--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় টেষ্ট বলিং বিভাগৰ এক গুৰুত্বপূৰ্ণ অংশ মহম্মদ ছিৰাজ। ২০২০-২১ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জাতীয় দলৰ হৈ টেষ্টত অভিষেক ঘটে ভাৰতীয় বেগী বলাৰ ছিৰাজৰ। অৱশ্যে, সেই ছিৰিজত খেলাটো সহজ নাছিল ছিৰাজৰ বাবে। পিতৃৰ মৃত্যুৰ বেদনা বুকুত লৈ কেংগাৰুবাহিনীৰ বিৰুদ্ধে খেলিবলৈ নামিছিল মহম্মদ ছিৰাজে।

সেই সময়ত কৰ’নাৰ বাবে কঠোৰ নিষেধাজ্ঞা আছিল। সেয়েহে, ছিৰাজৰ বাবে দেশলৈ ঘূৰি অহাটো সম্ভৱ নাছিল৷ তাৰপাছত অষ্ট্ৰেলিয়াত থাকিয়েই খেলি যায় ছিৰাজে। মেলবৰ্ণত অনুষ্ঠিত ডেবিউ মেচতে ৫টা উইকেট দখল কৰিছিল ছিৰাজে। সেই সময়ত নিজ মাতৃয়ে খেলিবলৈ নিৰ্দেশ দিছিল বুলিও কয় ছিৰাজে। তেওঁ কয়, ‘আইপিএলৰ পৰাই দেউতা অসুস্থ হৈ আছিল। অৱশ্যে, পৰিয়ালৰ লোকে মোক দেউতাৰ স্বাস্থ্যৰ বিষয়ে একো কোৱা নাছিল। অষ্ট্ৰেলিয়াত অৱতৰণ কৰাৰ লগে লগে মই সকলো কথা গম পাইছিলো। দেউতাকৰ মৃত্যুৰ খবৰ আহিছিল অনুশীলন আৰম্ভ কৰাৰ পিছতে। মোৰ মায়ে সেই সময়ত মোক সাহস দিছিল। দেউতাৰ সপোন পূৰণ কৰিবলৈ নিৰ্দেশ দিছিল। মায়ে আছিল মোৰ একমাত্ৰ অনুপ্ৰেৰণা।’

সেই ছিৰিজত ছিৰাজৰ খেলৰ প্ৰদৰ্শনৰ পাছত আৰু উলটি চাবলগীয়া হোৱা নাই। মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত মহম্মদ ছামীৰ আঘাতৰ বাবে সুযোগ পাইছিল ছিৰাজে।  অষ্ট্ৰেলিয়াৰ-এ দলৰ বিৰুদ্ধে ভাৰতীয়-এ দলৰ হৈ ভাল প্ৰদৰ্শন কৰি ৮টা উইকেট দখল কৰিছিল ছিৰাজে। সেই প্ৰদৰ্শনে খেলি যাবলৈ অধিক আত্মবিশ্বাস যোগোৱা বুলিও সদৰী কৰিছে ছিৰাজে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ