--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সদ্যসমাপ্ত আইপিএলৰ শ্ৰেষ্ঠ উদীয়মান তাৰকা হিচাপে নিৰ্বাচিত হৈছে উমৰাণ মালিক। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকাগৰাকীয়ে ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত ধাৰাবাহিকভাৱে বলিং কৰি নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। লীগ মেচৰ ১৪খন মেচত সৰ্বাধিক ২২টা উইকেট দখল কৰে উমৰাণ মালিকে। সমৰ্থকৰ পৰা বিশেষজ্ঞলৈকে উমৰাণৰ প্ৰদৰ্শনে প্ৰভাৱিত কৰি তুলিছে অনুৰাগীক।

 

আইপিএলৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰিছে উমৰাণে। যুৱ বেগী বলাৰগৰাকীৰ প্ৰদৰ্শনত মুগ্ধ হৈ ব্ৰেট লীয়ে ৱাকাৰ ইউনিছক বিচাৰি পোৱা বুলি কৈছে। এক সাক্ষাত্‍কাৰত ব্ৰেট লীয়ে কয়, ‘মই তেওঁৰ অনুৰাগী। মোৰ মতে উমৰাণৰ গতি আছে। তেওঁ এজন অসাধাৰণ প্ৰতিযোগী আৰু অতীতৰ বেগী বলাৰসকলৰ দৰে ক্ৰীজৰ ফালে দৌৰি আহে। তেওঁক দেখা মাত্ৰকে ৱাকাৰ ইউনিছৰ কথা মনত পৰে।

 

উমৰাণৰ স্পষ্টমত,  ‘পাক কিংবদন্তিক মই কেতিায়াও অনুসৰণ কৰা নাই। মোৰ আদৰ্শ বেলেগ।ইণ্ডিয়ান এক্সপ্ৰেছ আইডিয়া এক্সচেঞ্জৰ আগত উমৰাণে কয় যে, ‘মই কেতিয়াও ৱাকাৰ ইউনিছক তেনেকৈ অনুসৰণ কৰা নাই। মোৰ বলিং একচন অতি স্বাভাৱিক। বুমৰাহ, মহম্মদ ছামী আৰু ভুৱনেশ্বৰ ভাইক মই আদৰ্শ বুলি গণ্য কৰোঁ। মই কেৰিয়াৰৰ আৰম্ভণিতে তেওঁলোকক অনুসৰণ কৰিছিলোঁ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ