--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক ভয়ংকৰ অঘটন সংঘটিত হৈছে জাপানত৷ দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক পশ্চিম জাপানৰ নাৰা চহৰত এখন সভাত ভাষণ প্ৰদান কৰি থকাৰ সময়তে দুৰ্বৃত্তই নিচেই কাষৰে পৰা গুলীওৱাৰ ফলত তেওঁৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে৷ অৱশ্যে চৰকাৰী ভাবে এতিয়ালৈকে আবেৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰা হোৱা নাই৷

 দ্য জাপান টাইমছে প্ৰকাশ কৰা অনুসৰি এক নিৰ্বাচনী  প্ৰচাৰ চলাই থকাৰ সময়তেই  আবেৰ ওপৰত এই আক্ৰমণ চলে৷ বুকুত গুলী লগাৰ ফলত আবেৰ যথেষ্ট ৰক্তক্ষৰণ হৈছে৷ তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছে যদিও তেওঁৰ ইতিমধ্যে মৃত্যু ঘটা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে৷

আৰক্ষীয়ে ইতিমধ্যে এজন ৪০ বছৰীয়া সন্দেহজনক লোকক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে। সংসদৰ উচ্চ সদনৰ বাবে দেওবাৰে অনুষ্ঠিত হ’বলগীয়া  নিৰ্বাচনৰ পূৰ্বে এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ  সময়ত  প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক  দুৰ্বৃত্তই গুলীয়াই ধৰাশায়ী কৰে৷



আবেই  পশ্চিম জাপানৰ নাৰা অঞ্চলত এটা প্ৰচাৰ অনুষ্ঠানত ভাগ লৈছিল৷

জানিব পৰা মতে নাৰা চহৰত  ভাষণ দি থকাৰ  সময়তে দুৰ্বৃত্তই আবেক লক্ষ্য কৰি কেইবাজাঁয়ো গুলীচালনা কৰে৷ বুকুত গুলী লগা আবে  থিতাতে  ঢলি পৰে ৷  প্ৰত্যক্ষদৰ্শী এগৰাকী লোকে প্ৰকাশ কৰা মতে আক্ৰমণটোত আবে ইমানেই বেছি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে যে তেওঁ জীয়াই থকাৰ কোনো সম্ভাৱনাই নাই৷


ছিনজো আবেৰ জন্ম হৈছিল  ১৯৫৪ চনৰ ২১ ছেপ্টেম্বৰত৷  এজন জাপানী ৰাজনীতিবিদ হিচাবে তেওঁ সমগ্ৰ বিশ্বতে  পৰিচিত ব্যক্তি৷

 ২০০৬ চনৰ পৰা ২০০৭ চনলৈ আৰু পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈ তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ (এলডিপি) সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

তেওঁ জাপানৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী আছিল।  আবেই ২০০৫ চনৰ পৰা ২০০৬ চনলৈ জুনিচিৰো কইজুমিৰ অধীনত মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১২ চনত বিৰোধী দলৰ নেতা আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী