--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ। অহা মাহৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ বাবে ঘোষিত ভাৰতৰ পুৰুষ বক্সিং দলত স্থান লাভ কৰিছে বক্সাৰ শিৱ থাপাই। আজি অনুষ্ঠিত হোৱা কমনৱেলথ গেমছৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ট্ৰায়েলত ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী শিৱ থাপাই ২০১৮ চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী মনীষ কৌশিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি বাৰ্মিংহামৰ পথ মুকলি কৰে।

আগন্তুক কমনৱেলথ গেমছত শিৱ থাপাই ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব। উল্লেখ্য যে বক্সাৰগৰাকীয়ে কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ পূৰ্বে ২০১৪ চনৰ গ্লাচগ’ কমনৱেলথ গেমছত ভাৰতীয় দলৰ অংশ আছিল শিৱ থাপা। 

আনহাতে শিৱ থাপাৰ উপৰি ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী অমিত পাংঘালেও কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰে। পাংঘালে ট্ৰায়েলত ৫১ কিলোগ্ৰাম শাখাত পাংঘালে দীপকক ৪-১ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে বিগত গোল্ড কোষ্ট কমনৱেলথ গেমছত পাংঘালে ৰূপৰ পদক লাভ কৰিছিল। 

ইয়াৰ উপৰিও ২০১৮ ৰ ব্ৰঞ্জ পদক বিজয়ী মহম্মদ হাছামুদ্দিন, ৰোহিত টোকাছ, সুমিত, আশীষ কুমাৰ, সঞ্জিত আৰু সাগৰেও ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

৫৭ কিলোগ্ৰাম শাখাত হাছিমুদ্দিনে ২০১৯ চনৰ এছিয়ান চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কবিন্দৰ সিং বিষ্টক ৪-১ ব্যৱধানত পৰাস্ত কৰে। ৰে'লৱেৰ ৰোহিতে ৱেলটাৰৱেট শ্ৰেণীত উত্তৰ প্ৰদেশৰ আদিত্য প্ৰতাপ যাদৱক ৩-২ ব্যৱধানত পৰাস্ত কৰে।

আনহাতে সুমিত, আশীষ, সঞ্জিত আৰু সাগৰে নিজ নিজ শাখাত প্ৰতিপক্ষক ৫-০ ব্যৱধানত পৰাস্ত কৰি কমনৱেলথত ভাৰতীয় দলৰ অংশ হিচাপে যোগ্যতা অৰ্জন কৰে। 

উল্লেখ্য যে ২০১৮ চনৰ কমনৱেলথ গেমছত ভাৰতে বক্সিঙত তিনিটা স্বৰ্ণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক জিকিছিল।বাৰ্মিংহাম কমনৱেলথ গেমছৰ বাবে ভাৰতীয় মহিলা বক্সিং দলৰ বাচনি অহা সপ্তাহত অনুষ্ঠিত হ'ব।

জুলাইৰ ২৮ তাৰিখৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাৰতীয় পুৰুষ দলটোক প্ৰতিনিধিত্ব কৰিব ক্ৰমে অমিত পাংঘাল (৫১ কিলোগ্ৰাম), শিৱ থাপা (৬৩.৫ কিলোগ্ৰাম), মহম্মদ হাছিমুদ্দিন (৫৭ কিলোগ্ৰাম), ৰোহিত টোকাছ (৬৭ কিলোগ্ৰাম), ডিফেণ্ডিং নেচনেল চেম্পিয়ন সুমিত (৭৫ কিলোগ্ৰাম), আশীষ কুমাৰ (৮০ কিলোগ্ৰাম), সঞ্জিত (৯২ কিলোগ্ৰাম) আৰু সাগৰ (৯২ প্লাছ কিলোগ্ৰাম)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ