--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সদ্যসমাপ্ত আইপিএলৰ শ্ৰেষ্ঠ উদীয়মান তাৰকা হিচাপে নিৰ্বাচিত হৈছে উমৰাণ মালিক। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকাগৰাকীয়ে ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত ধাৰাবাহিকভাৱে বলিং কৰি নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। লীগ মেচৰ ১৪খন মেচত সৰ্বাধিক ২২টা উইকেট দখল কৰে উমৰাণ মালিকে। সমৰ্থকৰ পৰা বিশেষজ্ঞলৈকে উমৰাণৰ প্ৰদৰ্শনে প্ৰভাৱিত কৰি তুলিছে অনুৰাগীক।

আইপিএলৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰিছে উমৰাণে। যুৱ বেগী বলাৰগৰাকীৰ প্ৰদৰ্শনত মুগ্ধ হৈ ব্ৰেট লীয়ে ৱাকাৰ ইউনিছক বিচাৰি পোৱা বুলি কৈছে। এক সাক্ষাত্‍কাৰত ব্ৰেট লীয়ে কয়, ‘মই তেওঁৰ অনুৰাগী। মোৰ মতে উমৰাণৰ গতি আছে। তেওঁ এজন অসাধাৰণ প্ৰতিযোগী আৰু অতীতৰ বেগী বলাৰসকলৰ দৰে ক্ৰীজৰ ফালে দৌৰি আহে। তেওঁক দেখা মাত্ৰকে ৱাকাৰ ইউনিছৰ কথা মনত পৰে।’

উমৰাণৰ স্পষ্টমত,  ‘পাক কিংবদন্তিক মই কেতিায়াও অনুসৰণ কৰা নাই। মোৰ আদৰ্শ বেলেগ।’ ইণ্ডিয়ান এক্সপ্ৰেছ আইডিয়া এক্সচেঞ্জৰ আগত উমৰাণে কয় যে, ‘মই কেতিয়াও ৱাকাৰ ইউনিছক তেনেকৈ অনুসৰণ কৰা নাই। মোৰ বলিং একচন অতি স্বাভাৱিক। বুমৰাহ, মহম্মদ ছামী আৰু ভুৱনেশ্বৰ ভাইক মই আদৰ্শ বুলি গণ্য কৰোঁ। মই কেৰিয়াৰৰ আৰম্ভণিতে তেওঁলোকক অনুসৰণ কৰিছিলোঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ