--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰম দিনত আইচক্ৰীমে আমাক বৰ সকাহ দিয়ে। আইচক্ৰীম খাই বেয়া পোৱা মানুহ নাই বুলিয়েই ক’ব পাৰি। আইচক্ৰীম আমি হাতত লোৱাৰ লগে লগে খাই শেষ কৰো কাৰণ আইচক্ৰীম তৎক্ষণাৎ গলি যায়। শেহতীয়াকৈ এবিধ আইচক্ৰীমে চৰ্চা লাভ কৰিছে কিয়নো এই আইচক্ৰীমবিধ জুইৰ ওচৰত ৰাখিলেও গলি নাযায়। এই আচৰিত আইচক্ৰীমবিধ প্ৰস্তুত কৰি উলিয়াইছে চীনে। চীনৰ এটা আইচক্ৰীম কোম্পানী ‘চাইজক্ৰীম’ বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সন্মুখীন হৈ আহিছে। বহু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ‘চাইজক্ৰীম’ কোম্পানীৰ আইচক্ৰীম জুইৰ ওচৰত ৰাখিলেও গলি নাযায়। ইয়াৰ পিছতে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে আইচক্ৰীমত ব্যৱহাৰ কৰা উপাদানসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। 

অৱশ্যে কোম্পানীটোৱে কয় যে তেওঁলোকে আইচক্ৰীমত এনে কোনো সামগ্ৰী ব্যৱহাৰ কৰা নাই, যিটো হানিকাৰক। এই চীনা কোম্পানীটো পূৰ্বতে ‘হাৰ্মিছ অৱ আইচক্ৰীম’ নামেৰে জনাজাত আছিল। ধ্ৰুপদী গ্ৰীক সংস্কৃতিত পৃষ্ঠপোষক মৰ্যাদা দিয়া এজন গ্ৰীক দেৱতাৰ নাম হাৰ্মিছ। চীনৰ ছ’চিয়েল মিডিয়াত এই আইচক্ৰীমৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে জুই বা ব্ল’টৰ্চৰ সন্মুখত ৰাখিলেও আইচক্ৰীম গলি যোৱা নাই। কিছুমান ভিডিঅ’ত দেখা গৈছে এইবিধ আইচক্ৰীম ৩১ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ৰখা হৈছে কিন্তু ই একেবাৰেই গলি যোৱা নাই। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰশ্ন উত্থাপন কৰিছে যে কোম্পানীটোৰ আইচক্ৰীমত যথেষ্ট পৰিমাণৰ এডিটিভ যোগ কৰা হৈছে নেকি? 

ইয়াৰ সমান্তৰালভাৱে এই আইচক্ৰীমৰ দামক লৈও ব্যৱহাৰকাৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে। কোম্পানীটোৰ আটাইতকৈ দামী আইচক্ৰীমবিধৰ নাম ‘ঝং জুৱে গাও’। ইয়াৰ দাম ৬৬ য়ুয়ান অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৮০০ টকা। চীনৰ বজাৰত এই কোম্পানীয়ে মেগনাম আৰু হাগেন-ডাজৰ দৰে পশ্চিমীয়া আইচক্ৰীম ব্ৰেণ্ডক প্ৰত্যাহ্বান জনায়। 

বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে চলিত সপ্তাহৰ বুধবাৰে কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰে। কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলোকৰ সামগ্ৰীসমূহে খাদ্য সুৰক্ষাৰ চৰকাৰী নিয়মসমূহ মানি চলে। লাখ লাখ লাইক লাভ কৰা ছ’চিয়েল মিডিয়া ৱেইবোত এটা পোষ্ট দি স্পষ্টীকৰণ দিছে কোম্পানীটোৱে। কোম্পানীটোৱে কৈছে, ‘আমি বিশ্বাস কৰোঁ যে আইচক্ৰীমৰ মানদণ্ড বেকিং, ড্ৰাইং বা হিটিং কৰি বিচাৰ কৰাটো বৈজ্ঞানিকভাৱে শুদ্ধ নহয়।’ কোম্পানীটোৱে জনোৱা মতে, ইয়াৰ আইচক্ৰীমত ব্যৱহাৰ কৰা ষ্টেবিলাইজাৰ অৰ্থাৎ খাদ্য সংযোজকসমূহ আমেৰিকাকে ধৰি বহু দেশত স্বীকৃতিপ্ৰাপ্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা