--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰম দিনত আইচক্ৰীমে আমাক বৰ সকাহ দিয়ে। আইচক্ৰীম খাই বেয়া পোৱা মানুহ নাই বুলিয়েই ক’ব পাৰি। আইচক্ৰীম আমি হাতত লোৱাৰ লগে লগে খাই শেষ কৰো কাৰণ আইচক্ৰীম তৎক্ষণাৎ গলি যায়। শেহতীয়াকৈ এবিধ আইচক্ৰীমে চৰ্চা লাভ কৰিছে কিয়নো এই আইচক্ৰীমবিধ জুইৰ ওচৰত ৰাখিলেও গলি নাযায়। এই আচৰিত আইচক্ৰীমবিধ প্ৰস্তুত কৰি উলিয়াইছে চীনে। চীনৰ এটা আইচক্ৰীম কোম্পানী ‘চাইজক্ৰীম’ বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সন্মুখীন হৈ আহিছে। বহু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ‘চাইজক্ৰীম’ কোম্পানীৰ আইচক্ৰীম জুইৰ ওচৰত ৰাখিলেও গলি নাযায়। ইয়াৰ পিছতে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে আইচক্ৰীমত ব্যৱহাৰ কৰা উপাদানসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। 

অৱশ্যে কোম্পানীটোৱে কয় যে তেওঁলোকে আইচক্ৰীমত এনে কোনো সামগ্ৰী ব্যৱহাৰ কৰা নাই, যিটো হানিকাৰক। এই চীনা কোম্পানীটো পূৰ্বতে ‘হাৰ্মিছ অৱ আইচক্ৰীম’ নামেৰে জনাজাত আছিল। ধ্ৰুপদী গ্ৰীক সংস্কৃতিত পৃষ্ঠপোষক মৰ্যাদা দিয়া এজন গ্ৰীক দেৱতাৰ নাম হাৰ্মিছ। চীনৰ ছ’চিয়েল মিডিয়াত এই আইচক্ৰীমৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে জুই বা ব্ল’টৰ্চৰ সন্মুখত ৰাখিলেও আইচক্ৰীম গলি যোৱা নাই। কিছুমান ভিডিঅ’ত দেখা গৈছে এইবিধ আইচক্ৰীম ৩১ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ৰখা হৈছে কিন্তু ই একেবাৰেই গলি যোৱা নাই। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰশ্ন উত্থাপন কৰিছে যে কোম্পানীটোৰ আইচক্ৰীমত যথেষ্ট পৰিমাণৰ এডিটিভ যোগ কৰা হৈছে নেকি? 

ইয়াৰ সমান্তৰালভাৱে এই আইচক্ৰীমৰ দামক লৈও ব্যৱহাৰকাৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে। কোম্পানীটোৰ আটাইতকৈ দামী আইচক্ৰীমবিধৰ নাম ‘ঝং জুৱে গাও’। ইয়াৰ দাম ৬৬ য়ুয়ান অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৮০০ টকা। চীনৰ বজাৰত এই কোম্পানীয়ে মেগনাম আৰু হাগেন-ডাজৰ দৰে পশ্চিমীয়া আইচক্ৰীম ব্ৰেণ্ডক প্ৰত্যাহ্বান জনায়। 

বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে চলিত সপ্তাহৰ বুধবাৰে কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰে। কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলোকৰ সামগ্ৰীসমূহে খাদ্য সুৰক্ষাৰ চৰকাৰী নিয়মসমূহ মানি চলে। লাখ লাখ লাইক লাভ কৰা ছ’চিয়েল মিডিয়া ৱেইবোত এটা পোষ্ট দি স্পষ্টীকৰণ দিছে কোম্পানীটোৱে। কোম্পানীটোৱে কৈছে, ‘আমি বিশ্বাস কৰোঁ যে আইচক্ৰীমৰ মানদণ্ড বেকিং, ড্ৰাইং বা হিটিং কৰি বিচাৰ কৰাটো বৈজ্ঞানিকভাৱে শুদ্ধ নহয়।’ কোম্পানীটোৱে জনোৱা মতে, ইয়াৰ আইচক্ৰীমত ব্যৱহাৰ কৰা ষ্টেবিলাইজাৰ অৰ্থাৎ খাদ্য সংযোজকসমূহ আমেৰিকাকে ধৰি বহু দেশত স্বীকৃতিপ্ৰাপ্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী