--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত ক্রিষ্টিয়ানো ৰোনাল্ডো। ৰাজহুৱা স্থানত এগৰাকী মহিলাক চুমা খোৱাৰ অপৰাধত তেওঁক ৯৯ বাৰ বেতেৰে কোবোৱা হ’ব বুলি গুজৱ উলাইছে। ইৰাণত সংঘটিত হৈছে এই ঘটনা। ইৰাণ চৰকাৰে ৰোনাল্ডোৰ শাস্তি সন্দৰ্ভত মন্তব্য কৰে।

যোৱা মাহত সংঘটিত হৈছিল এই ঘটনা। ছৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ ইৰাণৰ ক্লাব পাৰ্চেপলিছৰ বিৰুদ্ধে এছিয়ান চেম্পিয়নছ লীগৰ এখন খেল খেলিবলৈ গৈছিল ৰোনাল্ডো। সেই সময়ত ফাতিমা হামামী নামৰ এগৰাকী চিত্ৰশিল্পীয়ে ৰোনাল্ডোক লগ কৰিবলৈ গৈছিল। তেওঁ বিশেষভাৱে সক্ষম। হাতৰ সলনি ভৰিৰ সহায়ত ছবি আঁকে। তেওঁ ৰোনাল্ডোক দুখন ছবি উপহাৰ দিয়ে। তাৰ পিছত ৰোনাল্ডোৱে তেওঁৰ কপালত চুমা খায়।

এই ঘটনাক লৈ ইৰাণত আৰম্ভ হৈছিল বিতৰ্ক। সেই দেশৰ আইন অনুসৰি এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক থকা পুৰুষে আন এগৰাকী মহিলাৰ শৰীৰ স্পৰ্শ কৰাটো অপৰাধ। ৰোনাল্ডোৱে ঠিক তেনেকুৱাই কৰিলে। কাৰণ জৰ্জিনা ৰড্ৰিগেজৰ সৈতে ৰোনাল্ডোৰ সম্পৰ্ক বহুদিনৰ পৰা। সন্তানো আছে। গতিকে ৰোনাল্ডোৱে ফাতিমাক চুমা খাই অপৰাধ সংঘটিত কৰিলে। ইৰাণৰ আইন অনুসৰি তেওঁক ৯৯ বাৰ বেতেৰে কোবাই শাস্তি দিয়া হ’ব।

অৱশ্যে এই শাস্তিৰ খবৰ ইৰাণ চৰকাৰে খাৰিজ কৰিছে। এক বিবৃতিত তেওঁলোকে কয় যে ইৰাণত এজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক শাস্তি দিয়াৰ খবৰ মিছা। এনে খবৰে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই খবৰ কোনেও বিয়পাব নালাগে।’ বিবৃতিটোত লগতে কোৱা হৈছে যে, ‘ৰোনাল্ডো ১৮ আৰু ১৯ ছেপ্টেম্বৰত ইৰাণলৈ ফুটবল খেলিবলৈ আহিছিল। সকলোৱে তেওঁক ইয়াত আদৰি লৈছিল। তাতেই তেওঁ চিনাকি চিত্ৰশিল্পী ফাতিমাক লগ পায়। তাৰ মাজতে কোনো দোষ নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা