--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি: ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়িক বিষয়ত ভ্ৰমণৰ জৰিয়তে লাভান্বিত হোৱাৰ যোগ। পৰিয়ালটোত সুখৰ পৰিৱেশো থাকিব। শুভ সংখ্যা-৫, শুভ ৰং-আকাশী নীলা।

বৃষ ৰাশি: দিনটো শুভ ৷ আজি আপুনি নিজকে সুস্থ আৰু সবল অনুভৱ কৰিব । মন উৎফুল্লিত হৈ থাকিব ৷ আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব ৷ চকুৰ সমস্যাই সামান্য কষ্ট দিব পাৰে ৷ শুভ সংখ্যা-২, শুভ ৰং- নীলা।

মিথুন : চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা থাকিব। হঠাতে ধন প্ৰাপ্ত কৰাৰ যোগ আছে। দীৰ্ঘদিন ধৰি অমীমাংসিত কামবোৰো সম্পূৰ্ণ হোৱাৰ যোগ দেখা যায় আজিৰ দিনটোত। শুভ সংখ্যা- ২, শুভ ৰং- মেৰুণ।

কৰ্কট ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব ৷ দাম্পত্য জীৱনত সুখময় হব আজি ৷ কথাবতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ক্ৰোধে কিছু সমস্যাত পেলাব পাৰে ৷ শুভ সংখ্যা-৯, শুভ ৰং- মুগা।

সিংহ : এই ৰাশিৰ লোকে চাকৰিত এটা ডাঙৰ পদো পাব পাৰে নাইবা পদোন্নতিৰ যোগ দেখা যায়। সংগীৰ ভাগ্যৰ পৰা ধন লাভান্বিত হ’ব। শিক্ষাৰ ক্ষেত্ৰতো আপুনি ভাল ফলাফল পাব। সন্মান বৃদ্ধি হ’ব। শুভ সংখ্যা-৭ , শুভ ৰং- বেঙুনীয়া।

কন্যা ৰাশি: আজিৰ দিনটো মধ্যমীয়া । স্বাস্থ্যও ভালে থাকিব ৷ ব্যয় বৃদ্ধি ৷ ধন সঞ্চয় কৰক অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে ৷ ব্যৱসায়ত উন্নতি হোৱাৰ যোগ, কেৱল কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্য়োষ্ঠজনৰ পৰামৰ্শ লব। শুভ সংখ্যা-৯ , শুভ ৰং-বেঙুনীয়া।

তুলা ৰাশি: ব্যৱসায়-বাণিজ্যত সফলতা ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে ভ্ৰমণ যোগ। পদোন্নতৰ লগতে আজিৰ দিনটোত সমাজৰ পৰা প্ৰশংসা প্ৰাপ্তি তথা সন্মান লাভৰ যোগ আছে। আইনী কাৰ্যৰ বাবে দিনটো শুভ ৷ শুভ সংখ্যা-৭, শুভ ৰং- সুমথীৰা।

বৃশ্চিক ৰাশি: এই ৰাশিৰ লোকসকলে ব্যৱসায়ত লাভান্বিত হ’ব। ব্যৱসায়ত ধন লাভ আৰু সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব। নতুন পৰিকল্পনা ফলপ্ৰসূ হ’ব। ঋণত দিয়া টকাও ঘূৰি আহিব পাৰে আজিৰ দিনটোত। শুভ সংখ্যা- ৮, শুভ ৰং- আকাশী নীলা।

ধনু ৰাশি: ব্যৱসায়ীৰ বাবে আজিৰ দিনটো কিছু কষ্ট হব পাৰে। ব্যৱসায়ৰ বাবে ঘৰৰ কোনো কাম এৰি দূৰলৈয়ো যাব লগা হব পাৰে ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে থকা কোনো মনোমালিন্য আঁতৰ হব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ শুভ সংখ্যা- ৬, শুভ ৰং-ৰঙা।

মকৰ ৰাশি: শনি দেৱ মকৰ ৰাশিৰ লোকসকলৰ লাভৰ স্থানত বহি আছে। ইয়াৰ বাবে এই ৰাশিৰ লোকে চাকৰিত নতুন সুযোগ পাব পাৰে। দৰমহাও বৃদ্ধি হ’ব পাৰে। উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। শুভ সংখ্যা- ৪,শুভ ৰং- হালধীয়া।

কুম্ভ ৰাশি: এই ৰাশিৰ লোকে আজি নতুন কাম হাতত নলব ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব। আপোনাৰ কথা বা আচৰণে প্ৰিয়জনক মনত আঘাত দিব পাৰে ৷ শুভ সংখ্যা- ৭, শুভ ৰং- বগা।

মীন ৰাশি: আজিৰ দিনটো মধ্য়মীয়া, কথা কওঁতে সচেতন হওক ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দীতাৰ সন্মুখীন হ’ব ৷ প্ৰিয়জনৰ সৈতে যাত্ৰাৰ যোগ দেখা যায়। শিক্ষাৰ্থী সকলে কষ্টৰ ফল পাব। শুভ সংখ্যা-১, শুভ ৰং- মুগা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ