--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজিৰে পৰা আৰম্ভ হৈছে আইপিএল ২০২৫। ১৮ সংখ্যক ছিজনৰ প্ৰথমখন মেচ আৰচিবি আৰু কেকেআৰৰ মাজত। এই খেলখন কলকাতাৰ ঘৰুৱা খেলপথাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। ১৮ বছৰৰ পাছত আই পি এলৰ উদ্বোধনী মেচখন কলকাতা আৰু বাংগালুৰুৰ মাজত অনুষ্ঠিত হৈছে। শেষবাৰৰ বাবে দুয়োটা দলে প্ৰথম ছিজনৰ প্ৰথমখন মেচ অৰ্থাৎ আই পি এল ২০০৮ত মুখামুখি হৈছিল।

আমোদজনক কথাটো হ’ল দুয়োটা দলৰ নতুন অধিনায়ক আৰু আজি দুয়োটা দলৰ লিটমাছ টেষ্ট। আৰ চি বিয়ে অধিনায়ক হিচাপে নিযুক্তি দিছে যুৱক ৰজত পাটিদাৰক। একে সময়তে কেকেআৰৰ কমাণ্ড জ্যেষ্ঠ বেটছমেন অজিংক্য ৰাহানেৰ হাতত। দুয়োজনে নিজৰ যুগটো জয়ৰে আৰম্ভ কৰিব বিচাৰিব।

অনুৰাগীৰ বাবে হতাশাজনক আপডেট। বৰষুণৰ বাবে কেকেআৰ আৰু আৰচিবিৰ মাজত খেলখন বাধাৰ সন্মুখীন হ’ব পাৰে। খেলৰ সময়ত কলকাতাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শনিবাৰে বৰষুণৰ সম্ভাৱনা ৮০ শতাংশ। খেলৰ সময়ত অৰ্থাৎ সন্ধিয়া ৭ বজাৰ পৰা গভীৰ নিশালৈকে বৰষুণৰ সম্ভাৱনা ৫০ শতাংশ।


মুখামুখি হোৱাৰ কথা ক’বলৈ গ’লে কেকেআৰ আৰু আৰচিবিৰ মাজত মুঠ ৩৪খন মেচ অনুষ্ঠিত হৈছে, ইয়াৰে কলকাতাই ২০খন মেচত জয়লাভ কৰাৰ বিপৰীতে বেংগালুৰুৱে ১৪খন মেচত জয়লাভ কৰিছে। যদিও কেকেআৰৰ মুখামুখি হেড টু হেড আছে, এইবাৰ আৰচিবিৰ দলটো যথেষ্ট শক্তিশালী।

কলকাতা নাইট ৰাইডাৰ্ছৰ সম্ভাৱ্য প্লেয়িং একাদশ- কুইণ্টন ডি কক (উইকেটকীপাৰ), অজিংক্য ৰাহানে, ভেংকটেশ আয়াৰ, অংকৃশ ৰঘুবংশী, ৰিংকু সিং, ৰমণ্ডীপ সিং, আন্দ্ৰে ৰাছেল, সুনীল নাৰিনে, হৰ্ষিত ৰানা, অনৰিচ নৰ্টজে/স্পেন্সৰ জনছন আৰু বৰুণ চক্ৰৱৰ্তী।

আৰচিবিৰ সম্ভাৱ্য খেলুৱৈ একাদশ- ফিল ছল্ট, বিৰাট কোহলী, ৰজত পাটিদাৰ, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডেভিদ, লিয়াম লিভিংষ্টন, ক্ৰুনাল পাণ্ডিয়া, জোছ হেজলউড/ৰোমাৰিঅ’ শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, ৰশিখ দাৰ চালাম আৰু যশ দয়াল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ