--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত ক্রিষ্টিয়ানো ৰোনাল্ডো। ৰাজহুৱা স্থানত এগৰাকী মহিলাক চুমা খোৱাৰ অপৰাধত তেওঁক ৯৯ বাৰ বেতেৰে কোবোৱা হ’ব বুলি গুজৱ উলাইছে। ইৰাণত সংঘটিত হৈছে এই ঘটনা। ইৰাণ চৰকাৰে ৰোনাল্ডোৰ শাস্তি সন্দৰ্ভত মন্তব্য কৰে।

যোৱা মাহত সংঘটিত হৈছিল এই ঘটনা। ছৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ ইৰাণৰ ক্লাব পাৰ্চেপলিছৰ বিৰুদ্ধে এছিয়ান চেম্পিয়নছ লীগৰ এখন খেল খেলিবলৈ গৈছিল ৰোনাল্ডো। সেই সময়ত ফাতিমা হামামী নামৰ এগৰাকী চিত্ৰশিল্পীয়ে ৰোনাল্ডোক লগ কৰিবলৈ গৈছিল। তেওঁ বিশেষভাৱে সক্ষম। হাতৰ সলনি ভৰিৰ সহায়ত ছবি আঁকে। তেওঁ ৰোনাল্ডোক দুখন ছবি উপহাৰ দিয়ে। তাৰ পিছত ৰোনাল্ডোৱে তেওঁৰ কপালত চুমা খায়।

এই ঘটনাক লৈ ইৰাণত আৰম্ভ হৈছিল বিতৰ্ক। সেই দেশৰ আইন অনুসৰি এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক থকা পুৰুষে আন এগৰাকী মহিলাৰ শৰীৰ স্পৰ্শ কৰাটো অপৰাধ। ৰোনাল্ডোৱে ঠিক তেনেকুৱাই কৰিলে। কাৰণ জৰ্জিনা ৰড্ৰিগেজৰ সৈতে ৰোনাল্ডোৰ সম্পৰ্ক বহুদিনৰ পৰা। সন্তানো আছে। গতিকে ৰোনাল্ডোৱে ফাতিমাক চুমা খাই অপৰাধ সংঘটিত কৰিলে। ইৰাণৰ আইন অনুসৰি তেওঁক ৯৯ বাৰ বেতেৰে কোবাই শাস্তি দিয়া হ’ব।

অৱশ্যে এই শাস্তিৰ খবৰ ইৰাণ চৰকাৰে খাৰিজ কৰিছে। এক বিবৃতিত তেওঁলোকে কয় যে ইৰাণত এজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক শাস্তি দিয়াৰ খবৰ মিছা। এনে খবৰে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই খবৰ কোনেও বিয়পাব নালাগে।’ বিবৃতিটোত লগতে কোৱা হৈছে যে, ‘ৰোনাল্ডো ১৮ আৰু ১৯ ছেপ্টেম্বৰত ইৰাণলৈ ফুটবল খেলিবলৈ আহিছিল। সকলোৱে তেওঁক ইয়াত আদৰি লৈছিল। তাতেই তেওঁ চিনাকি চিত্ৰশিল্পী ফাতিমাক লগ পায়। তাৰ মাজতে কোনো দোষ নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ