--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক ভয়ংকৰ অঘটন সংঘটিত হৈছে জাপানত৷ দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক পশ্চিম জাপানৰ নাৰা চহৰত এখন সভাত ভাষণ প্ৰদান কৰি থকাৰ সময়তে দুৰ্বৃত্তই নিচেই কাষৰে পৰা গুলীওৱাৰ ফলত তেওঁৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে৷ অৱশ্যে চৰকাৰী ভাবে এতিয়ালৈকে আবেৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰা হোৱা নাই৷

 দ্য জাপান টাইমছে প্ৰকাশ কৰা অনুসৰি এক নিৰ্বাচনী  প্ৰচাৰ চলাই থকাৰ সময়তেই  আবেৰ ওপৰত এই আক্ৰমণ চলে৷ বুকুত গুলী লগাৰ ফলত আবেৰ যথেষ্ট ৰক্তক্ষৰণ হৈছে৷ তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছে যদিও তেওঁৰ ইতিমধ্যে মৃত্যু ঘটা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে৷

আৰক্ষীয়ে ইতিমধ্যে এজন ৪০ বছৰীয়া সন্দেহজনক লোকক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে। সংসদৰ উচ্চ সদনৰ বাবে দেওবাৰে অনুষ্ঠিত হ’বলগীয়া  নিৰ্বাচনৰ পূৰ্বে এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ  সময়ত  প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক  দুৰ্বৃত্তই গুলীয়াই ধৰাশায়ী কৰে৷



আবেই  পশ্চিম জাপানৰ নাৰা অঞ্চলত এটা প্ৰচাৰ অনুষ্ঠানত ভাগ লৈছিল৷

জানিব পৰা মতে নাৰা চহৰত  ভাষণ দি থকাৰ  সময়তে দুৰ্বৃত্তই আবেক লক্ষ্য কৰি কেইবাজাঁয়ো গুলীচালনা কৰে৷ বুকুত গুলী লগা আবে  থিতাতে  ঢলি পৰে ৷  প্ৰত্যক্ষদৰ্শী এগৰাকী লোকে প্ৰকাশ কৰা মতে আক্ৰমণটোত আবে ইমানেই বেছি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে যে তেওঁ জীয়াই থকাৰ কোনো সম্ভাৱনাই নাই৷


ছিনজো আবেৰ জন্ম হৈছিল  ১৯৫৪ চনৰ ২১ ছেপ্টেম্বৰত৷  এজন জাপানী ৰাজনীতিবিদ হিচাবে তেওঁ সমগ্ৰ বিশ্বতে  পৰিচিত ব্যক্তি৷

 ২০০৬ চনৰ পৰা ২০০৭ চনলৈ আৰু পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈ তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ (এলডিপি) সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

তেওঁ জাপানৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী আছিল।  আবেই ২০০৫ চনৰ পৰা ২০০৬ চনলৈ জুনিচিৰো কইজুমিৰ অধীনত মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১২ চনত বিৰোধী দলৰ নেতা আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক