--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বয়স ৩৪ বছৰ। ফুটবলৰ দৰে খেলত এই বয়সত স্বাভাৱিকতেই কোনো খেলুৱৈ হৈ পৰে অবশ। কিন্তু মেছি কোনো সাধাৰণ খেলুৱৈ নহয়। অসংখ্য প্ৰাক্তন ফুটবল তাৰকা, প্ৰশিক্ষক, ফুটবল বিশেষজ্ঞ তথা অনুৰাগীৰ চকুত মেছি এক এলিয়েন। বাওঁভৰিৰে বল ঠেলি শিল্পীসুলভ ক্ৰীড়া নৈপুণ্যতাৰে বিপক্ষক সদায়ে চাপত ৰাখিব পৰাকৈ এতিয়াও তৰুণ মেছি। সেইবাবেই সাম্প্ৰতিক ফুটবল জগতৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিদিত মেছি। বুধবাৰে ৱেম্বলী ষ্টেডিয়ামত মেছিৰ এই অসাধাৰণ ক্ৰীড়া নৈপুণ্যৰ আন এক দৃশ্যৰ সাক্ষী হ’ল সমগ্ৰ ফুটবল অনুৰাগী।

বুধবাৰে নিশা নিজৰ ধাৰাবাহিক জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি ৱেম্বলীত ইউৰো জয়ী ইটালীক ধৰাশয়ী কৰি ফাইনেলিচিমাত বিজয়ধ্বজা উৰুৱালে কোপা আমেৰিকা চেম্পিয়ন আৰ্জেণ্টিনাই। সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছিৰ চমৎকাৰী প্ৰদৰ্শনৰ লগতে দলৰ প্ৰতিজন খেলুৱৈৰ সক্ৰিয় অংশগ্ৰহণৰ সুবাদত আৰ্জেণ্টিনাই  ইউৰোপীয় চেম্পিয়ন ইটালীক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে।  

কালিৰ জয়ৰ সৈতে আৰ্জেণ্টিনাই নিজৰ জয়ৰ ধাৰা ৩২ খন মেচলৈ বৃদ্ধি কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে দখল কৰে ফাইনেলিচিমা। অৱশ্যে ১৯৯৩ চনত দলটোৰ এই খিতাপ জয়ৰ সময়ত প্ৰতিযোগিতাখনৰ নাম আছিল “আৰ্টেমিঅ’ ফ্ৰাঞ্চি কাপ”।  

ইটালীৰ বিৰুদ্ধে মেচখনত আৰ্জেণ্টিনাৰ হৈ লুটাৰ’ মাৰ্টিনেজ, ডি মাৰিয়া আৰু পাওলো ডিবালাই এটাকৈ গল স্ক’ৰ কৰে। আনহাতে আনহাতে দলৰ অধিনায়ক মেছিয়ে দুটাকৈ গলৰ ক্ষেত্ৰত নিৰ্ণায়ক পাছ দি দলৰ জয়ত মুখ্য ভূমিকা লয়। 

খেলখনত প্ৰথমাৰ্দ্ধৰ ২৮ মিনিটত আৰ্জেণ্টিনাই গলৰ পাতনি মেলে। ইটালীৰ গলবক্সৰ ভিতৰত বাওঁফালৰ পৰা মেছিয়ে আগবঢ়াই দিয়া নিখুঁত পাছ নেটলৈ ঠেলি দলক অগ্ৰগতি প্ৰদান কৰে মাৰ্টিনেজে। 

ইয়াৰ পাছতে প্ৰথমাৰ্দ্ধৰ ষ্টপেজ-টাইমত মাৰ্টিনেজে ইটালীৰ ডিফেঞ্চৰ সুৰুঙাৰে গলবক্সলৈ ঠেলি দিয়া এটা পাছত চতুৰতাৰে গলৰক্ষক ড’নাৰুমাক পৰাভূত কৰি আৰ্জেণ্টিনাক দ্বিতীয়টো গলৰ সোৱাদ দিয়ে ডি মাৰিয়াই।

প্ৰথমাৰ্দ্ধত ২-০ ৰ অগ্ৰগতি লাভ কৰাৰ পাছত দ্বিতীয়াৰ্দ্ধতো ইটালীৰ গলবক্সত আৰ্জেণ্টিনাই নিৰন্তৰ হেঁচা দিয়ে। অৱশ্যে ইটালীৰ গলৰক্ষক ড’নাৰুমাই নিপুণতাৰে এই আক্ৰমণ প্ৰতিহত কৰে। 

অৱশেষত খেল সমাপ্ত হোৱাৰ কিছু সময় পূৰ্বে ষ্টপেজ-টাইমত সোঁফালৰ পৰা অহা মেছিৰ এটা নিৰ্ণায়ক পাছত ডিবালাই বল নেটলৈ ঠেলি দলক ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰাৰ লগতে জয় নিশ্চিত কৰে। 

খেলখনত চমকপ্ৰদ প্ৰদৰ্শনেৰে আৰ্জেণ্টিনাৰ জয়ত মূখ্য ভূমিকা লোৱা মেছি মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। উল্লেখ্য যে ২০২১ ত কোপা আমেৰিকা জয়ৰ পিছত মেছিৰ কেৰিয়াৰত এইয়া দ্বিতীয়টো আন্ত:ৰাষ্ট্ৰীয় খিতাপ।

আৰ্জেণ্টিনাৰ এই ধাৰাবাহিক প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি দলটোক কাটাৰ বিশ্বকাপৰ সম্ভাৱ্য বিজয়ীৰ তালিকাত ৰখা হৈছে। ইতিমধ্যে আৰ্জেণ্টিনাই কাটাৰলৈ যোগ্যতা অৰ্জন কৰিছে। 

আনহাতে ইউৰো জয়ৰ পিছতে ছন্দ হেৰুৱাই পেলোৱা ইটালীৰ শেহতীয়া প্ৰদৰ্শন অতি নিৰাশাজনক। শেহতীয়া দহখন খেলৰ তিনিখনতহে জয়ৰ মুখ দেখিছে দলটোৱে। এই নিষ্প্ৰভ প্ৰদৰ্শনৰ মাজতে কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনতো ব্যৰ্থ হৈছে দলটো। 

ফাইনেলিচিমাৰ পিছতে ইটালীৰ অভিজ্ঞ খেলুৱৈ তথা দলৰ বৰ্তমানৰ অধিনায়ক জৰ্জিঅ’ চিয়েলিনিয়ে আন্ত:ৰাষ্ট্ৰীয় ফুটবলক বিদায় জনায়। ২০০৪ চনত ইটালীৰ জাতীয় দলত অভিষেক ঘটাৰ পাছৰে পৰা দলৰ হৈ ১১৭ খন আন্ত:ৰাষ্ট্ৰীয় মেচত ভাগ লয়। উল্লেখ্য যে ইটালীৰ ইউৰো ২০২০ জয়ত অন্যতম ভূমিকা পালন কৰিছিল চিয়েলিনিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ