--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল আইপিএল ২০২৫ ৷ বাংগালুৰুত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত মুখামুখি হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। উক্ত মেচখনত কলকাতাৰ বিপক্ষে প্ৰায় বিধ্বস্ত হৈ পৰিছিল বাংগালুৰু। কলকাতাৰ এগৰাকী বেটাৰে মেচখনত সংগ্ৰহ কৰা ৰানতকৈও কম ৰান সংগ্ৰহ কৰি বাংগালুৰু লজ্জাজনক পৰাজয়ৰ সন্মুখীন হয়। অৱশেষত ১৭ টা বছৰৰ মূৰত এই ব্যথা দূৰ কৰাৰ সুযোগ লাভ কৰিলে আৰচিবিয়ে।

শনিবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ বিৰাট কোহলীয়ে ৩৬টা বলত সৰ্বাধিক ৫৯ ৰান সংগ্ৰহ কৰে। ইফালে বিৰাট কোহলীৰ এজন অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰে। আচলতে বিৰাট কোহলীয়ে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰাৰ পিছত অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰে। ইয়াৰ পিছত অনুৰাগীজনে বিৰাট কোহলীৰ ভৰি স্পৰ্শ কৰিলে। বিৰাট কোহলীয়েও অনুৰাগীক সাৱটি ধৰিলে।

অৱশ্যে ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে বিৰাট কোহলীৰ অনুৰাগীৰ ভিডিঅ’। ইয়াৰ বাহিৰেও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ধাৰাবাহিকভাৱে মন্তব্য কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। আচলতে সেই অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰাৰ পিছত বিৰাট কোহলীৰ ভৰি চুইছিল। কিন্তু ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে নিৰাপত্তাৰক্ষীয়ে অনুৰাগীজনক খেলপথাৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ