--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গৰু বজাৰত আৰক্ষী প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা। জানিব পৰা মতে, মালিকীস্বত্বক লৈ হোৱা বিবাদৰ বাবে পশু বজাৰত ১৪৪ ধাৰা‌ জাৰি কৰা হৈছে ।এই কথা নিশ্চিত কৰে ঠাকুৰগাঁও( উত্তৰ বাংলাদেশৰ ৰংপুৰ সংমণ্ডলৰ এখন চহৰ ) সদৰ থানাৰ অ’চি কমল হুছেইনে ।

গৰু বজাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা গুলাম মাভলা চৌধাৰীয়ে কয় যে  "গৰু-ছাগলীৰ বজাৰ বহা ২ একৰ আৰু এক শতাংশ  ঠাই সম্পূৰ্ণ মোৰ মালিকীস্বত্বৰ অধীনত। এই বজাৰৰ পৰা মই  পূৰ্বে এটকাও লোৱা নাছিলোঁ। প্ৰাক্তন সদস্য মিজানুৰ আৰু সভাপতি মুকুট চৌধুৰীৰ জ্যেষ্ঠ ভাতৃয়ে মাইক যোগে উক্ত বজাৰ সম্পৰ্কে ঘোষণা কৰে। মোৰ ঠাইতে পশু বজাৰ এখন স্থাপন কৰিবলৈ মোৰ অনুমতি ল’ব লাগিব৷ এই সন্দৰ্ভত মই যোৱা মাহৰ ২৯ তাৰিখে দণ্ডাধীশৰ আদালতত এজাহাৰ দাখিল কৰিছিলোঁ। দেওবাৰে দণ্ডাধীশৰ আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে বজাৰখনত ১৪৪ ধাৰা জাৰি কৰাৰ নিৰ্দেশ দিয়ে। পাছত আদালতৰ নিৰ্দেশত সদৰ থানাৰ অ’চিয়ে জাননীখন বজাৰত ওলোমাই দিয়ে। "

ইফালে ঠাকুৰগাঁৱৰ বিভিন্ন পশু বজাৰত কুৰবানী পশুৰ ক্ৰয়-বিক্ৰয়ৰ বাবে অতিৰিক্ত টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। বজাৰ খনৰ বিভিন্ন ভাড়াতীয়াই নিৰ্দিষ্ট হাৰৰ তুলনাত কেইবাগুণ বেছি মূল্য লৈছে বুলিও অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে ক্ষুব্ধ ৰাইজে। বহুতে ঘৰে ঘৰে গৈ গৰু-ছাগলী কিনিবলৈ বাধ্য হৈছে বুলি ক্ৰেতাসকলে জনায়।

জানিব পৰা গৈছে যে সদৰ উপজিলাৰ ডাঙৰ ডাঙৰ গৰু বজাৰ বোৰৰ ভিতৰত খোচাবাৰী হাট, চৌধুৰী হাট, গৰেয়া হাট, ছেনুয়া, শিৱগঞ্জ, মাদৰগঞ্জ ফৰাবাৰীকে ধৰি বিভিন্ন বজাৰত পট্টাধাৰীয়ে অতিৰিক্ত খাজনা সংগ্ৰহ কৰি আছে।

চণ্ডীপুৰ গাঁৱৰ পৰা গৰেয়া হাটত গৰু কিনিবলৈ অহা মইনুল  ইছলামে অভিযোগ কৰে যে গৰুৰ দামত কোনো সমস্যা নাই।সমস্যা কেৱল অতিৰিক্ত ভাড়া বা খাজনা সংগ্ৰহ কৰাক লৈহে। যদিও চৰকাৰী হাৰ প্ৰতিতো গৰুৰ বাবে ২৩০ টকা নিৰ্ধাৰণ কৰা হৈছে, কিন্তু সেই বজাৰখনত  ৫০০ টকা সংগ্ৰহ কৰা হৈছে। প্ৰতিটো গৰুৰ বাবে ২৭০ টকা অধিক ধন সংগ্ৰহ কৰা হৈছে, যিটো সংগ্ৰহৰ ৰচিদত উল্লেখ কৰা হোৱা নাই। আনহাতে এই অনিয়মৰ বিষয়ে জানিব বিচাৰিলেও কোনেও সঠিক উত্তৰ দিব নোৱাৰে বুলি ভুক্তভোগী মইনুল  ইছলামে  উল্লেখ কৰিছে।

চৌধুৰীৰ বজাৰত ছাগলী কিনিবলৈ অহা জুৱেল নামৰ আন এজন ক্ৰেতাই কয়  একেদৰে বজাৰসমূহত ছাগলীৰ বাবে অধিক ধন লোৱা হৈছে। ছাগলীৰ খাজনা  ৯০ টকা যদিও প্ৰতিতো ছাগলীৰ বাবে লোৱা হৈছে ১৫০ৰ পৰা ২০০ টকা।

"বজাৰৰ ভাড়াতীয়াসকলৰ সৈতে অতিৰিক্ত খাজনা সংগ্ৰহৰ বিষয়ে কথা পাতোতে তেওঁলোকে সঠিক উত্তৰ নিদিলে। " - উক্ত মন্তব্য আগবঢ়ালে সদৰ উপজিলাৰ কাৰ্যবাহী বিষয়া (ইউএনঅ’) আবু তাহেৰে । পশু বজাৰত জাৰি কৰা হ'ল ১৪৪ ধাৰা!
   
গৰু বজাৰত আৰক্ষী প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা। জানিব পৰা মতে, মালিকীস্বত্বক লৈ হোৱা বিবাদৰ বাবে পশু বজাৰত ১৪৪ ধাৰা‌ জাৰি কৰা হৈছে ।এই কথা নিশ্চিত কৰে ঠাকুৰগাঁও( উত্তৰ বাংলাদেশৰ ৰংপুৰ সংমণ্ডলৰ এখন চহৰ ) সদৰ থানাৰ অ’চি কমল হুছেইনে ।

গৰু বজাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা গুলাম মাভলা চৌধাৰীয়ে কয় যে  "গৰু-ছাগলীৰ বজাৰ বহা ২ একৰ আৰু এক শতাংশ  ঠাই সম্পূৰ্ণ মোৰ মালিকীস্বত্বৰ অধীনত। এই বজাৰৰ পৰা মই  পূৰ্বে এটকাও লোৱা নাছিলোঁ। প্ৰাক্তন সদস্য মিজানুৰ আৰু সভাপতি মুকুট চৌধুৰীৰ জ্যেষ্ঠ ভাতৃয়ে মাইক যোগে উক্ত বজাৰ সম্পৰ্কে ঘোষণা কৰে। মোৰ ঠাইতে পশু বজাৰ এখন স্থাপন কৰিবলৈ মোৰ অনুমতি ল’ব লাগিব৷ এই সন্দৰ্ভত মই যোৱা মাহৰ ২৯ তাৰিখে দণ্ডাধীশৰ আদালতত এজাহাৰ দাখিল কৰিছিলোঁ। দেওবাৰে দণ্ডাধীশৰ আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে বজাৰখনত ১৪৪ ধাৰা জাৰি কৰাৰ নিৰ্দেশ দিয়ে। পাছত আদালতৰ নিৰ্দেশত সদৰ থানাৰ অ’চিয়ে জাননীখন বজাৰত ওলোমাই দিয়ে। "

ইফালে ঠাকুৰগাঁৱৰ বিভিন্ন পশু বজাৰত কোৰবানি পশুৰ ক্ৰয়-বিক্ৰয়ৰ বাবে অতিৰিক্ত টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। বজাৰ খনৰ বিভিন্ন ভাড়াতীয়াই নিৰ্দিষ্ট হাৰৰ তুলনাত কেইবাগুণ বেছি মূল্য লৈছে বুলিও অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে ক্ষুব্ধ ৰাইজে। বহুতে ঘৰে ঘৰে গৈ গৰু-ছাগলী কিনিবলৈ বাধ্য হৈছে বুলি ক্ৰেতাসকলে জনায়।

জানিব পৰা গৈছে যে সদৰ উপজিলাৰ ডাঙৰ ডাঙৰ গৰু বজাৰ বোৰৰ ভিতৰত খোচাবাৰী হাট, চৌধুৰী হাট, গৰেয়া হাট, ছেনুয়া, শিৱগঞ্জ, মাদৰগঞ্জ ফৰাবাৰীকে ধৰি বিভিন্ন বজাৰত পট্টাধাৰীয়ে অতিৰিক্ত খাজনা সংগ্ৰহ কৰি আছে।

চণ্ডীপুৰ গাঁৱৰ পৰা গৰেয়া হাটত গৰু কিনিবলৈ অহা মইনুল  ইছলামে অভিযোগ কৰে যে গৰুৰ দামত কোনো সমস্যা নাই।সমস্যা কেৱল অতিৰিক্ত ভাড়া বা খাজনা সংগ্ৰহ কৰাক লৈহে। যদিও চৰকাৰী হাৰ প্ৰতিতো গৰুৰ বাবে ২৩০ টকা নিৰ্ধাৰণ কৰা হৈছে, কিন্তু সেই বজাৰখনত  ৫০০ টকা সংগ্ৰহ কৰা হৈছে। প্ৰতিটো গৰুৰ বাবে ২৭০ টকা অধিক ধন সংগ্ৰহ কৰা হৈছে, যিটো সংগ্ৰহৰ ৰচিদত উল্লেখ কৰা হোৱা নাই। আনহাতে এই অনিয়মৰ বিষয়ে জানিব বিচাৰিলেও কোনেও সঠিক উত্তৰ দিব নোৱাৰে বুলি ভুক্তভোগী মইনুল  ইছলামে  উল্লেখ কৰিছে।

চৌধুৰীৰ বজাৰত ছাগলী কিনিবলৈ অহা জুৱেল নামৰ আন এজন ক্ৰেতাই কয়  একেদৰে বজাৰসমূহত ছাগলীৰ বাবে অধিক ধন লোৱা হৈছে। ছাগলীৰ খাজনা  ৯০ টকা যদিও প্ৰতিতো ছাগলীৰ বাবে লোৱা হৈছে ১৫০ৰ পৰা ২০০ টকা।

"বজাৰৰ ভাড়াতীয়াসকলৰ সৈতে অতিৰিক্ত খাজনা সংগ্ৰহৰ বিষয়ে কথা পাতোতে তেওঁলোকে সঠিক উত্তৰ নিদিলে। " - উক্ত মন্তব্য আগবঢ়ালে সদৰ উপজিলাৰ কাৰ্যবাহী বিষয়া (ইউএনঅ’) আবু তাহেৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি