--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ। অহা মাহৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ বাবে ঘোষিত ভাৰতৰ পুৰুষ বক্সিং দলত স্থান লাভ কৰিছে বক্সাৰ শিৱ থাপাই। আজি অনুষ্ঠিত হোৱা কমনৱেলথ গেমছৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী ট্ৰায়েলত ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী শিৱ থাপাই ২০১৮ চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী মনীষ কৌশিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি বাৰ্মিংহামৰ পথ মুকলি কৰে।

আগন্তুক কমনৱেলথ গেমছত শিৱ থাপাই ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব। উল্লেখ্য যে বক্সাৰগৰাকীয়ে কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ পূৰ্বে ২০১৪ চনৰ গ্লাচগ’ কমনৱেলথ গেমছত ভাৰতীয় দলৰ অংশ আছিল শিৱ থাপা। 

আনহাতে শিৱ থাপাৰ উপৰি ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী অমিত পাংঘালেও কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰে। পাংঘালে ট্ৰায়েলত ৫১ কিলোগ্ৰাম শাখাত পাংঘালে দীপকক ৪-১ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে বিগত গোল্ড কোষ্ট কমনৱেলথ গেমছত পাংঘালে ৰূপৰ পদক লাভ কৰিছিল। 

ইয়াৰ উপৰিও ২০১৮ ৰ ব্ৰঞ্জ পদক বিজয়ী মহম্মদ হাছামুদ্দিন, ৰোহিত টোকাছ, সুমিত, আশীষ কুমাৰ, সঞ্জিত আৰু সাগৰেও ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

৫৭ কিলোগ্ৰাম শাখাত হাছিমুদ্দিনে ২০১৯ চনৰ এছিয়ান চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কবিন্দৰ সিং বিষ্টক ৪-১ ব্যৱধানত পৰাস্ত কৰে। ৰে'লৱেৰ ৰোহিতে ৱেলটাৰৱেট শ্ৰেণীত উত্তৰ প্ৰদেশৰ আদিত্য প্ৰতাপ যাদৱক ৩-২ ব্যৱধানত পৰাস্ত কৰে।

আনহাতে সুমিত, আশীষ, সঞ্জিত আৰু সাগৰে নিজ নিজ শাখাত প্ৰতিপক্ষক ৫-০ ব্যৱধানত পৰাস্ত কৰি কমনৱেলথত ভাৰতীয় দলৰ অংশ হিচাপে যোগ্যতা অৰ্জন কৰে। 

উল্লেখ্য যে ২০১৮ চনৰ কমনৱেলথ গেমছত ভাৰতে বক্সিঙত তিনিটা স্বৰ্ণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক জিকিছিল।বাৰ্মিংহাম কমনৱেলথ গেমছৰ বাবে ভাৰতীয় মহিলা বক্সিং দলৰ বাচনি অহা সপ্তাহত অনুষ্ঠিত হ'ব।

জুলাইৰ ২৮ তাৰিখৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাৰতীয় পুৰুষ দলটোক প্ৰতিনিধিত্ব কৰিব ক্ৰমে অমিত পাংঘাল (৫১ কিলোগ্ৰাম), শিৱ থাপা (৬৩.৫ কিলোগ্ৰাম), মহম্মদ হাছিমুদ্দিন (৫৭ কিলোগ্ৰাম), ৰোহিত টোকাছ (৬৭ কিলোগ্ৰাম), ডিফেণ্ডিং নেচনেল চেম্পিয়ন সুমিত (৭৫ কিলোগ্ৰাম), আশীষ কুমাৰ (৮০ কিলোগ্ৰাম), সঞ্জিত (৯২ কিলোগ্ৰাম) আৰু সাগৰ (৯২ প্লাছ কিলোগ্ৰাম)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ