকি দিছিল। এই বিষয়টোক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল। তাৰপিছতে ছাত্ৰীগৰাকীয়ে প্ৰেমিকজনে সম্পৰ্কটো ভাঙিব পাৰে বুলি ভয়ৰ অনুভৱ কৰিবলৈ ধৰিলে। 

এই কথাতে বিচলিত হৈ ছাত্ৰীগৰাকীয়ে ডিঙিত ফাঁচি লগাই চেলফি তুলি প্ৰেমিকলৈ ফটো পঠিয়াই আত্মহত্যা কৰে। পৰিয়ালটোৱে কয় যে এই প্ৰেম সম্পূৰ্ণ ডিজিটেল প্ৰেম আছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে দুয়োৰে চিনাকি হৈছিল। তাৰ পিছত দুয়ো ফোনত কথা পাতিবলৈ ধৰিলে। আৰক্ষীয়ে আত্মহত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ছাত্ৰীগাৰকীৰ প্ৰেমিকক জেৰা কৰিবলৈ মুম্বাইলৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ