--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় টেষ্ট বলিং বিভাগৰ এক গুৰুত্বপূৰ্ণ অংশ মহম্মদ ছিৰাজ। ২০২০-২১ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জাতীয় দলৰ হৈ টেষ্টত অভিষেক ঘটে ভাৰতীয় বেগী বলাৰ ছিৰাজৰ। অৱশ্যে, সেই ছিৰিজত খেলাটো সহজ নাছিল ছিৰাজৰ বাবে। পিতৃৰ মৃত্যুৰ বেদনা বুকুত লৈ কেংগাৰুবাহিনীৰ বিৰুদ্ধে খেলিবলৈ নামিছিল মহম্মদ ছিৰাজে।

সেই সময়ত কৰ’নাৰ বাবে কঠোৰ নিষেধাজ্ঞা আছিল। সেয়েহে, ছিৰাজৰ বাবে দেশলৈ ঘূৰি অহাটো সম্ভৱ নাছিল৷ তাৰপাছত অষ্ট্ৰেলিয়াত থাকিয়েই খেলি যায় ছিৰাজে। মেলবৰ্ণত অনুষ্ঠিত ডেবিউ মেচতে ৫টা উইকেট দখল কৰিছিল ছিৰাজে। সেই সময়ত নিজ মাতৃয়ে খেলিবলৈ নিৰ্দেশ দিছিল বুলিও কয় ছিৰাজে। তেওঁ কয়, ‘আইপিএলৰ পৰাই দেউতা অসুস্থ হৈ আছিল। অৱশ্যে, পৰিয়ালৰ লোকে মোক দেউতাৰ স্বাস্থ্যৰ বিষয়ে একো কোৱা নাছিল। অষ্ট্ৰেলিয়াত অৱতৰণ কৰাৰ লগে লগে মই সকলো কথা গম পাইছিলো। দেউতাকৰ মৃত্যুৰ খবৰ আহিছিল অনুশীলন আৰম্ভ কৰাৰ পিছতে। মোৰ মায়ে সেই সময়ত মোক সাহস দিছিল। দেউতাৰ সপোন পূৰণ কৰিবলৈ নিৰ্দেশ দিছিল। মায়ে আছিল মোৰ একমাত্ৰ অনুপ্ৰেৰণা।’

সেই ছিৰিজত ছিৰাজৰ খেলৰ প্ৰদৰ্শনৰ পাছত আৰু উলটি চাবলগীয়া হোৱা নাই। মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত মহম্মদ ছামীৰ আঘাতৰ বাবে সুযোগ পাইছিল ছিৰাজে।  অষ্ট্ৰেলিয়াৰ-এ দলৰ বিৰুদ্ধে ভাৰতীয়-এ দলৰ হৈ ভাল প্ৰদৰ্শন কৰি ৮টা উইকেট দখল কৰিছিল ছিৰাজে। সেই প্ৰদৰ্শনে খেলি যাবলৈ অধিক আত্মবিশ্বাস যোগোৱা বুলিও সদৰী কৰিছে ছিৰাজে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ